NORTHEAST NOW (Assamese)

সাময়িক সকাহ! দেশত সামান্য হ্ৰাস পালে কৰ’না আক্রান্ত আৰু মৃত্যুৰ সংখ্যা

May 14, 2021 11:57 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’না সংক্ৰমণৰ কিছু নিম্নগামী হৈছে যদিও দেশৰ কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এয়া এক সাময়িক সকাহ বুলিহে ক’ব পাৰি। কিয়নো ধাৰাবাহিকভাৱে কৰ’না সংক্ৰমণৰ হাৰ নিম্নগামী হোৱাটো এতিয়াও দেখিবলৈ পোৱা হোৱা নাই।

যোৱা ২৪ ঘন্টাত দেশত কৰ’না সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ তুলনাত কিছু হ্ৰাস পাইছে। সেইদৰে মৃত্যুৰ সংখ্যাও কমিছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩ লাখ ৪৩হাজাৰ ১৪৪ জন লোক।

বৃহস্পতিবাৰৰ তুলনাত বহুখিনি কমিছে আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে আক্ৰান্ত হৈছিল ৩ লাখ ৬২হাজাৰ ৭২৭ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ২কোটি ৪০লাখ ৪৬হাজাৰ ৮০৯জনলৈ বৃদ্ধি পাইছে।

সেইদৰে যোৱা ২৪ ঘণ্টাত দেশত ৪ হাজাৰ কোভিড আক্ৰান্তৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ২লাখ ৬২ হাজাৰ ৩১৭ জন।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৩লাখ ৪৪ হাজাৰ ৭৭৬ জন ৰোগীয়ে। সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ২কোটি ৭৯ হাজাৰ ৫৯৯ জন লোক।

আনহাতে, বৰ্তমানেও দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৩৭লাখ ৪ হাজাৰ ৮৩৯জন।

বৰ্তমানলৈ দেশত ১৭কোটি ৯২ লাখ ৯৮ হাজাৰ ৫৮৪ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

ইপিনে, কৰ’নাৰ দ্বিতীয়টো ঢৌৰ সন্ত্ৰাসৰ মাজতে বিশেষজ্ঞসকলে তৃতীয় ঢৌৰ আশংকা প্ৰকাশ কৰিছে। চলিত বছৰৰ মাজভাগতে দেশত তৃতীয় ঢৌ আহি পৰাৰ সম্ভাৱনাও ব্যক্ত কৰিছে।

Related News