আন্তৰ্জাতিক টী-২০ ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িলে এইগৰাকী ভাৰতীয় তাৰকাই

Jemimah-Rodrigues-1st-T20I-Twitter-@BCCIWomen-640

World record by Indian Cricketer: আন্তৰ্জাতিক টী-২০ ক্ৰিকেটৰ পুৰুষ আৰু মহিলা দুয়োটাৰ ভিতৰতে এক দুৰ্দান্ত বিশ্ব অভিলেখ গঢ়িলে ভাৰতীয় তাৰকা জেমিমা ৰ’ড্ৰিগজে।

ভাৰতীয় তাৰকা মিডল অৰ্ডাৰ বেটাৰগৰাকীয়ে আটাইতকৈ কম বয়সত আন্তৰ্জাতিক টী-২০ৰ কেৰিয়াৰত ১০০০ৰাণ সম্পূৰ্ণ কৰাৰ অভিলেখ গঢ়িলে।

জেমিমাই তেওঁৰ এই বিশ্ব অভিলেখ গঢ়াৰ সময়ত ভংগ কৰে ৱেষ্টইণ্ডিজৰ ষ্টেফানি টেইলৰৰ অভিলেখ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কাৰাৰ অ’ভেলত খেলা টী-২০ ছিৰিজৰ প্ৰথমখন মেচত বেটিং কৰি এই অভিলেখ গঢ়ে খেলুৱৈগৰৈকীয়ে। এই অভিলেখৰ বাবে জেমিমাক প্ৰয়োজন আছিল ২৪ ৰাণৰ আৰু সেয়া তেওঁ সহজেই সংগ্ৰহ কৰে।

জেমিমাই ২১ বছৰ ৩২ দিন বয়সত এই অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে আন্তৰ্জাতিক টী-২০ ক্ৰিকেটত ষ্টেফানিয়ে ২১ বছৰ ১১১দিন বয়সত ১০০০ৰাণ সম্পূৰ্ণ কৰিছিল।

এই খেলখনৰ পূৰ্বে আন্তৰ্জাতিক টী-২০ ক্ৰিকেট কেৰিয়াৰত জেমিমাৰ ব্যক্তিগত সংগ্ৰহ আছিল ৪৭খন মেচ খেলি ৪০টা ইনিংছত ৯৭৬ৰাণ।  

আনহাতে, কাৰাৰা অ’ভেলত জেমিমা ব্যক্তিগত ৪৯ৰাণত অপৰাজিত থাকে। সেইদৰে তেওঁ ৪৮খন মেচত ৪১টা ইনিংছ খেলি মুঠ ১০২৫ৰাণ সংগ্ৰহ কৰিছে।

অৱশ্যে বৰষুণৰ বাবে খেলখন পৰিত্যক্ত হয় আৰু দুয়োটা দলকে ১ পইন্টক ভগাই দিয়া হয়।