দেশত ৰুষ্ট চৰকাৰ, বিদেশত সন্মান: শান্তিৰ নোবেলৰ বাবে মনোনীত অল্ট নিউজৰ প্ৰতিষ্ঠাপকদ্বয় মহম্মদ জুবেইৰ আৰু প্ৰতীক সিনহা

Mohammed Zubair

ভাৰতীয় সংবাদ জগতৰ বাবে এক সুখবৰ। দেশৰ সংবাদ মহলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে নিজৰ প্ৰকৃত চৰিত্ৰ হেৰুৱাই পেলোৱা বুলি বিগত সময়চোৱাৰ পৰা যি চৰ্চা আৰম্ভ হৈছে, তেনে সময়তে সংবাদ মাধ্যমৰ নিৰ্ভীক আৰু সত্যতাৰ ওপৰত আধাৰিত প্ৰকৃত চৰিত্ৰ অক্ষুণ্ণ ৰাখি দেশৰ জনসাধাৰণৰ মাজত সত্য উপস্থাপন কৰি অহা জনপ্ৰিয় ৱেবচাইট অল্ট নিউজৰ প্ৰতিষ্ঠাপকদ্বয় মহম্মদ জুবেইৰ আৰু প্ৰতীক সিনহা ২০২২ বৰ্ষৰ শান্তিৰ নবেল বঁটাৰ বাবে মনোনীত আছে।

আমেৰিকাৰ প্ৰখ্যাত আলোচনী ‘টাইম’ত প্ৰকাশিত প্ৰতিবেদন মতে, বৰ্ষৰ শান্তিৰ নোবেল পুৰস্কাৰৰ বাবে মনোনীত দাবীদাৰসকলৰ ভিতৰত ফেক্ট চেক্ ছাইট অল্টনিউজৰ প্ৰতিষ্ঠাপকদ্বয় জুবেইৰ আৰু প্ৰতীক সিনহা অন্যতম।

সম্ভাৱ্য নোবেল বিজয়ীসকলৰ তালিকাত জুবেইৰৰ অন্তৰ্ভুক্তি বিশেষভাৱে চৰ্চিত হৈ পৰিছে। ফেক্ট চেকৰ জৰিয়তে দেশৰ শাসকপক্ষৰ বহু ভুৱা প্ৰচাৰৰ মুখা খুলি দিয়া জুবেইৰ শেহতীয়াকৈ ষড়যন্ত্ৰৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁ কেইবাদিন ধৰি কাৰাগাৰত আৱদ্ধ থাকিবলগীয়া হৈছিল।

জুবেইৰক ২০১৮ চনৰ জুন মাহতে কৰা এটা টুইটৰ বাবে ধৰ্মীয় অনুভূতিত আঘাত সনা আৰু ঘৃণাৰ সৃষ্টিত উচতনি যোগোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছতো কেইবাটাও ন-পুৰণি গোচৰত জুবেইৰক অভিযুক্ত কৰা হৈছিল।

জুবেইৰৰ গ্ৰেপ্তাৰে বিশ্বজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আমেৰিকান সংস্থা সাংবাদিক সুৰক্ষা সমিতিয়ে এক বিবৃতি জাৰি কৰি জুবেইৰৰ গ্ৰেপ্তাৰৰ তীব্ৰ বিৰোধ কৰিছিল।

বিবৃতিটোত সংস্থাটোৱে ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰি চৰকাৰে সাম্প্ৰদায়িক বিষয়ত সংবাদ মাধ্যমৰ কৰ্মীসকলৰ বাবে এক প্ৰতিকূল আৰু অসুৰক্ষিত পৰিৱেশ সৃষ্টি কৰিছে বুলি অভিযোগ কৰিছিল।

তথ্য পৰীক্ষণৰ জৰিয়তে শাসনাধিষ্ঠিত বিজেপি চৰকাৰ তথা চৰকাৰৰ অনুগত হিন্দুত্ববাদৰ ধ্বজা বহনকাৰী সংগঠন আৰু ব্যক্তিয়ে কৰা বহু ভুৱা প্ৰচাৰৰ আঁৰৰ সত্য ফাদিল কৰাৰ বাবেই জুবেইৰক চক্ৰান্তমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। উল্লেখ্য নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে সাংবাদিক জুবেইৰেই ফেক্ট চেকিঙৰ জৰিয়তে ৰাজহুৱা কৰিছিল।

অৱশেষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জামিন মঞ্জুৰ হোৱাৰ পিছত কাৰাগাৰৰ পৰা মুক্ত হৈছিল জুবেইৰ। কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে জুবেইৰে ন উদ্যমেৰে পুনৰ তথ্য পৰীক্ষণৰ জগতখনত জড়িত হৈ পৰে।

উল্লেখ্য যে, ২০২২ চনৰ শান্তিৰ নোবেল বঁটাৰ বাবে ২৫১ গৰাকী ব্যক্তি আৰু ৯২ টা সংগঠনসহ মুঠ ৩৪৩ প্ৰাৰ্থী মনোনীত হৈছে। জুবেইৰ আৰু প্ৰতীক সিনহাৰ উপৰিও এই তালিকাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি, ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা, বিশ্ব স্বাস্থ্য সংস্থা (বিশ্ব স্বাস্থ্য সংস্থা) আৰু ৰাছিয়াৰ বিৰোধী আৰু ভ্লাদিমিৰ পুটিনৰ সমালোচক এলেক্সি নাভালনিয়েও স্থান পাইছে।