• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NRC-ৰ পৰা বাদ পৰা ৩.৫/৪.৫ লাখ হিন্দু মানুহ CAA-ৰ জৰিয়তে ভাৰতীয় নাগৰিক হ’ব : হিমন্ত বিশ্ব

বিজেপিৰ কৰ্মকৰ্তাৰ মনোবল ঘূৰাই আনিবলৈ খানাপাৰাত উদাত্ত ভাষণ মন্ত্ৰী হিমন্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 4, 2020 4:32 pm
Himanta Biswa_2

খানাপাৰাত বুথ সন্মিলনত ভাষণ দিয়া অৱস্থাত মন্ত্ৰী হিমন্ত। ৪ জানুৱাৰিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধন) আইনখনৰ জৰিয়তে NRC-ৰ পৰা বাদ পৰা ৩.৫-ৰ পৰা ৪.৫ লাখ হিন্দু অবৈধ ভাৰতীয়ই অসমত CAA-ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব পাব বুলি জানিবলৈ দিছে মন্ত্ৰী হিমন্ত বিশ্বই।

আজি খানাপাৰাত আয়োজিত বিজেপিৰ বুথ সভাপতি আৰু নিৰ্বাচিত জনপ্ৰতিনিধিৰ সন্মিলনত মন্ত্ৰীজনে ভাষণৰ মাজতে এই কথা প্ৰকাশ কৰিছে। অৱশ্যে মন্ত্ৰীজনে নিজৰ বক্তব্যৰ সমৰ্থনত কোনো বিশ্বাসযোগ্য তথ্য দিয়া নাই।

Apply Now

জয় আই অসম আৰু ভাৰত মাতা কী জয় ধ্বনিৰে আৰম্ভ কৰা উদাত্ত ভাষণেৰে হিমন্তই আজি বিজেপিৰ কৰ্মকৰ্তাসকলৰ মনোবল ঘূৰাই আনিবলৈ যথেষ্ট চেষ্টা কৰে।

৫০-৬০ হাজাৰ কৰ্মকৰ্তা উপস্থিত থকা সভাত ভাষণ দি বিত্ত মন্ত্ৰীজনে কয় যে অসমৰ মাটি-বায়ু-পানীৰ পৰা ভাৰতীয় জনতা পাৰ্টিক কেতিয়াও আঁতৰাই পঠাব নোৱাৰে বুলি আজিৰ সভাখনেই প্ৰমাণিত কৰিলে।

তেওঁ CAA-বিৰোধী আন্দোলনৰ প্ৰসংগত অসমৰ আকাশৰ পৰা কলীয়া ডাৱৰ আঁতৰি গ’ল বুলি মন্তব্য কৰে আৰু ১১-১২ ডিচেম্বৰৰ গুৱাহাটীৰ পৰিস্থিতিৰ এমাহৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টিয়ে সলাই দেখুওৱাটোক চমৎকাৰ আখ্যা দিয়ে।

CAA-বিৰোধী আন্দোলনৰ সময়ত এগৰাকী শিল্পীয়ে “হিমন্ত আৰু সোণোৱালৰ দৰে সন্তান জন্ম দিয়া বাবে চাগে এওঁলোক দুজনৰ মাতৃ দুগৰাকী আজি অনুতপ্ত” বুলি কোৱা প্ৰসংগত হিমন্তই কয়, “হিতেশ্বৰ শইকীয়াৰ মাতৃক কোনেও গালি দিয়া নাছিল। কাৰোবাৰ স্বৰ্গগামী মাতৃক গালি পাৰি আন্দোলন হয় নেকি? কোনোবাই ভগৱান নাই বুলি কয় সেয়া কি আন্দোলন? কাৰোবাৰ ঘৰ জ্বলাই দিয়াটো কি আন্দোলন?”

জুবিন গাৰ্গ, আৰু সমুজ্জ্বল ভট্টাচাৰ্য্যক কটাক্ষ মন্ত্ৰী হিমন্তৰ “কোনোবাই যদি এই আন্দোলনৰ জৰিয়তে মুখ্য মন্ত্ৰী, মন্ত্ৰী হোৱাৰ সপোন দেখিছে, তেন্তে বিজেপিয়ে ইয়াৰ ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিব”।

“লতাশিল খেলপথাৰ যদি “কেঁচুৱা” এই খেলপথাৰখন “পিতামহ”। “CAA-বিৰোধী আন্দোলন নৃত্য নাতিকা” আৰু “নাটকখন” বিজেপিয়ে শেষ কৰিব বুলি কৈছিলো”, মন্তব্য মন্ত্ৰী হিমন্ত বিশ্বৰ।

প্ৰফুল্ল মহন্তক আক্ৰমণ কৰিবলৈ আজিও নেৰিলে এসময়ত মহন্তৰ সহকাৰী হিচাপে কাম কৰা মন্ত্ৰীজনে। তেওঁ কয়, ’৫১ চনক ’৭১ কৰা বিশ্বাসঘতকতা নহয় নেকি? বিশ্বাসঘাতকে আমাক বিশ্বাসঘাতক কয়। প্ৰফুল্ল মহন্ত এইবাৰ বহমপুৰৰ পৰা হাৰিব, তেওঁক বিশ্বাসঘাতক বুলি সকলোৱে বুজি পালে”।

নিজৰ আছুৰ সৈতে থকা ইতিহাসকো টানি আনে হিমন্তই আৰু কয়, “সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য মোতকৈ ডাঙৰ, আপোনাৰ হাতত ধৰি আছু কৰিছিলো, কিন্তু ১৯৮৭ চনত যিখন আইন সংশোধনী প্ৰফুল্ল মহন্তই কৰিলে, বাংলাদেশীৰ ল’ৰা-ছোৱালী ভাৰতীয় হ’ব। তেন্তে অসম চুক্তিৰ মূল্য ক’ত?”

তেওঁ বাজপেয়ীয়েহে অসম চুক্তিৰ আত্মা উভতাই দিলে বুলিও মন্তব্য কৰে।

তৰুণ গগৈক আক্ৰমণ কৰি কয়, “তৰুণ গগৈৰ মতে ২০১৪-ৰ আগৰ সকলো বিদেশীয়েই নাগৰিকত্ব পাব লাগে।”

নাগৰিকত্ব (সংশোধন) আইনখনৰ জৰিয়তে এন আৰ চিৰ পৰা বাদ পৰা ৩.৫০ লাখৰ পৰা ৪-৫ লাখ হিন্দু মানুহৰ নাম ভাৰতীয় নাগৰিক হিচাপে অন্তৰ্ভুক্ত হ’ব বুলি জানিবলৈ দি হিমন্তৰ মন্তব্য, “CAA-ৰ অধীনত ৫ লাখতকৈও যদি এজনো মানুহৰ নাম সোমাই আমি ৰাজনীতিয়েই নকৰো”।

তেওঁ লগতে কয়, এই মানুহবোৰ ক’তো বেলেগকৈ বসবাস নকৰে। ১৯৭২ চনৰ পৰা ২০১৪-লৈকে যিসকল আহিল সেইসকলে ইতিমধ্যে ঘৰ-দুৱাৰ বনাই মাটি-বাৰী কিনি সংসাৰ চলাই আছে। তেওঁলোকে বেলেগৰ মাটিত কেতিয়াও বসবাস কৰিবলৈ নাযায়। কোনোবাই যদি দেখুৱাই দিয়ে উজনি অসমত যদি এটাও নতুন পৰিয়াল আহিছে, তেন্তে আমি দৃষ্টান্তমূলক ব্যৱস্থা ল’ম। এজনো নতুন বাংলাদেশী অসমলৈ নাহে।

কংগ্ৰেছৰ দিনত মন্ত্ৰিত্ব লাভ কৰাটোক সৌভাগ্য আখ্য দিয়ে যদিও বিজেপিত থাকি লাভ কৰা মন্ত্ৰিত্বক অধিক মূল্য আৰোপ কৰি হিমন্তৰ মন্তব্য, “২০০১ চনৰ পৰা মন্ত্ৰী হোৱাৰ সৌভাগ্য হৈছিল যদিও যোৱা তিনিবছৰ বিকাশৰ গংগা বৈছে। ২১ লাখ শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ নামভৰ্তি কৰিবলৈ সুবিধা পালে, গৃহ নিৰ্মাণ হ’ল, ৭ লাখ লোকে নতুনকৈ বেংকৰ একাউণ্ট খুলিলে, অটল অমৃত যোজনাৰ অধীনত বহুলোকৰ নাম অন্তৰ্ভুক্ত হ’ল। ৪০০০ কেঁচুৱা ৰোগীৰ হাৰ্টৰ অপাৰেইশ্যন হ’ল।”

“দিনে-নিশাই অসমৰ বিকাশৰ বাবে কাম কৰিম” বুলি উপস্থিত কৰ্মকৰ্তাৰ আগত শপত খায় মন্ত্ৰীজনে।

স্বভাৱগত বৈশিষ্ট্য প্ৰকাশ কৰি মন্ত্ৰীজনে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পৰা আঁতৰি নাথাকিল আজিও। তেওঁ আজমলৰ এ আই য়ু ডি এফৰ সৈতে CAA-বিৰোধী আন্দোলনৰ সময়ত হোৱা দুষ্কাৰ্য্যৰ সংযোগ স্থাপন কৰি কয়, “যিসকলে আজমলক ভোট দিয়ে সেইসকলে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আক্ৰমণ কৰিব বুলি ভবা নাছিলো, হাতীগাঁওত PFI এ কাৰ্যালয় খুলিব বুলি ভবা নাছিলো, অসম মিয়া কবিতা লিখাসকলে তেজপুৰ বিশ্ববিদ্যালয়ত “কা” বিৰোধী আন্দোলন কৰিব বুলি ভবা নাছিলো, কাজিৰঙা আৰু বটদ্ৰৱা সত্ৰত বেদখল কৰাসকল অসমৰ অভিভাৱক হোৱাৰ পথত”।

পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনত ১০০টা বিধানসভা সমষ্টি নৰেন্দ্ৰ মোদীক উপহাৰ দিবলৈ বিজেপিৰ কাৰ্য্যকৰ্তা সাজু বুলিও মন্তব্য কৰে এসময়ত “মোদীৰ গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়” বুলি বিতৰ্কিত মন্তব্য কৰা মন্ত্ৰীজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd