আশাই মেলিছে পোখা! দেশত যোৱা ২৪ ঘন্টাত বিগত ৫৪ দিনৰ ভিতৰত সৰ্বনিম্ন কৰ’নাৰ সংক্ৰমণ

Third COVID-19 wave may not happen if we take strong measures, says Centre

প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত বিগত ৫৪ দিনৰ ভিতৰত আটাইতকৈ সৰ্বনিম্ন হৈছে দৈনিক সংক্ৰমণৰ ঘটনা। সেইদৰে সক্ৰিয় ৰোগীৰ সংখ্যাও যথেষ্ট হ্ৰাস পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দাঙি ধৰা পৰিসংখ্যাই দেশত কৰ’নাৰ সংক্ৰমণ নিম্নমুখী হোৱাটো নিশ্চিত কৰিছে আৰু স্বাভাৱিকতে ই এক আশাৰ বতৰা কঢ়িয়াই আনিছে।

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ২৭ হাজাৰ ৫১০ জন লোক।

সোমবাৰে দেশত ক’ৰ’নাত মুঠ আক্ৰান্ত হৈছিল ১ লাখ ৫২হাজাৰ ৭৩৪ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২কোটি ৮১লাখ ৭৫ হাজাৰ ৪৪জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২হাজাৰ ৭৯৫ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

সোমবাৰে দেশত ৩ হাজাৰ ১২৮ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৩১ হাজাৰ ৮৯৫জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতা মুঠ ৰোগীৰ সংখ্যা হৈছে ২লাখ ৫৫হাজাৰ ২৮৭জন।

সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ২কোটি ৫৯ লাখ ৪৭হাজাৰ ৬২৯জন লোক।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১৮লাখ ৯৫হাজাৰ ৫২০জন।

বৰ্তমানলৈ দেশত ২১কোটি ৬০ লাখ ৪৬হাজাৰ ৬৩৮জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বিশেষজ্ঞসকলৰ একাংশৰ মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ পথত আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।

আনহাতে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকাও কৰিছে বিশেষজ্ঞসকলে।