• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

কেনেকৈ বা কি ৰোগত বাৰেচিৰ মৃত্যু হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিংবদন্তি ডিফেণ্ডাৰগৰাকীৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছে ফুটবল জগতক।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2026 2:34 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটালী আৰু এচি মিলানৰ কিংবদন্তি ফুটবলাৰ ফ্ৰাংকো বাৰেচিৰ মৃত্যু ঘটিছে। তেওঁৰ বয়স আছিল মাত্ৰ ৬৬ বছৰ। ১৯৮২ চনত ইটালীৰ বিশ্বকাপ জয়ী দলৰ সদস্য আছিল বাৰেচি। ১৯৯৪ চনৰ বিশ্বকাপত ইটালীৰ অধিনায়ক আছিল। ইয়াৰ উপৰিও ১৯৮০ আৰু নব্বৈৰ দশকত মিলানৰ হৈ তিনিটা ইউৰোপীয় কাপ (চেম্পিয়নছ লীগ) আৰু ছটা ইটালীয় লীগৰ খিতাপ দখলতো বাৰেচি আছিল স্মৰণীয় যোদ্ধা।

বহুতৰে বাবে বাৰেচি সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ডিফেণ্ডাৰ। তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে এচি মিলানে। কেনেকৈ বা কি ৰোগত বাৰেচিৰ মৃত্যু হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিংবদন্তি ডিফেণ্ডাৰগৰাকীৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছে ফুটবল জগতক।

Apply Now

১৯৬০ চনত জন্মগ্ৰহণ কৰা বাৰেচিয়ে ১৯৭৭ চনত এ চি মিলানত কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ২০ বছৰীয়া দীঘলীয়া কেৰিয়াৰত কেবল সেই ক্লাবৰ হৈয়ে খেলিছিল তেওঁলোকৰ ‘কাপিতানো’।

ৰঙা-ক’লা জাৰ্চি পিন্ধি তেওঁ ৫৩২খন খেল খেলিছিল। লগতে তেওঁৰ ১৬টা গ’ল আছে। ১৯৮২ চনৰ পৰা ১৯৯৪ চনলৈ ইটালীৰ হৈ ৮১খন খেল খেলিছিল। ১৯৮২ চনত ইটালীৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল যদিও খেলাৰ সুযোগ নাপালে। ১৯৯৪ চনৰ বিশ্বকাপত ইটালী দলৰ অধিনায়ক আছিল। য’ত টাইব্ৰেকাৰত ফাইনেলত ব্ৰাজিলৰ হাতত পৰাস্ত হৈছিল। সেই মেচখনত ৰবাৰ্ট’ বাজিঅ’ৰ টাইব্ৰেকাৰ মিছ কৰাটো সকলোৰে মনত আছে। অৱশ্যে বাৰেচিয়েই প্ৰথম পেনাল্টি মিছ কৰে।

মাত্ৰ ২২ বছৰ বয়সতে তেওঁ এ চি মিলানৰ অধিনায়ক হৈছিল।তেওঁৰ উৎকৃষ্ট কৌশল, বিপক্ষৰ পৰিকল্পনা আগতীয়াকৈ বুজিব পৰা ক্ষমতা আৰু নিখুঁত টেকেলিঙৰ লগতে নেতৃত্বৰ বাবেও তেওঁ কিংবদন্তি হৈ পৰিছিল। মিলানত তেওঁক প্ৰথমে ‘পিচকিনিন’ (সৰু এজন) বুলি কোৱা হৈছিল। পিছলৈ জাৰ্মানীৰ ফ্ৰাঞ্জ বেকেনবাউৰৰ সৈতে তুলনা কৰি তেওঁক ‘কাইজাৰ ফ্ৰাঞ্জ’ বুলি কোৱা হয়। আনকি কেৰিয়াৰৰ শেষৰ সময়ছোৱাতো যুৱ খেলুৱৈ পাওলো মালডিনি আৰু এলেছান্দ্ৰ’ কোষ্টাকাৰ্ট’ৰ সৈতে যুটী বান্ধি ৰক্ষণ বিভাগ চম্ভালিছিল।

বাৰেচিৰ মৃত্যুৰ কোনো কাৰণ দিয়া হোৱা নাই। এবছৰ পূৰ্বে হাওঁফাওঁৰ টিউমাৰ আঁতৰাবলৈ তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। তেতিয়াৰ পৰা ৰাজহুৱা স্থানত তেওঁক তেনেকৈ দেখা পোৱা নগৈছিল।

কিছুদিন পূৰ্বে বাৰেচিৰ মৃত্যুৰ খবৰ ৰাজহুৱা হৈছিল। সেই সময়ত এ চি মিলানে এই উৰাবাতৰি খাৰিজ কৰিছিল। এইবাৰ আৰু উৰাবাতৰি নহয়, ইটালীৰ কিংবদন্তি সঁচাকৈয়ে উভতি নহাৰ দেশলৈ গুচি গ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd