ঘোষিত বিদেশী হৈ অসমৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা আন এজন হিন্দু বাঙালীৰ কৰুণ মৃত্যু ঘটিছে।
৬৫ বছৰীয়া আৰু অসুস্থ দুলাল পাল নামৰ লোকজনে সময়ত উপযুক্ত চিকিৎসা নোপোৱা বাবেই মৃত্যু হোৱা বুলি পৰিয়ালৰ অভিযোগ।
তেজপুৰ কাৰাগাৰৰ ডিটেনশ্যন কেম্পত বন্দী জীৱন কটোৱা পালৰ স্বাস্থ্যৰ অৱনতি ঘটা বাবে যোৱা ২৮ ছেপ্টেম্বৰত গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত ভৰ্তি কৰা হৈছিল। কিন্তু যোৱা ৰাতি পালে চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।
দুলাল দাসৰ ঘৰ শোণিতপুৰ জিলাৰ আলিসিংহ গাঁৱত আছিল আৰু ২০১৭ চনৰ ১১ অক্টোবৰত তেওঁক আটক কৰি ডিটেনশ্যন কেম্পলৈ অনা হৈছিল।
ইণ্ডিয়ান এক্সপ্ৰে’ছত প্ৰকাশ পোৱা পৰিয়ালৰ ভাষ্য মতে, দুলাল পাল মানসিকভাৱে সুস্থ নাছিল। তৎসত্ত্বেও তেওঁক ডিটেনশ্যন কেম্পত ৰখা হৈছিল।
পৰিয়ালৰ দাবী, তেওঁলোকৰ হাতত ১৯৬০ দশকৰে মাটিৰ কাগজ-পত্ৰ আছে। আনহাতে তেওঁৰ ককাই-ভাইসকলৰ নাম এন আৰ চিতো অন্তৰ্ভুক্ত হৈছে।
উল্লেখযোগ্য যে চৰকাৰী তথ্য মতেই যোৱা তিনি বছৰত মুঠ ২৪জন লোকৰ ডিটেনশ্যন কেম্পবোৰত মৃত্যু হৈছে।
চৰকাৰৰ মতে এই লোকসকল বিভিন্ন অসুখত মৃত্যু হৈছে যদিও পৰিয়ালবোৰে দাবী কৰি আহিছে যে নিম্নতম বুনিয়াদী প্ৰয়োজনবোৰৰ অভাৱৰ মাজত কৰুণভাৱে এওঁলোকৰ মৃত্যু হৈছে।
যোৱা এপ্ৰিল মাহত অমৃত দাস নামৰ এজনৰ বন্দীৰ মানসিক উদ্বেগৰ ফলত সৃষ্ট হৃদৰোগত আক্ৰান্ত হৈ গোৱালপাৰা ডিটেনশ্যন কেম্পত কৰুণ মৃত্যু হৈছিল।
তাৰ পিছত মে’ মাহতো বাসুদেৱ বিশ্বাস নামৰ এজন বন্দী ৰহস্যজনক অৱস্থাত তেজপুৰৰ ডিটেনশ্যন কেম্পৰ পৰা কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া অৱস্থাত মৃত্যু হৈছিল। শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষাণৰ ভাষ্য মতে, ২০১৬ চনৰ পৰা বন্দী হৈ থকা বিশ্বাস উদফাই ৰোগত ভুগি আছিল আৰু ১১ মাৰ্চৰ নিশা বিছনাৰ পৰা পৰিছিল।
যোৱা জুলাই মাহত বিধানসভাৰ মজিয়াত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তথ্য দি কৈছিল যে ২০১৯ বৰ্ষটোত সেই পৰ্য্যন্ত ডিটেনশ্যন কেম্পৰ ৭জন বন্দীৰ মৃত্যু হৈছিল।
অসমত থকা মুঠ ৬টা ডিটেনশ্যন কেম্পত ১১ হাজাৰতকৈ অধিক লোকে “বিদেশী” হিচাপে বন্দিত্বৰ জীৱন কটাই আছে। এই কেম্পবোৰত নিম্নতম বুনিয়াদী সা-সুবিধা আৰু মানৱীয় অধিকাৰবোৰৰ অভাৱ ঘটা বুলি সততে অভিযোগ উঠি আহিছে।