বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ দল ঘোষণা; প্ৰথমবাৰ দেশৰ জাৰ্চিত মায়ংক যাদৱ, আছে ৰিয়ানো

শনিবাৰে বাংলাদেশৰ বিৰুদ্ধে টি-২০ ছিৰিজৰ দল ঘোষণা কৰে বিচিচিআইয়ে। ৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত-বাংলাদেশৰ টি-২০ শৃংখলা। দুয়োটা দলে তিনিখন টি-২০ মেচ খেলিব।

মায়ংক যাদৱক প্ৰথমবাৰৰ বাবে জাতীয় দললৈ আমন্ত্ৰণ জনোৱা হয়। তিনি বছৰৰ মূৰত পুনৰ জাতীয় দললৈ উভতি আহিছে বৰুণ চক্ৰৱৰ্তী। দলটোত আছে- সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, ৰিয়ান পৰাগ, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণোই, বৰুণ চক্ৰৱৰ্তী, জিতেশ শৰ্মা (উইকেটকীপাৰ), অৰ্শদীপ সিং, হৰ্ষিত ৰাণা আৰু মায়ংক যাদৱ।

ভালেমান দিনৰ মূৰত পুনৰ জাতীয় দললৈ উভতি আহিছে হাৰ্দিক পাণ্ডিয়া। কিন্তু তেওঁ অধিনায়কত্ব ঘূৰাই পোৱা নাই। ৰোহিত শৰ্মাই টি-২০ ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ পিছত এই ফৰ্মেটত অধিনায়ক হিচাপে সূৰ্য্যকুমাৰৰ ওপৰতে নিৰ্বাচকসকলে ভৰসা ৰাখিছে।

এইবাৰৰ আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ প্ৰথমবাৰৰ বাবে খেলাৰ সুযোগ পোৱাৰ পিছতে মায়ংকে এক চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাইছিল। পঞ্জাব কিংছৰ বিৰুদ্ধে আই পি এলৰ অভিষেকত মায়ংকে ২৭ ৰানত ৩টা উইকেট দখল কৰে। আই পি এলত অভিষেক মেচতে তেওঁ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। সেই মেচখনত লক্ষ্ণৌৱে ২১ ৰানত জয়লাভ কৰে।

এই ২২ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে আই পি এলত অভিষেক ছিজনত ৪খন মেচ খেলি গড়ে ১২.১৪ আৰু ইকনমি ৰেট ৬.৯৮-ৰে ৭টা উইকেট দখল কৰে। বাকী মেচবোৰত আঘাতৰ বাবে খেলিব নোৱাৰিলে মায়ংকে। অৱশ্যে তেওঁ দেখুওৱা প্ৰদৰ্শনৰ বাবে জাতীয় দললৈ আমন্ত্ৰণ পালে।

ইপিনে, খেলপথাৰৰ বাহিৰত ব্যক্তিগত সমস্যা নিষ্পত্তি কৰাৰ পিছত হাৰ্দিকে পুনৰ ছন্দলৈ ঘুৰি অহাৰ লক্ষ্য ৰাখিছে। এই অল ৰাউণ্ডাৰগৰাকীয়ে কিছুদিন ধৰি জাতীয় দলৰ হৈ খেলা নাই। এইবাৰ বাংলাদেশৰ বিৰুদ্ধে ভাল প্রদর্শন প্রদর্শন কৰি টেষ্ট শৃংখলাতো জাতীয় দললৈ ঘূৰি অহাৰ লক্ষ্য লৈছে হার্দিকে৷