চীন আৰু ভাৰতৰ মাজত উত্তেজনা চলি থকাৰ মাজতে আজি ভাৰতে পাৰণৱিক শক্তিধৰ মিছাইল শৌৰ্যৰ সফল পৰীক্ষণ সম্পন্ন কৰিবলৈ সক্ষম হয়।
ওড়িশাৰ উপকূলৰ পৰা শব্দতকৈও বেগী এই মিছাইলৰ পৰীক্ষণ কৰা হয় বুলি ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিছে।
শৌৰ্য মিছাইলে ৮০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব।
দেশৰ প্ৰচলিত আন মিছাইল সমূহতকৈ এই মিছাইলৰ ওজন যথেষ্ট কম বুলি বিষয়া গৰাকীয়ে প্ৰকাশ কৰে।
উল্লেখ্য অলপতে ভাৰতে ওড়িশাৰ পৰাই মহাশক্তিশালী ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল।
ওড়িশাৰ বালাচোৰৰ পৰা ভাৰতে এই মিছাইল বিধৰ সফল পৰীক্ষণ কৰিছিল।
ৰাছিয়াৰ সহযোগত ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৪০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।
মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে ব্ৰাহ্মছ মিছাইলত এইবাৰ বুষ্টাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে।
ইয়াৰ ফলত মিছাইলবিধৰ শক্তি ভালেখিনি বৃদ্ধি পাব বুলি তেওঁ কয়।
উল্লেখ্য ব্ৰাহ্মছ মিছাইলৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰা হৈছিল ২০১৭ চনৰ মাৰ্চ মাহত।চলিত বৰ্ষতে এই মিছাইল বিধ ভাৰতীয় বায়ুসেনাৰ সুখয়-৩০ যুদ্ধ বিমানত স্থাপন কৰা হৈছে।
ভাৰতীয় নৌসেনাৰ আইএনএছ ৰাজপুততো এই মিছাইলবিধ স্থাপন কৰা হৈছে বুলি প্ৰতিৰক্ষা দপ্তৰৰ মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে।