NORTHEAST NOW (Assamese)

অহা ২৫ বছৰৰ ভিতৰত বিশ্বৰ  সৰ্ববৃহৎ জাহাজ উদ্যোগৰ গৰাকী হ’ব ভাৰত : সৰ্বানন্দ সোণোৱাল

July 25, 2024 10:47 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাহাজ আৰু ক্ৰুজ উদ্যোগক শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে ২০২৪ চনৰ নতুনকৈ দাখিল কৰা কেন্দ্ৰীয় বাজেটক প্ৰশংসা কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সোণোৱালে পৰৱৰ্তী চতুৰ্থাংশ শতিকাত এই খণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি আৰু পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰে। বাজেটত জাহাজ আৰু ক্ৰুজ উদ্যোগক উন্নীত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সোণোৱালে দাবী কৰে।

সোণোৱালে কয়, ‘এয়া স্পষ্ট যে অহা ২৫ বছৰত ভাৰত জাহাজ উদ্যোগৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত থাকিব।

মন্ত্ৰীগৰাকীয়ে কয় যে বাজেটত জাহাজ মেৰামতি আৰু জাহাজ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ই অৰ্থনৈতিক আৰু নিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব ।

লগতে তেওঁ কয়, ‘জাহাজ মেৰামতি আৰু জাহাজ নিৰ্মাণৰ সৈতে জড়িত লাখ লাখ লোকে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব।

Related News