• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ডিটেনশ্যন কেম্পত আন এজন হিন্দু বাঙালীৰ কৰুণ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2019 5:13 pm
Dulal Paul
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘোষিত বিদেশী হৈ অসমৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা আন এজন হিন্দু বাঙালীৰ কৰুণ মৃত্যু ঘটিছে।

৬৫ বছৰীয়া আৰু অসুস্থ দুলাল পাল নামৰ লোকজনে সময়ত উপযুক্ত চিকিৎসা নোপোৱা বাবেই মৃত্যু হোৱা বুলি পৰিয়ালৰ অভিযোগ।

Apply Now

তেজপুৰ কাৰাগাৰৰ ডিটেনশ্যন কেম্পত বন্দী জীৱন কটোৱা পালৰ স্বাস্থ্যৰ অৱনতি ঘটা বাবে যোৱা ২৮ ছেপ্টেম্বৰত গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত ভৰ্তি কৰা হৈছিল। কিন্তু যোৱা ৰাতি পালে চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।

দুলাল দাসৰ ঘৰ শোণিতপুৰ জিলাৰ আলিসিংহ গাঁৱত আছিল আৰু ২০১৭ চনৰ ১১ অক্টোবৰত তেওঁক আটক কৰি ডিটেনশ্যন কেম্পলৈ অনা হৈছিল।

ইণ্ডিয়ান এক্সপ্ৰে’ছত প্ৰকাশ পোৱা পৰিয়ালৰ ভাষ্য মতে, দুলাল পাল মানসিকভাৱে সুস্থ নাছিল। তৎসত্ত্বেও তেওঁক ডিটেনশ্যন কেম্পত ৰখা হৈছিল।

পৰিয়ালৰ দাবী, তেওঁলোকৰ হাতত ১৯৬০ দশকৰে মাটিৰ কাগজ-পত্ৰ আছে। আনহাতে তেওঁৰ ককাই-ভাইসকলৰ নাম এন আৰ চিতো অন্তৰ্ভুক্ত হৈছে।

উল্লেখযোগ্য যে চৰকাৰী তথ্য মতেই যোৱা তিনি বছৰত মুঠ ২৪জন লোকৰ ডিটেনশ্যন কেম্পবোৰত মৃত্যু হৈছে।

চৰকাৰৰ মতে এই লোকসকল বিভিন্ন অসুখত মৃত্যু হৈছে যদিও পৰিয়ালবোৰে দাবী কৰি আহিছে যে নিম্নতম বুনিয়াদী প্ৰয়োজনবোৰৰ অভাৱৰ মাজত কৰুণভাৱে এওঁলোকৰ মৃত্যু হৈছে।

যোৱা এপ্ৰিল মাহত অমৃত দাস নামৰ এজনৰ বন্দীৰ মানসিক উদ্বেগৰ ফলত সৃষ্ট হৃদৰোগত আক্ৰান্ত হৈ গোৱালপাৰা ডিটেনশ্যন কেম্পত কৰুণ মৃত্যু হৈছিল।

তাৰ পিছত মে’ মাহতো বাসুদেৱ বিশ্বাস নামৰ এজন বন্দী ৰহস্যজনক অৱস্থাত তেজপুৰৰ ডিটেনশ্যন কেম্পৰ পৰা কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া অৱস্থাত মৃত্যু হৈছিল। শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষাণৰ ভাষ্য মতে, ২০১৬ চনৰ পৰা বন্দী হৈ থকা বিশ্বাস উদফাই ৰোগত ভুগি আছিল আৰু ১১ মাৰ্চৰ নিশা বিছনাৰ পৰা পৰিছিল।

যোৱা জুলাই মাহত বিধানসভাৰ মজিয়াত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তথ্য দি কৈছিল যে ২০১৯ বৰ্ষটোত সেই পৰ্য্যন্ত ডিটেনশ্যন কেম্পৰ ৭জন বন্দীৰ মৃত্যু হৈছিল।

অসমত থকা মুঠ ৬টা ডিটেনশ্যন কেম্পত ১১ হাজাৰতকৈ অধিক লোকে “বিদেশী” হিচাপে বন্দিত্বৰ জীৱন কটাই আছে। এই কেম্পবোৰত নিম্নতম বুনিয়াদী সা-সুবিধা আৰু মানৱীয় অধিকাৰবোৰৰ অভাৱ ঘটা বুলি সততে অভিযোগ উঠি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd