• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘৪০ ঘন্টীয়া নৰক যন্ত্ৰণা’! আমেৰিকাৰ পৰা ওভতা যাত্ৰাৰ অভিজ্ঞতা বৰ্ণনা অবৈধ ভাৰতীয় প্ৰব্ৰজনকাৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2025 5:33 pm
7.6k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ১০৪ জন অবৈধ ভাৰতীয়ক লৈ অহা এখন বিমান বুধবাৰে পঞ্জাৱৰ অমৃতসৰত অৱতৰণ কৰে। সেই ১০৪ জনৰ ভিতৰত ৩৩ জন হাৰিয়ানাৰ, ৩৩ জন গুজৰাটৰ, ৩০ জন পঞ্জাৱৰ, তিনিজনকৈ মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ আৰু ২ জন চণ্ডীগড়ৰ। আমেৰিকাৰ বায়ুসেনাৰ বিমানত অনাৰ ভয়াবহ অভিজ্ঞতাৰ বৰ্ণনা কৰিছে এই অবৈধ প্ৰব্ৰজনকাৰী ভাৰতীয়ই। তেওঁলোকে দাবী কৰে যে ৪০ ঘণ্টীয়া যাত্ৰাটো আছিল নৰক যন্ত্ৰণাৰ দৰে।

আমেৰিকাৰ পৰা উভতি অহা বেছিভাগ অবৈধ ভাৰতীয়ই দাবী কৰে যে তেওঁলোকৰ গোটেই যাত্ৰাত হেণ্ডকাফ বান্ধি ৰখা হৈছিল। ভৰিত শিকলি বান্ধি থোৱা আছিল। বহিব পৰা ঠাই থাকিলেও ইফালে সিফালে যাবলৈ এক ইঞ্চিও ঠাই নাছিল। অভিযোগ উঠিছে যে বাৰে বাৰে অনুৰোধ কৰিও কোনো ফল নাপালে। হাত-ভৰি চুচুঁৰি টয়লেটলৈ যাব লগা হ’ল৷ ফ্লাইট এটেণ্ডেণ্টসকলে টয়লেটৰ দুৱাৰখন খুলি ঢকিয়াই সোমাবলৈ দিছিল।

তেওঁলোকে লগতে ৪০ ঘণ্টীয়া যাত্ৰাত উপযুক্ত খাদ্য গ্ৰহণ কৰিব নোৱাৰাৰ অভিযোগো উত্থাপন কৰে। হেণ্ডকাফ পিন্ধিয়েই খাবলৈ বাধ্য হয়। নিৰাপত্তাৰক্ষীক বাৰে বাৰে হেণ্ডকাফ আঁতৰাবলৈ অনুৰোধ জনোৱা হৈছিল। কিন্তু তেওঁলোকে কোনো অনুৰোধ নুশুনিলে।

অবৈধভাৱে বাস কৰা ভাৰতীয়সকলে দাবী কৰে যে এই ভ্ৰমণে তেওঁলোকক কেৱল শাৰীৰিকভাৱেই নহয় মানসিকভাৱেও বিধ্বস্ত কৰি তুলিছে। এই ভ্ৰমণ বৰ বেদনাদায়ক আছিল। কিন্তু বিমান সংস্থাৰ সকলো নিৰাপত্তাৰক্ষীয়ে বেয়া আচৰণ কৰা নাছিল। কিছুমানে ফল-মূল খাবলৈও দিছিল। বহুতে অভিযোগ কৰে যে তেওঁলোকক দোষী সাব্যস্ত হোৱা অপৰাধীৰ দৰে বিমানেৰে অনা হৈছে।

ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে। আমেৰিকা প্ৰশাসনে গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰিছে। ইতিমধ্যে আমেৰিকাই কেইবাখনো দেশৰ  অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াইছে। প্ৰব্ৰজনকাৰীসকলক ঘূৰাই পঠিয়াবলৈ পেন্টাগনত থকা আমেৰিকাৰ সামৰিক মুখ্য কাৰ্যালয়ৰ পৰাও সহায় লৈছে ৱাশ্বিংটনে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd