পুনৰ মাজ আকাশত প্ৰস্ৰাৱ কাণ্ড! নিউয়র্কৰ পৰা দিল্লী অভিমুখী বিমানত যাত্রীৰ অভব্য আচৰণ

ফটো: সংগ্ৰহীত।

ব্যৱধান মাত্ৰ ডেৰ মাহ। বিমানত পুনৰ সহযাত্ৰীৰ গাত প্ৰস্ৰাৱ! অভিযোগ অনুসৰি এই কাণ্ড সংঘটিত কৰা ভাৰতীয় যাত্ৰীগৰাকী মাতাল অৱস্থাত আছিল। এইবাৰ নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী আমেৰিকান এয়াৰলাইন্সৰ বিমানত সংঘটিত হৈছে এই কাণ্ড।

দেওবাৰে নিশাৰ ঘটনা। নিউয়ৰ্কৰ পৰা দিল্লীলৈ আহি আছিল আমেৰিকান এয়াৰলাইন্সৰ এখন বিমান।

অভিযোগ অনুসৰি ঘটনাৰ সময়ত বিমানখন আকাশৰ মাজত আছিল। এজন মাতাল যাত্ৰীয়ে আন এজন যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰি দিয়ে! তাৰপিছত?

লগতে পঢ়ক: বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনত গুৰুত্বপূৰ্ণ তথ্য! আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যুৰ গোচৰত উচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশ

বিমানখন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে চিআইএছএফে অভিযুক্ত যাত্ৰীজনক জিম্মাত লয়।

ইয়াৰ পূৰ্বে যোৱা মাৰ্চ মাহতো নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী আমেৰিকান এয়াৰলাইন্সৰ এখন বিমানত একেধৰণৰ ঘটনা সংঘটিত হৈছিল। এজন ভাৰতীয় ছাত্ৰই সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল।

লগতে পঢ়ক: সুখবৰ : ফিল্ম ফেয়াৰলৈ মনোনীত হ’ল অসমৰ সুমন অধিকাৰী

আন্তঃৰাষ্ট্ৰীয় প্ৰট’কল অনুসৰণ কৰি বিমানকৰ্মীসকলে পৰিস্থিতি চম্ভালে। ইয়াৰ পিছতে দিল্লীৰ বিমানবন্দৰত চিআইএছএফ আৰু আৰক্ষীক এই ঘটনাটো অৱগত কৰা হয়।