নাগৰিকত্ব (সংশোধন) আইনখনৰ জৰিয়তে NRC-ৰ পৰা বাদ পৰা ৩.৫-ৰ পৰা ৪.৫ লাখ হিন্দু অবৈধ ভাৰতীয়ই অসমত CAA-ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব পাব বুলি জানিবলৈ দিছে মন্ত্ৰী হিমন্ত বিশ্বই।
আজি খানাপাৰাত আয়োজিত বিজেপিৰ বুথ সভাপতি আৰু নিৰ্বাচিত জনপ্ৰতিনিধিৰ সন্মিলনত মন্ত্ৰীজনে ভাষণৰ মাজতে এই কথা প্ৰকাশ কৰিছে। অৱশ্যে মন্ত্ৰীজনে নিজৰ বক্তব্যৰ সমৰ্থনত কোনো বিশ্বাসযোগ্য তথ্য দিয়া নাই।
জয় আই অসম আৰু ভাৰত মাতা কী জয় ধ্বনিৰে আৰম্ভ কৰা উদাত্ত ভাষণেৰে হিমন্তই আজি বিজেপিৰ কৰ্মকৰ্তাসকলৰ মনোবল ঘূৰাই আনিবলৈ যথেষ্ট চেষ্টা কৰে।
৫০-৬০ হাজাৰ কৰ্মকৰ্তা উপস্থিত থকা সভাত ভাষণ দি বিত্ত মন্ত্ৰীজনে কয় যে অসমৰ মাটি-বায়ু-পানীৰ পৰা ভাৰতীয় জনতা পাৰ্টিক কেতিয়াও আঁতৰাই পঠাব নোৱাৰে বুলি আজিৰ সভাখনেই প্ৰমাণিত কৰিলে।
তেওঁ CAA-বিৰোধী আন্দোলনৰ প্ৰসংগত অসমৰ আকাশৰ পৰা কলীয়া ডাৱৰ আঁতৰি গ’ল বুলি মন্তব্য কৰে আৰু ১১-১২ ডিচেম্বৰৰ গুৱাহাটীৰ পৰিস্থিতিৰ এমাহৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টিয়ে সলাই দেখুওৱাটোক চমৎকাৰ আখ্যা দিয়ে।
CAA-বিৰোধী আন্দোলনৰ সময়ত এগৰাকী শিল্পীয়ে “হিমন্ত আৰু সোণোৱালৰ দৰে সন্তান জন্ম দিয়া বাবে চাগে এওঁলোক দুজনৰ মাতৃ দুগৰাকী আজি অনুতপ্ত” বুলি কোৱা প্ৰসংগত হিমন্তই কয়, “হিতেশ্বৰ শইকীয়াৰ মাতৃক কোনেও গালি দিয়া নাছিল। কাৰোবাৰ স্বৰ্গগামী মাতৃক গালি পাৰি আন্দোলন হয় নেকি? কোনোবাই ভগৱান নাই বুলি কয় সেয়া কি আন্দোলন? কাৰোবাৰ ঘৰ জ্বলাই দিয়াটো কি আন্দোলন?”
জুবিন গাৰ্গ, আৰু সমুজ্জ্বল ভট্টাচাৰ্য্যক কটাক্ষ মন্ত্ৰী হিমন্তৰ “কোনোবাই যদি এই আন্দোলনৰ জৰিয়তে মুখ্য মন্ত্ৰী, মন্ত্ৰী হোৱাৰ সপোন দেখিছে, তেন্তে বিজেপিয়ে ইয়াৰ ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিব”।
“লতাশিল খেলপথাৰ যদি “কেঁচুৱা” এই খেলপথাৰখন “পিতামহ”। “CAA-বিৰোধী আন্দোলন নৃত্য নাতিকা” আৰু “নাটকখন” বিজেপিয়ে শেষ কৰিব বুলি কৈছিলো”, মন্তব্য মন্ত্ৰী হিমন্ত বিশ্বৰ।
প্ৰফুল্ল মহন্তক আক্ৰমণ কৰিবলৈ আজিও নেৰিলে এসময়ত মহন্তৰ সহকাৰী হিচাপে কাম কৰা মন্ত্ৰীজনে। তেওঁ কয়, ’৫১ চনক ’৭১ কৰা বিশ্বাসঘতকতা নহয় নেকি? বিশ্বাসঘাতকে আমাক বিশ্বাসঘাতক কয়। প্ৰফুল্ল মহন্ত এইবাৰ বহমপুৰৰ পৰা হাৰিব, তেওঁক বিশ্বাসঘাতক বুলি সকলোৱে বুজি পালে”।
নিজৰ আছুৰ সৈতে থকা ইতিহাসকো টানি আনে হিমন্তই আৰু কয়, “সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য মোতকৈ ডাঙৰ, আপোনাৰ হাতত ধৰি আছু কৰিছিলো, কিন্তু ১৯৮৭ চনত যিখন আইন সংশোধনী প্ৰফুল্ল মহন্তই কৰিলে, বাংলাদেশীৰ ল’ৰা-ছোৱালী ভাৰতীয় হ’ব। তেন্তে অসম চুক্তিৰ মূল্য ক’ত?”
তেওঁ বাজপেয়ীয়েহে অসম চুক্তিৰ আত্মা উভতাই দিলে বুলিও মন্তব্য কৰে।
তৰুণ গগৈক আক্ৰমণ কৰি কয়, “তৰুণ গগৈৰ মতে ২০১৪-ৰ আগৰ সকলো বিদেশীয়েই নাগৰিকত্ব পাব লাগে।”
নাগৰিকত্ব (সংশোধন) আইনখনৰ জৰিয়তে এন আৰ চিৰ পৰা বাদ পৰা ৩.৫০ লাখৰ পৰা ৪-৫ লাখ হিন্দু মানুহৰ নাম ভাৰতীয় নাগৰিক হিচাপে অন্তৰ্ভুক্ত হ’ব বুলি জানিবলৈ দি হিমন্তৰ মন্তব্য, “CAA-ৰ অধীনত ৫ লাখতকৈও যদি এজনো মানুহৰ নাম সোমাই আমি ৰাজনীতিয়েই নকৰো”।
তেওঁ লগতে কয়, এই মানুহবোৰ ক’তো বেলেগকৈ বসবাস নকৰে। ১৯৭২ চনৰ পৰা ২০১৪-লৈকে যিসকল আহিল সেইসকলে ইতিমধ্যে ঘৰ-দুৱাৰ বনাই মাটি-বাৰী কিনি সংসাৰ চলাই আছে। তেওঁলোকে বেলেগৰ মাটিত কেতিয়াও বসবাস কৰিবলৈ নাযায়। কোনোবাই যদি দেখুৱাই দিয়ে উজনি অসমত যদি এটাও নতুন পৰিয়াল আহিছে, তেন্তে আমি দৃষ্টান্তমূলক ব্যৱস্থা ল’ম। এজনো নতুন বাংলাদেশী অসমলৈ নাহে।
কংগ্ৰেছৰ দিনত মন্ত্ৰিত্ব লাভ কৰাটোক সৌভাগ্য আখ্য দিয়ে যদিও বিজেপিত থাকি লাভ কৰা মন্ত্ৰিত্বক অধিক মূল্য আৰোপ কৰি হিমন্তৰ মন্তব্য, “২০০১ চনৰ পৰা মন্ত্ৰী হোৱাৰ সৌভাগ্য হৈছিল যদিও যোৱা তিনিবছৰ বিকাশৰ গংগা বৈছে। ২১ লাখ শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ নামভৰ্তি কৰিবলৈ সুবিধা পালে, গৃহ নিৰ্মাণ হ’ল, ৭ লাখ লোকে নতুনকৈ বেংকৰ একাউণ্ট খুলিলে, অটল অমৃত যোজনাৰ অধীনত বহুলোকৰ নাম অন্তৰ্ভুক্ত হ’ল। ৪০০০ কেঁচুৱা ৰোগীৰ হাৰ্টৰ অপাৰেইশ্যন হ’ল।”
“দিনে-নিশাই অসমৰ বিকাশৰ বাবে কাম কৰিম” বুলি উপস্থিত কৰ্মকৰ্তাৰ আগত শপত খায় মন্ত্ৰীজনে।
স্বভাৱগত বৈশিষ্ট্য প্ৰকাশ কৰি মন্ত্ৰীজনে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পৰা আঁতৰি নাথাকিল আজিও। তেওঁ আজমলৰ এ আই য়ু ডি এফৰ সৈতে CAA-বিৰোধী আন্দোলনৰ সময়ত হোৱা দুষ্কাৰ্য্যৰ সংযোগ স্থাপন কৰি কয়, “যিসকলে আজমলক ভোট দিয়ে সেইসকলে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আক্ৰমণ কৰিব বুলি ভবা নাছিলো, হাতীগাঁওত PFI এ কাৰ্যালয় খুলিব বুলি ভবা নাছিলো, অসম মিয়া কবিতা লিখাসকলে তেজপুৰ বিশ্ববিদ্যালয়ত “কা” বিৰোধী আন্দোলন কৰিব বুলি ভবা নাছিলো, কাজিৰঙা আৰু বটদ্ৰৱা সত্ৰত বেদখল কৰাসকল অসমৰ অভিভাৱক হোৱাৰ পথত”।
পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনত ১০০টা বিধানসভা সমষ্টি নৰেন্দ্ৰ মোদীক উপহাৰ দিবলৈ বিজেপিৰ কাৰ্য্যকৰ্তা সাজু বুলিও মন্তব্য কৰে এসময়ত “মোদীৰ গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়” বুলি বিতৰ্কিত মন্তব্য কৰা মন্ত্ৰীজনে।