NORTHEAST NOW (Assamese)

ভাৰতীয় মূলৰ অভিজিত বেনাৰ্জীলৈ ২০১৯ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল

October 14, 2019 5:19 pm · এন ই নাও নিউজ
অভিজিত বেনাৰ্জী। উৎস-ইণ্টাৰনেট

ইণ্ডো-আমেৰিকান অভিজিত বেনাৰ্জী তেওঁৰ পত্নী এস্থাৰ দুফলো আৰু মাইকেল ক্ৰেমাৰলৈ সন্মিলিতভাৱে ২০১৯ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে।

বিশ্বব্যপি দৰিদ্ৰতা নিৰ্মূলৰ অৰ্থে পৰীক্ষামূলক পদ্ধতি (experimental approach to alleviating global poverty)ৰ শীৰ্ষক কৰ্মৰাজিৰ বাবে বিখ্যাত অৰ্থনীতিবিদ কেইগৰাকীলৈ এই বঁটা আগবোঢ়োৱা হৈছে।

‘‘বিশ্বব্যাপি থকা দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত বঁটা বিজয়ীসকলৰ অৱদানে আমাক যথেষ্ট উপকৃত কৰিছে। মাত্ৰ দুটা দশকৰ ভিতৰতে তেওঁলোকৰ প্ৰয়োগিক দৃষ্টিকোণে বিকাশশীল অৰ্থশাস্ত্ৰৰ ৰূপ-ৰেখা সলনি কৰি দিছে, যি বৰ্তমান গৱেষণাৰ এক সমৃদ্ধ ক্ষেত্ৰ,’’ ন’বেল কমিটিয়ে এক বিবৃতিত উল্লেখ কৰে।

অভিজিত বেনাৰ্জীয়ে কলিকতা বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পাছত ক্ৰমে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু হাভাৰ্ড বিশ্ববিদ্যালয়তো শিক্ষা গ্ৰহণ কৰে। ১৯৮৮ চনত তেওঁ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।

বৰ্তমান তেওঁ এম আই টি ( Massachusetts Institute of Technology)ত অৰ্থনীতিৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে।

উল্লেখযোগ্য যে, ২০০৩ চনত বেনাৰ্জীয়ে পত্নী এস্থাৰ দুফলো আৰু সেন্ধীল মুল্লাইনাথনৰ সৈতে আব্দুল লতিফ জামেল পোভাৰ্টি একশ্যন লেব(জে-পি এ এল) প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ গবেষণা কক্ষৰ এগৰাকী সঞ্চালক হিচাপে কৰ্মৰত হৈ আছিল।

তদুপৰি, অভিজিত বেনাৰ্জীয়ে ৰাষ্ট্ৰসংঘৰ সচিৱ প্ৰধানৰ উচ্চস্তৰীয় সমিতিতো কাৰ্য্যনিৰ্বাহ কৰিছিল।

Related News