NORTHEAST NOW (Assamese)

যিমানেই কঠিন প্ৰশ্ন, সিমানেই ক্ষিপ্ৰ উত্তৰ! চুপাৰ কম্পিউটাৰকো চেৰ পেলোৱা প্ৰতিভা কিশোৰীৰ (ভিডিঅ’)

August 27, 2023 2:25 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ছোৱালীজনীয়ে অংকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ ধৰণটো দেখি আপুনি আচৰিত হ’ব। এই ভিডিঅ’টো টুইট কৰাৰ সময়ত কোৱা হৈছিল যে এই ছোৱালীজনীৰ মস্তিস্ক ছুপাৰ কম্পিউটাৰতকৈ ক্ষিপ্ৰতাৰে কাম কৰিছে।

বহুতে কেলকুলেটৰৰ সহায়ত কঠিন হিচাপ-নিকাচ কৰে। কিন্তু এই ভিডিঅ’টোত এই কণমানি ছোৱালীজনীয়ে যি ক্ষিপ্ৰতাৰে অংকৰ হিচাপ কৰা দেখা গৈছে, তাক দেখি আপুনি আচৰিত নহৈ নোৱাৰে। ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত ডঃ এছ ৱাই কুৰেশ্বিয়ে এটা টুইট কৰি ছোৱালীজনীৰ প্ৰতিভাৰ কথা সদৰী কৰিছে।

টুইটাৰৰ কেপচনত লিখা আছে ছোৱালীজনীৰ মস্তিস্ক ছুপাৰ কম্পিউটাৰতকৈও বেছি দ্ৰুত গতিত হিচাপ কৰে। ভিডিঅ’টোত দেখা গৈছে যে ছোৱালীজনীক একেৰাহে অংকৰ প্ৰশ্ন কৰা হয় আৰু ছোৱালীজনীয়ে হাতেৰে দ্ৰুত হিচাপ কৰি উত্তৰ দিয়ে। এই ছোৱালীজনীয়ে সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ দি সকলোকে স্তম্ভিত কৰি তুলিছে।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ছোৱালীজনীক দেখি সকলোৱে অবাক হৈ পৰে। তাৰ লগতে সকলোৱে ছোৱালীজনীৰ প্ৰতিভাৰ প্ৰশংসা কৰিছে। ভিডিঅ’টোৰ শেষত ছোৱালীজনীক এটা তাৎক্ষণিক প্ৰশ্ন কৰা হয়, যাৰ উত্তৰো তাই তৎক্ষণাত দিয়ে। এই ভিডিঅ’টো এতিয়ালৈকে ছ’চিয়েল মিডিয়াত ৮ লাখতকৈ অধিক লোকে চাইছে।

Related News