আৰক্ষীয়ে বিচৰা ধন নিদিয়াৰ বাবে হাফলঙত স্বদেশীক বিদেশী সজাই অকথ্য হাৰাশাস্তি

Haflong

হাফলঙৰ দুৰ্ভগীয়া পৰিয়ালটো

হাফলঙৰ সীমা আৰক্ষী শাখাৰ বিষয়ববীয়াই দাবী কৰা ধন আদায় নিদিয়াৰ অপৰাধত বিদেশী সজোৱা হ’ল ল’ৱাৰ হাফলঙৰ দুখীয়া পৰিয়ালৰ ৰত্না মালাকাৰ নামৰ এগৰাকী মহিলাক।

বৈধ নথি-পত্ৰ থকাৰ পাছতো একমাত্ৰ দাবী কৰা ধন আদায় নিদিয়াত হাফলঙৰ ৰঞ্জন কুমাৰ ভঁৰালীৰ বিদেশী ন্যায়াধীকৰণে ২০১৭ চনৰ জুন মাহৰ ১৪ তাৰিখে ৰত্না মালাকাৰক  একপক্ষীয় ভাবে বিদেশী ঘোষণা কৰে।

আনহাতে, প্ৰশ্ন হ’ল বিদেশী ঘোষণা কৰাৰ পাছত ৰত্না মালাকাৰক ক’লৈ লৈ যোৱা হৈছে পৰিয়ালৰ লোকৰ হাতত কোনোধৰণৰ তথ্য নাই। এইফালে ঘৰৰ অন্যতম সদস্যগৰাকীৰ অনুপস্থিতিত শোকাকুল পৰিবেশ বিৰাজ কৰিছে পৰিয়ালটোৰ সদস্যসকলৰ মাজত।

মাতৃৰ খবৰ নাপাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে ৰত্নাৰ ডাঙৰ পুত্ৰ সোনা মালাকাৰে। মাতৃ শোকত ঘৰৰ পৰা নিখোজ হৈ আছে সৰু পুতেকজনো।

পৰিয়ালৰ সদস্য সকলৰ অভিযোগ অনুসৰি বঙালী হোৱা বাবেই পৰিয়ালটোৰ ওপৰত এনেধৰণৰ হাৰাশাস্তি চলোৱা হৈছে। জাতীয় নাগৰিক পঞ্জীত নাম প্ৰকাশ হোৱাৰ উপৰিও ১৯৭০ চনৰ আগৰ পৰ্যাপ্ত নথি বিদেশী ন্যায়াধিকৰণত দাখিল কৰাৰ পাছতো একমাত্ৰ ধন নিদিয়াৰ বাবেই দুখীয়া পৰিয়ালটোৱে ন্যায় নাপালে বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰে।

ল’ৱাৰ হাফলঙৰ পূৰনি মিটাৰগ’জ ৰেলপথৰ দাঁতিৰ এটা জুপুৰিত পাঁচগৰাকী সদস্যৰ সৈতে ৰত্না মালাকৰে বাস কৰিছিল। ৰত্নাৰ স্বামী নীলু মালাকাৰে দিন হাজিৰা কৰাৰ বিপৰীতে ৰত্নাই শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল।

বিগত দুই বছৰ ধৰি পৰিয়ালৰ সদস্যক হেৰুৱাই এতিয়া পৰিয়ালটোৱে অতি দুখেৰে দিন অতিবাহিত কৰিব লগা হৈছে। ৰত্না মালাকাৰৰ স্থায়ী ঘৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰত।

উল্লেখযোগ্য যে, ৰত্নাৰ এগৰাকী নিকটাত্মীয় পিন্টু ৰয়ৰ ভাষ্য অনুসৰি বঙালী  আৰু দুখীয়া  হোৱা বাবেই পৰিয়ালটোৱে এনে সমস্যা ভোগ কৰিবলগা হৈছে। দেশ স্বাধীন হলেও বঙালীৰ কাৰনে ভাৰতবৰ্ষ স্বাধীন হোৱা নাই। অন্যথা কিয় বৈধ নথি-পত্ৰ থকাৰ পাছত এই হাৰাশাস্তি ভোগ কৰিব বুলি পিণ্টুৱে আক্ষেপেৰে কয়।