অহা ৩ ছেপ্টেম্বৰৰ পৰা মাদাগাস্কাৰত আৰম্ভ হ’ব ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছ। ইয়াৰ পূৰ্বে শুকুৰবাৰে মাদাগাস্কাৰৰ ৰাজধানী আন্টানানাৰিভ’ বাৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত হয় গেমছৰ মুকলি অনুষ্ঠান।
এই মুকলি অনুষ্ঠান চাবলৈ আহিছিল প্ৰায় ৫০ হাজাৰ দৰ্শক। কিন্তু অনুষ্ঠানৰ মাজতে তীব্ৰ উত্তেজনাই বিৰাজ কৰে ষ্টেডিয়ামটোত। ফলত দৰ্শকৰ মাজত সৃষ্টি হয় হতাহতি।
প্ৰায় ৫০ হাজাৰ দৰ্শকে এই অনুষ্ঠান চাবলৈ আহিছিল। ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ সময়ত দৰ্শকৰ হুলস্থুলত অতিমাত্ৰা ভিৰ হোৱাৰ বাবেই এই ঘটনাৰ সৃষ্টি হয়। ভৰিৰে গচকাৰ ফলত থিতাতে মৃত্যু হয় ১২ জন লোকৰ। গুৰুতৰভাৱে আহত হয় ৮০জন লোক। প্ৰধানমন্ত্ৰী ক্রিষ্টিয়ান নিচ্চে জনোৱা মতে, আহতলোক সকল সম্প্ৰতি স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছৰ উদ্বোধনী অনুষ্ঠানত সময়ত উপস্থিত আছিল মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰাজোইলিনা। দুৰ্ঘটনাটোৰ পিছত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। তাৰ পাছতেই আৰম্ভ হ’ল ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছৰ মুকলি অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰাজোইলিনাই এই ঘটনাক লৈ শোক প্ৰকাশ কৰি এক মিনিট মৌনতা অৱলম্বন কৰে। লগতে তেওঁ মন্তব্য কৰে যে এয়া এক মৰ্মান্তিক ঘটনা।
এই হুলস্থুলৰ পিছতে ষ্টেডিয়ামৰ ভিতৰৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ছবিসমূহত ষ্টেডিয়ামৰ ভিতৰত সিঁচৰতি হৈ থকা জোতা, ধনৰ বেগ আৰু অন্যান্য সামগ্ৰী দেখা গৈছে।
উল্লেখ্য যে মাদাগাস্কাৰত এনে ঘটনা এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০১৯ চনত মহামসিনা ষ্টেডিয়ামত এনেধৰণৰ আন এক ঘটনা সংঘটিত হৈছিল। সেই ঘটনাত কমেও ১৫ জন লোকৰ মৃত্যু হৈছিল।





