আমেৰিকাৰ ১০৪ জন অবৈধ ভাৰতীয়ক লৈ অহা এখন বিমান বুধবাৰে পঞ্জাৱৰ অমৃতসৰত অৱতৰণ কৰে। সেই ১০৪ জনৰ ভিতৰত ৩৩ জন হাৰিয়ানাৰ, ৩৩ জন গুজৰাটৰ, ৩০ জন পঞ্জাৱৰ, তিনিজনকৈ মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ আৰু ২ জন চণ্ডীগড়ৰ। আমেৰিকাৰ বায়ুসেনাৰ বিমানত অনাৰ ভয়াবহ অভিজ্ঞতাৰ বৰ্ণনা কৰিছে এই অবৈধ প্ৰব্ৰজনকাৰী ভাৰতীয়ই। তেওঁলোকে দাবী কৰে যে ৪০ ঘণ্টীয়া যাত্ৰাটো আছিল নৰক যন্ত্ৰণাৰ দৰে।
আমেৰিকাৰ পৰা উভতি অহা বেছিভাগ অবৈধ ভাৰতীয়ই দাবী কৰে যে তেওঁলোকৰ গোটেই যাত্ৰাত হেণ্ডকাফ বান্ধি ৰখা হৈছিল। ভৰিত শিকলি বান্ধি থোৱা আছিল। বহিব পৰা ঠাই থাকিলেও ইফালে সিফালে যাবলৈ এক ইঞ্চিও ঠাই নাছিল। অভিযোগ উঠিছে যে বাৰে বাৰে অনুৰোধ কৰিও কোনো ফল নাপালে। হাত-ভৰি চুচুঁৰি টয়লেটলৈ যাব লগা হ’ল৷ ফ্লাইট এটেণ্ডেণ্টসকলে টয়লেটৰ দুৱাৰখন খুলি ঢকিয়াই সোমাবলৈ দিছিল।
তেওঁলোকে লগতে ৪০ ঘণ্টীয়া যাত্ৰাত উপযুক্ত খাদ্য গ্ৰহণ কৰিব নোৱাৰাৰ অভিযোগো উত্থাপন কৰে। হেণ্ডকাফ পিন্ধিয়েই খাবলৈ বাধ্য হয়। নিৰাপত্তাৰক্ষীক বাৰে বাৰে হেণ্ডকাফ আঁতৰাবলৈ অনুৰোধ জনোৱা হৈছিল। কিন্তু তেওঁলোকে কোনো অনুৰোধ নুশুনিলে।
অবৈধভাৱে বাস কৰা ভাৰতীয়সকলে দাবী কৰে যে এই ভ্ৰমণে তেওঁলোকক কেৱল শাৰীৰিকভাৱেই নহয় মানসিকভাৱেও বিধ্বস্ত কৰি তুলিছে। এই ভ্ৰমণ বৰ বেদনাদায়ক আছিল। কিন্তু বিমান সংস্থাৰ সকলো নিৰাপত্তাৰক্ষীয়ে বেয়া আচৰণ কৰা নাছিল। কিছুমানে ফল-মূল খাবলৈও দিছিল। বহুতে অভিযোগ কৰে যে তেওঁলোকক দোষী সাব্যস্ত হোৱা অপৰাধীৰ দৰে বিমানেৰে অনা হৈছে।
ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে। আমেৰিকা প্ৰশাসনে গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰিছে। ইতিমধ্যে আমেৰিকাই কেইবাখনো দেশৰ অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াইছে। প্ৰব্ৰজনকাৰীসকলক ঘূৰাই পঠিয়াবলৈ পেন্টাগনত থকা আমেৰিকাৰ সামৰিক মুখ্য কাৰ্যালয়ৰ পৰাও সহায় লৈছে ৱাশ্বিংটনে।