NORTHEAST NOW (Assamese)

অতিক্ৰম কৰিব ১৫০০ কিলোমিটাৰ! নতুন দীৰ্ঘভেদী হাইপাৰছ’নিক মিছাইলৰ সফল পৰীক্ষা ভাৰতৰ

November 17, 2024 1:17 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আৰু শক্তিশালী হৈ পৰিল ভাৰত। দেওবাৰে ডি আৰ ডি অ’ই দীৰ্ঘ দূৰত্বৰ ছুপাৰছ’নিক ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰে। এই ক্ষেপণাস্ত্ৰই সহজেই ১৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে।

শনিবাৰে ওড়িশা উপকূলৰ পৰা ইয়াক সফলতাৰে উৎক্ষেপণ কৰা হয়। এই পৰীক্ষামূলক উৎক্ষেপণৰ পিছত ভাৰতীয় সেনাৰ অস্ত্ৰভাণ্ডাৰত সংযোজিত হ’ল এক নতুন ‘ব্ৰহ্মস্ত্ৰ’। ইয়াৰ ফলত ভাৰত প্ৰতিৰক্ষাৰ দিশত অধিক শক্তিশালী হ’ল  বুলি ধাৰণা কৰা হৈছে। ই নিঃসন্দেহে ‘শত্ৰু’ দেশক শংকাত ৰাখিব।

লগতে পঢ়কঃ ধনুষৰ বিৰুদ্ধে খঙত জ্বলি উঠিল নয়নতৰা! মুকলি চিঠিৰে দিলে প্ৰত্যুত্তৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্স হেণ্ডেলত লিখিছে, ‘এয়া এক ঐতিহাসিক আৰু এক উল্লেখযোগ্য মুহূৰ্ত, কিয়নো ইয়াৰ দ্বাৰা আমাৰ দেশখন এনে জটিল আৰু অত্যাধুনিক সামৰিক প্ৰযুক্তি ব্যৱহাৰ কৰা কেইখনমান দেশৰ ভিতৰত অন্যতম হৈ পৰিল।

এই হাইপাৰছ’নিক মিছাইলটো কি? সহজ ভাষাত ক’বলৈ গ’লে এই ক্ষেপণাস্ত্ৰৰ গতি ইমানেই বেছি যে ই শব্দৰ গতিতকৈ পাঁচগুণ বেছি বেগেৰে গতি কৰিব পাৰে। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও এই ক্ষেপণাস্ত্ৰৰ বিভিন্ন ডমেইনত পৰীক্ষা কৰা হৈছে। সকলো ক্ষেত্ৰতে ইয়াৰ সফলতা নিশ্চিত হৈছে।

ড০ ড. এ পি জে আব্দুল কালাম মিছাইল কমপ্লেক্সৰ পৰীক্ষাগাৰত নিৰ্মাণ কৰা এই ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ বাবে সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ডি আৰ ডি অ’ইও সহযোগিতা কৰিছে। 

Related News