দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৯ অনুৰ্ধৰ ভাৰতীয় ক্ৰিকেট দলৰ চমকপ্ৰদ বিজয়

india_u_19_cricketers_celebrate_a_wicket_getty_images__1577435200

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ ১৯ অনুৰ্ধৰ ক্ৰিকেট ছিৰিজৰ প্ৰথমখন খেলৰ এটি দৃশ্য।

ভাৰতৰ ১৯ অনুৰ্ধৰ ভাৰতীয় ক্ৰিকেট দলটোৱে দমনীয় খেল প্ৰদৰ্শন কৰি প্ৰথমখন এদিনীয়া খেলত বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাজিত কৰে।

প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাৰ ১৯ অনুৰ্ধৰ যুৱ দলটোৱে ৪৮.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮৭ ৰাণ সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত ভাৰতীয় যুৱ দলটোৱে এটা মাত্ৰ উইকেট সংগ্ৰহ কৰি ১৯০ ৰাণ সংগ্ৰহ কৰে। ভাৰতে এতিয়া ছিৰিজটোত ১-০ৰ অগ্ৰগতি লাভ কৰিলে।

দক্ষিণ আফ্ৰিকাৰ প্ৰথমতে বেটিং কৰাৰ সিদ্ধান্ত ভুল বুলি প্ৰমানিত হয়। দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলে আৰম্ভণি ভাল কৰিলেও সেই ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে।

দলটোৰ লুক ব্যুফোৰ্টে ৯১টা বলত সৰ্বাধিক ৬৪ৰাণ সংগ্ৰহ কৰে।

ভাৰতৰ ১৯ অনুৰ্ধৰ দলটোৰ হৈ ৰবি বিষ্ণইয়ে তিনিটা উইকেট লোৱাৰ বিপৰীতে কাৰ্তিক ত্যাগী, শুভাংগ হেগড়ে আৰু অথৰ্ব অংকোলেকৰে দুটাকৈ উইকেট লাভ কৰে।

ভাৰতৰ বেটছমেন দিব্যাংশ চাক্সেনাই অপৰাজিত ৮৬ৰাণ আৰু এন তিলক বাৰ্মাই ৫৯ৰাণ কৰে। দুয়োজনৰ যুটীয়ে ১২৭ ৰাণ সংগ্ৰহ কৰে।

চাক্সেনাই তেওঁৰ ১১৬টা বলৰ ইনিংছটোত মুঠ ১১টা চাৰি কোবায়। কুমাৰ কুশাগ্ৰই ৪৩ৰাণ কৰি অপৰাজিত হৈ থাকে।