• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বকাপৰ ছন্দ হেৰাল! ব্যৰ্থ কোহলী, শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন এদিনীয়া মেচ হ’ল টাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2024 7:57 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়ৰ লক্ষ্য আছিল মাত্ৰ ২৩১ ৰান। ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰৰ ভাৰতীয় দলটোৱে দুৰ্বল শ্ৰীলংকাৰ বিৰুদ্ধে সহজেই জয়লাভ কৰিব বুলি আশা কৰা হৈছিল। কিন্তু সেয়া নহ’ল। শুকুৰবাৰে কলম্বোত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া খেলখন অমীমাংসিতভাৱে (টাই) সমাপ্ত হয়।

শেষৰপিনে শিৱম ডুবে আৰু অৰ্শদীপ সিঙে শীতল মস্তিস্ক বজাই ৰাখিব নোৱাৰি উইকেট নিক্ষেপ কৰে। টি-২০ বিশ্বকাপৰ পাছত প্ৰথমবাৰৰ বাবে খেলি বিৰাট কোহলীয়ে ৰান কৰিব নোৱাৰিলে। অৱশ্যে ৰোহিতে অৰ্ধশতক অৰ্জন কৰে।

শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰে। কিন্তু ডাঙৰ যুটি কেতিয়াও বান্ধিব নোৱাৰিলে। তৃতীয় অভাৰত অৰ্শদীপে অ’পেনাৰ আৱিষ্কা ফাৰ্নাণ্ডো (১)ক ঘূৰাই পঠিয়ায়। প্ৰায় দহ অভাৰৰ অন্তত শ্ৰীলংকাৰ দ্বিতীয়টো উইকেটৰ পতন ঘটে। এইবাৰ শিৱমে কুশল মেণ্ডিছক (১৪) ঘূৰাই পঠিয়ায়। সাদিৰা সমৰবিক্ৰমেও ৰান নাপালে (৮)। অৱশ্যে অ’পেনাৰ পাথুম নিছাংকে (৫৬) অৰ্ধশতক অৰ্জন কৰে। কিন্তু শ্ৰীলংকাই ২০০ ৰান অতিক্ৰম কৰিব যেন লগা নাছিল।

Apply Now

লগতে পঢ়কঃ নিৰ্বাচনী বণ্ডত দুৰ্নীতি বিচাৰি উলিওৱাৰ তদন্ত নহয়- SIT গঠনৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

শেষৰ পিনে নামি ডুনিটে ৱেলালেজৰ ভাল খেলিলে। তেওঁ ৭টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৬৫টা বলত ৬৭ ৰান সংগ্ৰহ কৰে। যোগ্য সংগ দিয়ে ৱানিন্দু হাছৰং (২৪)য়ে। শেষত শ্ৰীলংকাই ৮ উইকেটত ২৩০ ৰানত থমকি ৰয়।

ভাৰতে ভাল আৰম্ভণি কৰিছিল। প্ৰথম উইকেটত ৭৫ ৰান সংগ্ৰহ কৰে। শুভমন গিল ১৬ ৰানত আউট হয়। ঠিক যোৱা বছৰৰ এদিনীয়া বিশ্বকাপৰ দৰেই ৰোহিতে আগ্ৰাসীভাৱে আৰম্ভণি কৰিছিল। কোনো শ্ৰীলংকাৰ বলাৰক ৰেহাই দিয়া নাছিল। কোহলীয়ে তাত কিছু সময় খেল ধৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মনোযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছিল। অৱশ্যে ক্ৰীজত বেছি সময় থাকিব নোৱাৰিলে। হাছৰংগাৰ বলত ২৪ ৰান কৰি উভতি যায়।

গৌতম গম্ভীৰে শ্ৰেয়াছৰ সলনি চাৰি নম্বৰত ৱাশ্বিংটন সুন্দৰক আনি আক্ৰমণাত্মক খেলাৰ চেষ্টা কৰিছিল। কিন্তু কাম নহ’ল। ৱাশ্বিংটনে ৪ বলত ৫ ৰান সংগ্ৰহ কৰে। পাঁচ নম্বৰত নামি শ্ৰেয়াছেও বিশেষ একো কৰিব নোৱাৰিলে। ২৩ ৰানতে পেভলিয়নলৈ উভতিল। ১৩২ ৰানত ৫ টা উইকেট হেৰুৱাই ভাৰতে যথেষ্ট চাপত পৰিছিল।

লগতে পঢ়কঃ মৰিয়াই মৰিয়াই মাটিত পুতি থোৱা যুৱকৰ প্ৰাণ বচালে পথৰ ভতুৱা কুকুৰে : কিন্তু কেনেকৈ?

তাৰ পৰাই কে এল ৰাহুল আৰু অক্ষৰ পেটেলে খেলখন ঘূৰাই আনিবলৈ চেষ্টা আৰম্ভ কৰে। লক্ষ্য বেছি নহয় বাবে দুয়োজনে খেলখন ধৰি ৰাখি আগবঢ়াৰ চেষ্টা  চলালে। দুয়োজনে ৫৭ ৰানৰ যুটী বান্ধে। আনকি ৰাহুল (৩১) আৰু অক্ষৰ (৩৩)ক আউট কৰাৰ পাছতো ভাৰতে জয়লাভ কৰিব বুলি ভাৱ হৈছিল। কাৰণ শিৱম তেতিয়াও ক্ৰীজত আছিল।

A thrilling start to the #SLvIND ODI series.

The First ODI ends in a tie.

Scorecard ▶️ https://t.co/4fYsNEzggf#TeamIndia pic.twitter.com/ILQvB1FDyk

— BCCI (@BCCI) August 2, 2024

শেষত ৰানৰ গতি বৃদ্ধি কৰি মেচখন ভাৰতৰ নিয়ন্ত্ৰণলৈ আনে। কিন্তু তেওঁ নিজৰ স্নায়ুচাপ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। হাতত ১৮টা বল থকাৰ পিছতো অকাৰণতে ডাঙৰ শ্বট খেলিবলৈ গৈ আউট হৈ আহিল। অৰ্শদীপ সিঙে আৰু বেয়া খেল খেলিলে। ভাৰতক জয়ী হ’বলৈ মাত্ৰ এটা ৰানৰ প্ৰয়োজন আছিল। প্ৰথমটো বলতে তেওঁ আঁঠুকাঢ়ি বহি হাছৰংগাক কোবাবলৈ গ’ল। বেটত বল লগা নাছিল। DRS গ্ৰহণ কৰাৰ পিছত এলবিডব্লিউ হয় অৰ্শদীপ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd