বিশাখাপট্টনমত বুমৰাহ ‘ধুমুহা’! কপিল দেৱ, ইমাৰাণ খানৰ দৰে কিংবদন্তীক অতিক্ৰমি ঈৰ্ষণীয় কৃতিত্ব

India vs England Jasprit Bumrah

ইংলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ আজি দ্বিতীয় দিন চালকৰ আসনত উপৱিষ্ট হৈছে ভাৰতীয় দল। প্ৰথমে জয়ছোৱালৰ দৰ্শনীয় দ্বিশতক আৰু তাৰ পিছতে যশপ্ৰীত বুমৰাহৰ দুৰন্ত বলিঙৰ সহায়ত ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে।

ভাৰতৰ প্ৰথম ইনিংছৰ স্ক’ৰ ৩৯৬ ৰাণৰ প্ৰত্যুত্তৰত বুমৰাহৰ বিধ্বংসী বলিঙৰ সমুখত দিশহাৰা হৈ পৰা ইংলেণ্ডে ২৫৩ ৰাণতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হয়। দলটোৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰা বুমৰাহে ৪৫ ৰাণত ৬ টা উইকেট দখল কৰে।

এই দুৰ্দান্ত স্পেলটোৰে বুমৰাহে টেষ্ট কেৰিয়াৰত ১৫০টা উইকেট সম্পূৰ্ণ কৰে। ভাৰতৰ হৈ দ্ৰুততম পেচাৰ হিচাপে এই কৃতিত্বৰ অধিকাৰী হয় বুমৰাহ। এইক্ষেত্ৰত তাৰকা পেচাৰগৰাকীয়ে দেশৰ কিংবদন্তী ক্ৰিকেটাৰ কপিল দেৱৰ নামত থকা অভিলেখ ভংগ কৰে।

কপিল দেৱে ৩৯খন মেচত টেষ্ট কেৰিয়াৰৰ ১৫০ উইকেট সম্পূৰ্ণ কৰাৰ বিপৰীতে বুমৰাহে ৩৪খন খেলতে এই কৃতিত্ব অৰ্জন কৰে। বুমৰাহ লগতে এই ক্ষেত্ৰত সামগ্ৰিকভাৱে তৃতীয় দ্ৰুততম ভাৰতীয় বলাৰ আৰু দ্বিতীয় দ্ৰুততম এছিয়ান পেচাৰ ৰূপেও পৰিগণিত হয়।

ভাৰতৰ হৈ দ্ৰুততম ১৫০ উইকেটৰ অভিলেখ আছে তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ নামত। অশ্বিনে ২৯ খন মেচত ১৫০ উইকেট সম্পূৰ্ণ কৰাৰ বিপৰীতে ৩২ খন মেচত এই কৃতিত্ব অৰ্জনেৰে দ্বিতীয় স্থানত আছে আনগৰাকী তাৰকা স্পিনাৰ ৰবীন্দ্ৰ জাদেজা।

আনহাতে বুমৰাহৰ লগতে যুটীয়াভাৱে এই তালিকাত তৃতীয় স্থানত আছে অনিল কুম্বলে আৰু এৰাপল্লী প্ৰসন্ন। ইফালে দুই পাকিস্তানী কিংবদন্তী ইমৰাণ খান আৰু ছোৱেইব আখতাৰক অতিক্ৰমি এই ক্ষেত্ৰত দ্বিতীয় দ্ৰততম এছিয়ান পেচাৰ ৰূপে পৰিগণিত হয় বুমৰাহ।

বুমৰাহে ৩৪ খন মেচত ১৫০ উইকেট দখল কৰাৰ বিপৰীতে ইমৰাণ খান আৰু ছোৱেইব আখতাৰে ৩৭ খন টেষ্টত এই কৃতিত্ব সম্পূৰ্ণ কৰিছিল। মাত্ৰ ২৭ খন মেচতে ১৫০ উইকেট সম্পূৰ্ণ কৰি এই ক্ষেত্ৰত শীৰ্ষস্থানত আছে আন এজন প্ৰখ্যাত পাকিস্তানী পেচাৰ ৱাকাৰ ইউনিছ।

লক্ষণীয়ভাৱে বলৰ দিশৰ পৰা চাবলৈ গ’লে এই ক্ষেত্ৰত বুমৰাহ ভাৰতীয় বলাৰ হিচাপে শীৰ্ষস্থানত আছে। তাৰকা পেচাৰগৰাকীয়ে ৬৭৮১ টা বলত ১৫০তম টেষ্ট উইকেট দখল কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা উমেশ যাদৱে ৭৬৬১ টা বলত এই মাইলষ্টন স্পৰ্শ কৰিছিল।

আনহাতে পেচাৰ মহম্মদ ছামিয়ে ৭৭৫৫ টা বলত, কপিল দেৱে ৮৩৭৮ টা বলত আৰু অশ্বিনে ৮৩৮০ টা বলত সম্পূৰ্ণ কৰিছিল ১৫০ টেষ্ট উইকেটৰ কৃতিত্ব। উল্লেখ্য যে বুমৰাহে এইপৰ্যন্ত ৩৪ খন টেষ্টত ২০.২৯ গড়ে মুঠ ১৫২ টা উইকেট দখল কৰিছে।