NORTHEAST NOW (Assamese)

আশাৰ বতৰা! দেশত নিম্নগামী হৈছে কৰ’না আক্ৰান্তৰ সংখ্যা; আৰোগ্যৰ হাৰো বৃদ্ধি

May 16, 2021 12:28 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’না সংক্ৰমণৰ ঘটনা একেৰাহে তিনিদিন ধৰি কিছু নিম্নগামী হৈ আছে। সেইদৰে দেশত কৰ’না আৰোগ্যৰ হাৰো বৃদ্ধি পাইছে। কৰ’নাৰ বৰ্তমান পৰিস্থিতিত এয়া এক আশাৰ বতৰা বুলি ক’ব পাৰি।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩ লাখ ১১ হাজাৰ ১৭০ জন লোক।

শনিবাৰৰ তুলনাত বহুখিনি কমিছে আক্ৰান্তৰ সংখ্যা। শনিবাৰে আক্ৰান্ত হৈছিল ৩ লাখ ২৬হাজাৰ ৯৮ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় ২কোটি ৪৬লাখ ৮৪হাজাৰ ৭৭জনলৈ বৃদ্ধি পাইছে।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৪ হাজাৰ ৭৭ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ২লাখ ৭০ হাজাৰ ২৮৪ জন।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৩লাখ ৬২ হাজাৰ ৪৩৭ জন ৰোগীয়ে। সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ২কোটি ৭লাখ ৯৫হাজাৰ ৩৩৫জন লোক।

আনহাতে, বৰ্তমানেও দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৩৬লাখ ১৮হাজাৰ ৪৫৮জন।

বৰ্তমানলৈ দেশত ১৮কোটি ২২ লাখ ২০ হাজাৰ ১৬৪ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আশাৰ কথাটো হৈছে যে যোৱা কেইদিন ধৰি দৈনিক আক্ৰান্তৰ সংখ্যা ৪লাখৰ তলত আছে। তদুপৰি আৰোগ্যৰ হাৰো যথেষ্টখিনি বৃদ্ধি পাইছে।

Related News