দেশত ক’ৰ’নাই সংহাৰৰ সৃষ্টি কৰি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পোষ্টাৰিং কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল ২৫ জনক লোক।
দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ পৰা পোষ্টাৰঙিৰ খবৰ পোৱাৰ পিছতে আৰক্ষী সষ্টম হৈ পৰে আৰু ৰাজধানী চহৰ খনৰ বিভিন্ন অঞ্চলৰ পৰা ২৫ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত কাঠমিস্ত্ৰীৰ পৰা আৰম্ভ কৰি ই-ৰিক্সা চালক পৰ্যন্ত আছে।
আৰক্ষীৰ জিম্মাত থকা লোকসকল বিভিন্ন বয়সৰ বুলিও জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে আজি এগৰাকী ৬১ বছৰীয়া কাঠ মিস্ত্ৰীক গ্ৰেপ্তাৰ কৰে।
কিন্তু গ্ৰেপ্তৰ হোৱা লোক কেইজনে দিল্লীৰ কিছু অংশত আঁৰি দিয়া পোষ্টাৰতনো লিখা আছিল কি? পোষ্টাৰত লিখা কথা খিনিৰ অসমীয়া ভাবাৰ্থ হৈছে এনেধৰণৰ—মোদী মহোদয় আমাৰ সন্তানৰ বাবে থকা ভেকচিন কিয় বিদেশলৈ পঠিয়ালে।
এই কথা খিনি লিখা পোষ্টাৰৰ বাবেই আৰক্ষীয়ে ২৫ জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ কথাই এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ ভিতৰত প্ৰায় কেইজনেই দৈনিক হাজিৰা কৰা ব্যক্তি। উল্লেখ্য দেশত দুবিধকৈ কোভিড ভেকচিন উৎপাদৰ পিছতে ভাৰত চৰকাৰে বাহিৰৰ কেইবাখনো দেশলৈ ভাৰতত উৎপাদিত ভেকচিন ৰপ্তানি কৰিছিল।
প্ৰোক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে আজি দেশৰ বিভিন্ন কাকতত প্ৰকাশিত তেওঁৰ স্তম্ভলেখাতো এই বুলি উল্লেখ কৰিছে যে ২০২১ চনৰ মাৰ্চ মাহ পৰ্যন্ত ভাৰতে বিদেশলৈ ভেকচিন ৰপ্তানি কৰি আছিল।
২০২১ চনৰ ২৯ মাৰ্চৰ দিনাহে ভাৰতে ভেকচিন ৰপ্তানি কৰা বন্ধ কৰিছিল। তেতিয়ালৈকে ভাৰতত উৎপাদিত ৫.৮ কোটি ভেকচিন ৰপ্তানি কৰা হৈ গৈছিল।
এনেবোৰ বিষয়ৰ বাবেই হয়তো লোক কেইজনে তেনে পোষ্টাৰ আঁৰিছিল বুলি বহুতে মন্তব্য কৰিছে।
হয়তো সেই পোষ্টাৰ কোনোৱাই চপাই দৈনিক হাজিৰা কৰা লোক কেইজনক আঁৰিবলৈ নিয়োগ কৰিছিল বুলিও বহুতে মন্তব্য কৰিছে।