ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য : প্ৰথমখন আন্তৰ্জাতিক মেচতেই অভিলেখ নৱদীপ সৈনীৰ

https://assam.nenow.in/wp-content/uploads/2019/08/i.jpg

ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে চমৎকাৰ প্ৰদৰ্শনেৰে অভিলেখ গঢ়া নৱদীপ সৈনী। ফটো : ইন্টাৰনেটৰ সৌজন্যত

ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে ফ্ল’ৰিডাত শনিবাৰে খলা প্ৰথমখন আন্তৰ্জাতিক টী-২০ খেলত নৱদীপ সৈনীয়ে চমৎকাৰ প্ৰদৰ্শন আগবঢ়ায়।

প্ৰতি ঘন্টাত ১৪০-১৫০ কিলোমিটাৰ গতিবেগত বলিং কৰা সৈনীয়ে প্ৰথমখন আন্তৰ্জাতিক মেচতেই কেইবাটাও অভিলেখ গঢ়ে।

নৱদীপ সৈনীয়ে অনবদ্য বলিং কৰি চাৰি অভাৰত এটা মেইডেন সহ মাত্ৰ ১৭ ৰাণৰ বিনিময়ত তিনিটা উইকেট দখল কৰে।

নৱদীপে তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে মেন অফ দ্য মেচ পুৰস্কাৰো লাভ কৰে।

খেলখনত সৈনীয়ে ৱেষ্টইণ্ডিজৰ ইনিংছৰ অন্তিম অভাৰটো মেইডেন দি নতুন অভিলেখ গঢ়ে।

টী-২০ আন্তৰ্জাতিক ক্ৰিকেটৰ ইনিংছৰ অন্তিম অভাৰটোত মেইডেন লাভ কৰা নৱদীপ সৈনী প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ।

বিশ্ব ক্ৰিকেটত ইয়াৰ পূৰ্বে আৰু মাত্ৰ তিনিজন খেলুৱৈয়ে এই অভিলেখৰ অধিকাৰী হৈছে।

টী-২০ আন্তৰ্জাতিক ক্ৰিকেটত ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ জীতেন পেটেল, পাকিস্তানৰ মহম্মদ আমিৰ  আৰু ছিংগাপুৰৰ জনক প্ৰকাশে ইনিংছৰ অন্তিম অভাৰটো মেইডেন দিছিল।

তাৎপৰ্যপূৰ্ভাৱে, নৱদীপ সৈনী আৰু জনক প্ৰকাশ বিশ্বৰ এনে দুগৰাকী খেলুৱৈ যিয়ে নিজৰ প্ৰথমখন খেলতে ইনিংছৰ অন্তিম অভাৰটোত মেইডেন পায়।

সৈনীয়ে তেওঁৰ প্ৰথমটো অভাৰতে দুটা উইকেট লাভ কৰে।

টী-২০ আন্তৰ্জাতিক ক্ৰিকেটত জীৱনৰ প্ৰথমখন মেচৰ প্ৰথমটো অভাৰতে দুটা উইকেট লাভ কৰা সৈনী হৈছে দ্বিতীয়জন ভাৰতীয় বলাৰ।

ইয়াৰ পূৰ্বে ২০০৯ ত প্ৰজ্ঞান ওজাই বাংলাদেশৰ বিৰুদ্ধে নিজৰ প্ৰথমখন মেচৰ প্ৰথমটো অভাৰতে দুটা উইকেট লাভ কৰিছিল।

ইয়াৰোপৰি, নৱদীপ সৈনীয়ে টী-২০ আন্তৰ্জাতিক ক্ৰিকেটত জীৱনৰ প্ৰথমখন মেচতে ‘মেন অফ দ্য মেচ’ লাভ কৰা ষষ্ঠ গৰাকী ভাৰতীয় খেলুৱৈ।

ইয়াৰ পূৰ্বে এই সন্মান লাভ কৰিছিল দীনেশ কাৰ্তিক, প্ৰজ্ঞান ওজা, এছ বদ্ৰীনাথ, অক্ষৰ পেটেল আৰু বৰিন্দৰ সৰাঙে।