• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়া পাতিবলৈ পালেগৈ আমেৰিকা, কইনাক ঘূৰাই পঠালে ট্ৰাম্পে; তাৰ পিছত কি ঘটিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2025 10:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিয়াৰ সপোন লৈ বিদেশলৈ যাত্ৰা। কিন্তু, ডিঙিত মংগলসূত্ৰ আৰু শিৰত সেন্দুৰ পিন্ধাৰ আগতেই ছিন্নভিন্ন হৈ পৰিল সেই সপোন। বিয়াৰ পূৰ্বে ‘ট্ৰাম্পৰ নীতি’ৰ বাবেই আমেৰিকাৰ পৰা বিতাড়িত কৰা হ’ল বিয়াৰ কইনা সুখজিত কৌৰক। ২৬ বছৰীয়া যুৱতীগৰাকীৰ ভৱিষ্যতক লৈ এতিয়া সমগ্ৰ পৰিয়ালটো চিন্তিত হৈ পৰিছে।

অবৈধ বুলি অভিহিত কৰি এশৰো অধিক অনুপ্ৰৱেশকাৰীক ভাৰতলৈ বিতাড়িত কৰিছে ট্ৰাম্প প্ৰশাসনে। হোয়াইট হাউছলৈ অহাৰ পিছত ড’নাল্ড ট্ৰাম্পে অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠিয়াবলৈ সময় নষ্ট কৰা নাই।

Apply Now

বুধবাৰে ১০৪ জন অবৈধ অনুপ্ৰৱেশকাৰীক লৈ অমৃতসৰ বিমানবন্দৰত চি-১৭ নামৰ আমেৰিকাৰ সামৰিক বিমান অৱতৰণ কৰে। আমেৰিকাৰ পৰা বলপূৰ্বকভাৱে ভাৰতলৈ প্ৰেৰণ কৰা এই ১০৪ জন অনুপ্ৰৱেশকাৰীৰ পৰিয়াল চিন্তিত হৈ পৰিছে। এই গ্ৰুপত আছিল ২৬ বছৰীয়া সুখজিত।

পঞ্জাৱৰ বীৰপাল গাঁৱৰ বাসিন্দা সুখজিত লাখ লাখ টকা খৰচ কৰি প্ৰেমিকক বিয়া কৰাবলৈ আমেৰিকাত উপস্থিত হৈছিল। কিন্তু বিয়াৰ আগতে তেওঁক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হয়। সেয়ে সেই বিয়া আৰু নহ’ল। তাৰ বিপৰীতে ট্ৰাম্পে ভাৰতলৈ প্ৰেৰণ কৰা প্ৰথমখন বিমানতেই সুখজিত নামৰ কইনাগৰাকীক পঠাই দিয়া হৈছিল।

এজেন্টৰ সহায়ত মাত্ৰ স্কুলীয়া শিক্ষা সমাপ্ত কৰা সুখজিত আমেৰিকাত উপস্থিত হয়। লাখ লাখ টকা খৰচ কৰিও একো লাভ নহ’ল। তেওঁৰ মাক আৰু ককায়েকে এতিয়া ছোৱালীজনীৰ ভৱিষ্যত কি হ’ব তাক লৈ উদ্বিগ্ন হৈ পৰিছে।

কেৱল সুখজিতে নহয়, আমেৰিকাৰ পৰা ঘূৰাই পঠোৱা আন ১০৩ জন অনুপ্ৰৱেশকাৰীৰ কাহিনীও কম বেছি পৰিমাণে একেই। কোনোৱে আমেৰিকালৈ যাবলৈ এজন এজেণ্টক ৩০ লাখ টকা, কোনোৱে ৫০ লাখ টকা, আৰু কোনোৱেবা কোটি টকা দিছিল। পঞ্জাৱৰ কৃষক স্বৰ্ণ সিঙে নিজৰ প্ৰায় ৩ একৰ মাটি বন্ধকত ৰাখি পুত্ৰ আকাশদীপক বিদেশলৈ পঠিয়াই দিয়ে। কিন্তু ষ্টুডেন্ট ভিছা লাভ কৰিব নোৱাৰা আকাশদীপে ধন সঞ্চয়ৰ বাবে ডুবাইত ট্ৰাক চালকৰ কাম কৰিছিল। ইয়াৰ পিছত তেওঁ টকাখিনি এজন এজেণ্টলৈ পঠিয়াই আমেৰিকা পায়হি। মুঠ খৰচ ষাঠি লাখতকৈও অধিক। সকলো হেৰুৱাই স্বৰ্ণ সিং এতিয়া পুত্ৰৰ ভৱিষ্যতক লৈ অধিক চিন্তিত।

একেদৰে বাছ চালক ডালেৰ সিং আৰু অজয়দীপ সিংও এজেণ্টৰ জৰিয়তে ‘ডাংকি’ পথেৰে আমেৰিকালৈ গৈছিল। ট্ৰাম্প প্ৰশাসনৰ নীতিয়ে সকলোৰে একে ভাগ্যই নিৰ্ধাৰণ কৰে।

ইপিনে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কিয় সামৰিক বিমান ব্যৱহাৰ কৰি প্ৰব্ৰজনকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠিয়াইছে সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। তথ্য অনুসৰি আমেৰিকাৰ বায়ুসেনাৰ চি-১৭ গ্ল’বমাষ্টাৰ বিমানৰ খৰচ যিকোনো চাৰ্টাৰ্ড বিমানতকৈও বেছি, আনকি ব্যৱসায়িক শ্ৰেণীতকৈও বেছি। তেন্তে এনে সিদ্ধান্ত কিয়?

দৰাচলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে খৰচৰ কথা চিন্তা নকৰি সামৰিক বিমানত প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিয়াই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে ইয়াৰ খৰচ পাঁচগুণ বেছি। বাতৰি অনুসৰি ট্ৰাম্প প্ৰশাসনে প্ৰতিজন অনুপ্ৰৱেশকাৰীৰ বাবে কমেও ৪ লাখ টকা ব্যয় কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd