এই ৫২টা চীনা এপক লৈ ভাৰত চৰকাৰক পৰামৰ্শ চোৰাংচোৱা সংস্থাসমূহৰ

275 more Chinese apps including PubG on India's radar

ফাইল ছবি।

ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে ৫২টা চীনা ম’বাইল এপ ব্লক কৰিবলৈ বা নহ’লে জনসাধাৰণক ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিবলৈ চৰকাৰক পৰামৰ্শ দিছে, বাতৰিত প্ৰকাশ।

জনপ্ৰিয় এই এপসমূহ নিৰাপদ নহয় বুলি আৰু এইসমূহে ভাৰতৰ বাহিৰলৈ বহু পৰিমাণৰ ডাটা লৈ যাব পাৰে বুলি সংস্থাসমূহে উদ্বিগ্নতা প্ৰকাশ কৰিছে।

এই তালিকাত আছে ভিডিঅ’ কনফাৰেন্সিং এপ Zoom, ভিডিঅ’ এপ TikTok, UC browser, Xender, SHAREit, Clean-master, WeChat, Mi Community, ClubFactory, Mi Store, VivaVideo- QU Video Inc আদি বহুবিলাক জনপ্ৰিয় এপ।

তলত এপসমূহৰ সম্পূৰ্ণ তালিকা আগবঢ়োৱা হৈছে–

TikTok, Vault-Hide, Vigo Video, Bigo Live, Weibo, WeChat, SHAREit, UC News, UC Browser, BeautyPlus, Xender, ClubFactory, Helo, LIKE, Kwai, ROMWE, SHEIN, NewsDog, Photo Wonder, APUS Browser, VivaVideo- QU Video Inc, Perfect Corp, CM Browser, Virus Cleaner (Hi Security Lab), Mi Community, DU recorder, YouCam Makeup, Mi Store, 360 Security, DU Battery Saver, DU Browser, DU Cleaner, DU Privacy, Clean Master – Cheetah, CacheClear DU apps studio, Baidu Translate, Baidu Map, Wonder Camera, ES File Explorer, QQ International, QQ Launcher, QQ Security Centre, QQ Player, QQ Music, QQ Mail, QQ NewsFeed, WeSync, SelfieCity, Clash of Kings, Mail Master, Mi Video call-Xiaomi, Parallel Space

এই বছৰৰ এপ্ৰিলত ভিডিঅ’ কনফাৰেন্সিং এপ Zoomৰ ব্যৱহাৰ সন্দৰ্ভত গৃহ মন্ত্ৰ্যালয়ে এক পৰামৰ্শাৱলী জাৰি কৰিছিল।

চৰকাৰী কামত Zoom নিষিদ্ধ কৰা ভাৰতেই প্ৰথম দেশ নাছিল।

ইয়াৰ পূৰ্বে টাইৱান, জাৰ্মেনি, আমেৰিকা আদি দেশে বিভিন্ন চৰকাৰী ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ বন্ধ কৰিছিল।