NORTHEAST NOW (Assamese)

কাইলৈ গুৱাহাটীত ভাৰত-শ্ৰীলংকা টি-২০; জানক ক’ত ক’ত থাকিব ন’এণ্ট্ৰি

January 4, 2020 4:59 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

কাইলৈ অৰ্থাৎ ৫ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ টি-২০ ক্ৰিকেট মেচৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

মহানগৰ যান-বাহন আৰক্ষীয়ে টি-২০ খেলখনৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দিনা মহানগৰীত বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি মেচ চাবলৈ পল্টন বজাৰ, উলুবাৰী আৰু লখৰা দিশৰ পৰা অহা দৰ্শকসকল এ কে আজাদ ৰোড হৈ বৰ্ষাপাৰা ষ্টেডিয়ামলৈ আহিব লাগিব।

আনহাতে গড়চুক আৰু ভৰলুমুখৰ পৰা অহা দৰ্শকসকল এ কে দেব ৰোডেৰে ষ্টেডিয়ামত প্ৰৱেশ কৰিব লাগিব। উক্ত দিনা গুৱাহাটীৰ ক’ত ক’ত ন’ এণ্ট্ৰি থাকিব তলত দিয়া হৈছে –

  • বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ ওৱান ৱে’। কেৱল কাৰ পাছ থকা বাহনসমূহ এই পথেৰে চলিব পাৰিব।
  • এ কে দেব ৰোড আৰু এ কে আজাদ ৰোডত পুৱা ৮ বজাৰ পৰা খেল সামৰণি নপৰালৈকে বাণিজ্যিক যান বাহনৰ প্ৰৱেশ নিষেধ থাকিব।
  • লাল গণেশৰ পৰা বৰ্ষাপাৰা পথেদি কাৰ পাছ নথকা বাহন চলিব নোৱাৰিব।

অসম ক্ৰিকেট সন্থাই জনোৱা মতে ইতিমধ্যে খেলখনৰ বাবে ২৭ হাজাৰৰো অধিক টিকট বিক্ৰী হৈ গৈছে।

Related News