NORTHEAST NOW (Assamese)

মানৱীয় সহায়: পাকিস্তানৰ মাজেৰে আফগানিস্তানলৈ তৃতীয় বাৰৰ বাবে ঘেঁহু প্ৰেৰণ ভাৰতৰ

March 9, 2022 8:17 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 9, 2022 8:18 am

তালিবানে আফগানিস্তান দখল কৰি লোৱাৰ পিছতে দেশখনৰ লাখ লাখ লোকে খাদ্যৰ সংকটত ভোগা বুলি বাতৰি প্ৰচাৰ হৈছিল। এই বাতৰিয়ে সমগ্ৰ বিশ্বত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল।

এনে সময়তে তালিবানৰ দখললৈ যোৱা আফগানিস্তানলৈ বিশ্বৰ বহু কেইখন দেশৰ লগতে ভাৰতেও মানৱীয় সাহায্য হিচাবে ঘেঁহু প্ৰেৰণ কৰিছিল।

ভাৰতে মঙলবাৰে খাদ্যৰ অভাৱত ভুগি থকা আফগান লোকসকলক মানৱীয় সাহায্যৰ অংশ হিচাপে পাকিস্তানৰ স্থল পথৰ জৰিয়তে ২,০০০ মেট্ৰিক টন ঘেঁহুৰ আফগানিস্তানলৈ প্ৰেৰণ কৰে।

এইদৰে তৃতীয় বাৰৰ বাবে পাকিস্তানৰ মাজেৰে দেশখনলৈ ভাৰতে ঘেঁহু প্ৰেৰণ কৰিলে। ইয়াৰ পূৰ্বে ২২ ফেব্ৰুৱাৰীত আফগানিস্তানলৈ ২,৫০০ মেট্ৰিক টন ঘেঁহু প্ৰেৰণ কৰিছিল আৰু ২৬ ফেব্ৰুৱাৰীত আফগান চহৰ জালালাবাদত উপস্থিত হৈছিল।

এই মাহৰ আৰম্ভণিতে ভাৰতে দ্বিতীয় বাৰৰ বাবে আফগানিস্তানলৈ ২,০০০ মেট্ৰিক টন ঘেঁহু প্ৰেৰণ কৰিছিল।

“আফগান জনসাধাৰণক সমৰ্থন কৰাৰ বাবে আমাৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে। আজি ২০০০ মেট্ৰিক টন ঘেঁহু কঢ়িয়াই নিয়া ভাৰতৰ মানৱীয় সহায়ৰ তৃতীয় কনভয় আফগানিস্তানৰ জালালাবাদলৈ ৰাওনা হৈছে।” ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট যোগে কয়।

 

উল্লেখ্য যে ভাৰতে যোৱা বৰ্ষৰ ৭ অক্টোবৰত পাকিস্তানৰ মাজেৰে আফগানিস্তানলৈ ৫০,০০০ টন ঘেঁহু প্ৰেৰণ কৰাৰ বাবে পৰিবহন সুবিধা বিচাৰি পাকিস্তানলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

ইয়াৰ পিছতে ২৪ নৱেম্বৰত ভাৰতৰ এই প্ৰস্তাৱত ইছলামাবাদে ইতিবাচক সঁহাৰি জনাইছিল।

কিছুদিন পূৰ্বে তালিবানৰ এজন নেতাই ভাৰতে প্ৰেৰণ কৰা ঘেঁহুৰ মানৰ উচ্চ প্ৰশংসা কৰিছিল।

ভাইৰেল হোৱা এটা ভিডিঅ’ত তালিবান নেতাজনে কয়, “আফগান জনসাধাৰণক নিৰন্তৰ সমৰ্থন জনোৱাৰ বাবে ভাৰতক ধন্যবাদ। আমাৰ ভাৰতৰে অনুকূল সম্পৰ্ক চিৰদিন থাকিব।”

Related News