ভাৰতত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিৱেশন

International Olympic Committee's session

২০২৩ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ (IOC) অধিৱেশন ভাৰতত অনুষ্ঠিত হ’ব। চীনৰ বেইজিঙত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ ১৩৯ সংখ্যক অধিৱেশনৰ সময়ত ভাৰতে বিনা প্ৰতিদ্বন্দিতাৰে অধিৱেশন আয়োজনৰ স্বত্ব লাভ কৰে।

অলিম্পিকত ভাৰতৰ হৈ ব্যক্তিগত শাখাত প্ৰথম গৰাকী স্বৰ্ণ পদক বিজয়ী খেলুৱৈ অভিনৱ বিন্দ্ৰা, IOC ৰ সদস্য নীতা আম্বানী, ভাৰতীয় অলিম্পিক সংস্থা (IOA) ৰ সভাপতি নৰিন্দৰ বাত্ৰা, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে বেইজিঙত চলি থকা শীতকালীন অলিম্পিকৰ লগতে অনুষ্ঠিত হোৱা ১৩৯ সংখ্যক IOC অধিৱেশনত ভাৰতত অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ উপস্থাপন কৰে।

উল্লেখ্য যে ভাৰতত দ্বিতীয় বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিৱেশন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ১৯৮৩ চনত নতুন দিল্লীত IOC অধিৱেশন আয়োজন কৰিছিল।

গতিকে সুদীৰ্ঘ ৪০ বছৰৰ পিছত ভাৰতত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিৱেশন অনুষ্ঠিত হ’ব। এই অধিৱেশন মুম্বাইত অনুষ্ঠিত হ’ব বুলি চৰকাৰী সূত্ৰই সদৰি কৰিছে।

এই অধিৱেশন হৈছে প্ৰধানত: আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্যসকলৰ সাধাৰণ সভা। এই অধিৱেশন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সৰ্বোচ্চ অঙ্গ। অধিৱেশনত গ্ৰহণ কৰা সিদ্ধান্তসমূহক চূড়ান্ত বুলি বিবেচনা কৰা হয়।

প্ৰত্যেক বছৰত এবাৰকৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সাধাৰণ অধিৱেশন অনুষ্ঠিত হয়। আনহাতে সভাপতিৰ দ্বাৰা বা কমেও এক-তৃতীয়াংশ সদস্যৰ লিখিত অনুৰোধৰ ওপৰত বিশেষ অধিৱেশনৰ আহ্বান কৰা হ’ব পাৰে।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ ভোটদানৰ অধিকাৰ থকা মুঠ ১০১ জন সদস্য আছে। ইয়াৰ উপৰিও, ৪৫ জন সন্মানীয় সদস্য আৰু আন এজন সন্মানীয় সদস্য আছে। অৱশ্যে এইসকল সদস্যৰ ভোটদানৰ অধিকাৰ নাই।

সদস্যসকলৰ উপৰিও ৫০ টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ জ্যেষ্ঠ প্ৰতিনিধি (প্ৰধানত: সভাপতি আৰু মহাসচিব)- এ অধিৱেশনত অংশগ্ৰহণ কৰে।