নেপালৰ সৈতে সংঘাত এৰাই চলিব খুজিছে ভাৰতে! : চীনৰ নেপালৰ ভূমি দখল; তীক্ষ্ম নজৰ ভাৰতৰ

163dc090-0977-46f5-ba96-c0db334aa7bd-720x340

চীনৰ সৈতে যুযুধান পৰিস্থিতিৰ সন্মুখীন হোৱা ভাৰতে নেপালৰ সৈতে নতুনকৈ সংঘাত বৃদ্ধি কৰি ল’ব খোজা নাই। আজি এই কথা স্পষ্ট কৰিছে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে।

বৈদেশিক মন্ত্ৰালয়ৰ মতে কিছুদিন পূৰ্বে বিহাৰৰ চম্পাৰণ জিলাত নদীৰ ক্ষয়ৰোধৰ কামত কাঠমাণ্ডুৱে বাধা প্ৰদান কৰিছিল যদিও বিহাৰৰ নেপাল-ভাৰত সীমান্তত নদীৰ ক্ষয়ৰোধন কাম এতিয়া দুই দেশৰ সহযোগিতাত সম্পন্ন হৈ আছে।

ইফালে পশ্চিমবংগৰ কাকৰভিটা চ্যেক পইণ্টত নেপালৰ পণ্যবাহী ট্ৰাক প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে বুলি নেপালৰ সংবাদ মাধ্যমে প্ৰকাশ বাতৰিকো নস্যাৎ কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে ক’ৰ’নাতংকৰ মাজতো দুই প্ৰতিৱেশী ৰাষ্ট্ৰৰ মাজত স্থল বাণিজ্যিক সম্পৰ্ক সঠিকভাৱে চলি আছে।

আনহাতে ছাউথ ব্লকে স্বীকাৰ নকৰিলেও নেপালকলৈ ভাৰতৰ উদ্বিগ্নতা বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে।

তিব্বতত আন্তঃগাঠনি নিৰ্মাণৰ বাবে নেপালৰ ১০ টা অঞ্চলৰ ৩৩ হেক্টৰ মাটি চীনে দখল কৰা বুলি উলোৱা বতিৰক ভাৰতে অতি গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰি আছে।

অৱশ্যে এই সন্দৰ্ভত নেপাল চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিকভাৱে মুখ খোলা নাই।

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়েও এই ক্ষেত্ৰত নেপাল চৰকাৰ আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰিছে।

প্ৰকৃততে চীনে নেপালৰ উক্ত ভূমিভাগ দখল কৰিছে নে নেপালে চীনক স্বেচ্ছাই অৰ্পণ কৰিছে সেই বিষয়ে ভাৰতে নিশ্চিত হোৱাৰ পাছতহে ভাৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।