জয়ৰ লক্ষ্য আছিল মাত্ৰ ২৩১ ৰান। ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰৰ ভাৰতীয় দলটোৱে দুৰ্বল শ্ৰীলংকাৰ বিৰুদ্ধে সহজেই জয়লাভ কৰিব বুলি আশা কৰা হৈছিল। কিন্তু সেয়া নহ’ল। শুকুৰবাৰে কলম্বোত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া খেলখন অমীমাংসিতভাৱে (টাই) সমাপ্ত হয়।
শেষৰপিনে শিৱম ডুবে আৰু অৰ্শদীপ সিঙে শীতল মস্তিস্ক বজাই ৰাখিব নোৱাৰি উইকেট নিক্ষেপ কৰে। টি-২০ বিশ্বকাপৰ পাছত প্ৰথমবাৰৰ বাবে খেলি বিৰাট কোহলীয়ে ৰান কৰিব নোৱাৰিলে। অৱশ্যে ৰোহিতে অৰ্ধশতক অৰ্জন কৰে।
শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰে। কিন্তু ডাঙৰ যুটি কেতিয়াও বান্ধিব নোৱাৰিলে। তৃতীয় অভাৰত অৰ্শদীপে অ’পেনাৰ আৱিষ্কা ফাৰ্নাণ্ডো (১)ক ঘূৰাই পঠিয়ায়। প্ৰায় দহ অভাৰৰ অন্তত শ্ৰীলংকাৰ দ্বিতীয়টো উইকেটৰ পতন ঘটে। এইবাৰ শিৱমে কুশল মেণ্ডিছক (১৪) ঘূৰাই পঠিয়ায়। সাদিৰা সমৰবিক্ৰমেও ৰান নাপালে (৮)। অৱশ্যে অ’পেনাৰ পাথুম নিছাংকে (৫৬) অৰ্ধশতক অৰ্জন কৰে। কিন্তু শ্ৰীলংকাই ২০০ ৰান অতিক্ৰম কৰিব যেন লগা নাছিল।
লগতে পঢ়কঃ নিৰ্বাচনী বণ্ডত দুৰ্নীতি বিচাৰি উলিওৱাৰ তদন্ত নহয়- SIT গঠনৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
শেষৰ পিনে নামি ডুনিটে ৱেলালেজৰ ভাল খেলিলে। তেওঁ ৭টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৬৫টা বলত ৬৭ ৰান সংগ্ৰহ কৰে। যোগ্য সংগ দিয়ে ৱানিন্দু হাছৰং (২৪)য়ে। শেষত শ্ৰীলংকাই ৮ উইকেটত ২৩০ ৰানত থমকি ৰয়।
ভাৰতে ভাল আৰম্ভণি কৰিছিল। প্ৰথম উইকেটত ৭৫ ৰান সংগ্ৰহ কৰে। শুভমন গিল ১৬ ৰানত আউট হয়। ঠিক যোৱা বছৰৰ এদিনীয়া বিশ্বকাপৰ দৰেই ৰোহিতে আগ্ৰাসীভাৱে আৰম্ভণি কৰিছিল। কোনো শ্ৰীলংকাৰ বলাৰক ৰেহাই দিয়া নাছিল। কোহলীয়ে তাত কিছু সময় খেল ধৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মনোযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছিল। অৱশ্যে ক্ৰীজত বেছি সময় থাকিব নোৱাৰিলে। হাছৰংগাৰ বলত ২৪ ৰান কৰি উভতি যায়।
গৌতম গম্ভীৰে শ্ৰেয়াছৰ সলনি চাৰি নম্বৰত ৱাশ্বিংটন সুন্দৰক আনি আক্ৰমণাত্মক খেলাৰ চেষ্টা কৰিছিল। কিন্তু কাম নহ’ল। ৱাশ্বিংটনে ৪ বলত ৫ ৰান সংগ্ৰহ কৰে। পাঁচ নম্বৰত নামি শ্ৰেয়াছেও বিশেষ একো কৰিব নোৱাৰিলে। ২৩ ৰানতে পেভলিয়নলৈ উভতিল। ১৩২ ৰানত ৫ টা উইকেট হেৰুৱাই ভাৰতে যথেষ্ট চাপত পৰিছিল।
লগতে পঢ়কঃ মৰিয়াই মৰিয়াই মাটিত পুতি থোৱা যুৱকৰ প্ৰাণ বচালে পথৰ ভতুৱা কুকুৰে : কিন্তু কেনেকৈ?
তাৰ পৰাই কে এল ৰাহুল আৰু অক্ষৰ পেটেলে খেলখন ঘূৰাই আনিবলৈ চেষ্টা আৰম্ভ কৰে। লক্ষ্য বেছি নহয় বাবে দুয়োজনে খেলখন ধৰি ৰাখি আগবঢ়াৰ চেষ্টা চলালে। দুয়োজনে ৫৭ ৰানৰ যুটী বান্ধে। আনকি ৰাহুল (৩১) আৰু অক্ষৰ (৩৩)ক আউট কৰাৰ পাছতো ভাৰতে জয়লাভ কৰিব বুলি ভাৱ হৈছিল। কাৰণ শিৱম তেতিয়াও ক্ৰীজত আছিল।
A thrilling start to the #SLvIND ODI series.
The First ODI ends in a tie.
Scorecard ▶️ https://t.co/4fYsNEzggf#TeamIndia pic.twitter.com/ILQvB1FDyk
— BCCI (@BCCI) August 2, 2024
শেষত ৰানৰ গতি বৃদ্ধি কৰি মেচখন ভাৰতৰ নিয়ন্ত্ৰণলৈ আনে। কিন্তু তেওঁ নিজৰ স্নায়ুচাপ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। হাতত ১৮টা বল থকাৰ পিছতো অকাৰণতে ডাঙৰ শ্বট খেলিবলৈ গৈ আউট হৈ আহিল। অৰ্শদীপ সিঙে আৰু বেয়া খেল খেলিলে। ভাৰতক জয়ী হ’বলৈ মাত্ৰ এটা ৰানৰ প্ৰয়োজন আছিল। প্ৰথমটো বলতে তেওঁ আঁঠুকাঢ়ি বহি হাছৰংগাক কোবাবলৈ গ’ল। বেটত বল লগা নাছিল। DRS গ্ৰহণ কৰাৰ পিছত এলবিডব্লিউ হয় অৰ্শদীপ।