• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়া পাতিবলৈ পালেগৈ আমেৰিকা, কইনাক ঘূৰাই পঠালে ট্ৰাম্পে; তাৰ পিছত কি ঘটিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2025 10:20 am
বিয়া পাতিবলৈ পালেগৈ আমেৰিকা, কইনাক ঘূৰাই পঠালে ট্ৰাম্পে; তাৰ পিছত কি ঘটিল?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিয়াৰ সপোন লৈ বিদেশলৈ যাত্ৰা। কিন্তু, ডিঙিত মংগলসূত্ৰ আৰু শিৰত সেন্দুৰ পিন্ধাৰ আগতেই ছিন্নভিন্ন হৈ পৰিল সেই সপোন। বিয়াৰ পূৰ্বে ‘ট্ৰাম্পৰ নীতি’ৰ বাবেই আমেৰিকাৰ পৰা বিতাড়িত কৰা হ’ল বিয়াৰ কইনা সুখজিত কৌৰক। ২৬ বছৰীয়া যুৱতীগৰাকীৰ ভৱিষ্যতক লৈ এতিয়া সমগ্ৰ পৰিয়ালটো চিন্তিত হৈ পৰিছে।

অবৈধ বুলি অভিহিত কৰি এশৰো অধিক অনুপ্ৰৱেশকাৰীক ভাৰতলৈ বিতাড়িত কৰিছে ট্ৰাম্প প্ৰশাসনে। হোয়াইট হাউছলৈ অহাৰ পিছত ড’নাল্ড ট্ৰাম্পে অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠিয়াবলৈ সময় নষ্ট কৰা নাই।

বুধবাৰে ১০৪ জন অবৈধ অনুপ্ৰৱেশকাৰীক লৈ অমৃতসৰ বিমানবন্দৰত চি-১৭ নামৰ আমেৰিকাৰ সামৰিক বিমান অৱতৰণ কৰে। আমেৰিকাৰ পৰা বলপূৰ্বকভাৱে ভাৰতলৈ প্ৰেৰণ কৰা এই ১০৪ জন অনুপ্ৰৱেশকাৰীৰ পৰিয়াল চিন্তিত হৈ পৰিছে। এই গ্ৰুপত আছিল ২৬ বছৰীয়া সুখজিত।

পঞ্জাৱৰ বীৰপাল গাঁৱৰ বাসিন্দা সুখজিত লাখ লাখ টকা খৰচ কৰি প্ৰেমিকক বিয়া কৰাবলৈ আমেৰিকাত উপস্থিত হৈছিল। কিন্তু বিয়াৰ আগতে তেওঁক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হয়। সেয়ে সেই বিয়া আৰু নহ’ল। তাৰ বিপৰীতে ট্ৰাম্পে ভাৰতলৈ প্ৰেৰণ কৰা প্ৰথমখন বিমানতেই সুখজিত নামৰ কইনাগৰাকীক পঠাই দিয়া হৈছিল।

এজেন্টৰ সহায়ত মাত্ৰ স্কুলীয়া শিক্ষা সমাপ্ত কৰা সুখজিত আমেৰিকাত উপস্থিত হয়। লাখ লাখ টকা খৰচ কৰিও একো লাভ নহ’ল। তেওঁৰ মাক আৰু ককায়েকে এতিয়া ছোৱালীজনীৰ ভৱিষ্যত কি হ’ব তাক লৈ উদ্বিগ্ন হৈ পৰিছে।

কেৱল সুখজিতে নহয়, আমেৰিকাৰ পৰা ঘূৰাই পঠোৱা আন ১০৩ জন অনুপ্ৰৱেশকাৰীৰ কাহিনীও কম বেছি পৰিমাণে একেই। কোনোৱে আমেৰিকালৈ যাবলৈ এজন এজেণ্টক ৩০ লাখ টকা, কোনোৱে ৫০ লাখ টকা, আৰু কোনোৱেবা কোটি টকা দিছিল। পঞ্জাৱৰ কৃষক স্বৰ্ণ সিঙে নিজৰ প্ৰায় ৩ একৰ মাটি বন্ধকত ৰাখি পুত্ৰ আকাশদীপক বিদেশলৈ পঠিয়াই দিয়ে। কিন্তু ষ্টুডেন্ট ভিছা লাভ কৰিব নোৱাৰা আকাশদীপে ধন সঞ্চয়ৰ বাবে ডুবাইত ট্ৰাক চালকৰ কাম কৰিছিল। ইয়াৰ পিছত তেওঁ টকাখিনি এজন এজেণ্টলৈ পঠিয়াই আমেৰিকা পায়হি। মুঠ খৰচ ষাঠি লাখতকৈও অধিক। সকলো হেৰুৱাই স্বৰ্ণ সিং এতিয়া পুত্ৰৰ ভৱিষ্যতক লৈ অধিক চিন্তিত।

একেদৰে বাছ চালক ডালেৰ সিং আৰু অজয়দীপ সিংও এজেণ্টৰ জৰিয়তে ‘ডাংকি’ পথেৰে আমেৰিকালৈ গৈছিল। ট্ৰাম্প প্ৰশাসনৰ নীতিয়ে সকলোৰে একে ভাগ্যই নিৰ্ধাৰণ কৰে।

ইপিনে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কিয় সামৰিক বিমান ব্যৱহাৰ কৰি প্ৰব্ৰজনকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠিয়াইছে সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। তথ্য অনুসৰি আমেৰিকাৰ বায়ুসেনাৰ চি-১৭ গ্ল’বমাষ্টাৰ বিমানৰ খৰচ যিকোনো চাৰ্টাৰ্ড বিমানতকৈও বেছি, আনকি ব্যৱসায়িক শ্ৰেণীতকৈও বেছি। তেন্তে এনে সিদ্ধান্ত কিয়?

দৰাচলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে খৰচৰ কথা চিন্তা নকৰি সামৰিক বিমানত প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিয়াই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে ইয়াৰ খৰচ পাঁচগুণ বেছি। বাতৰি অনুসৰি ট্ৰাম্প প্ৰশাসনে প্ৰতিজন অনুপ্ৰৱেশকাৰীৰ বাবে কমেও ৪ লাখ টকা ব্যয় কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

August 26, 2025 1:22 pm
চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

August 26, 2025 1:17 pm
সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

August 26, 2025 12:39 pm
আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

August 26, 2025 1:22 pm
চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

August 26, 2025 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd