টাইম ম্যাগাজিনৰ প্রথম ‘‌কিড অফ দ্য ইয়াৰ’ নির্বাচিত ভাৰতীয় বংশোদ্ভূত গীতাঞ্জলি ৰাও

প্ৰথমবাৰৰ বাবে ‘কিড অফ দ্যা ইয়াৰ’ৰ নাম ঘোষণা কৰিছে টাইম মেগাজিনে। টাইম মেগাজিনে প্ৰথমবাৰৰ বাবে ঘোষণা কৰা এই অনন্য সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় বংশোদ্ভূত গীতাঞ্জলি ৰাৱে।

ভাৰতীয় বংশোদ্ভূত গীতাঞ্জলি ৰাও বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলোৰাডোৰ বাসিন্দা।

১৫ বছৰীয়া গীতাঞ্জলিয়ে তেওঁৰ অভিনৱ আবিষ্কাৰৰ বাবে এই অনন্য সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

গীতাঞ্জলিৰ এই কৃতিত্বত ভাৰতীয় লোক সকলেও যথেষ্ট সুখ অনুভৱ কৰি ছ’চিয়েল মিডিয়াযোগে গীতাঞ্জলিক শুভকামনা জনাইছে।

আনহাতে, টাইম মেগাজিনৰ হৈ স্বয়ং এঞ্জেলিনা জ’লিয়ে গীতাঞ্জলি ৰাওৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে।

বিদ্যালয়ৰ ছাত্ৰী হোৱাৰ উপৰিও গীতাঞ্জলি এগৰাকী বিজ্ঞানী। জলীয় দ্ৰব্যত সীহ আছে নে নাই সেয়া পৰীক্ষাৰ কাৰৰ বাবে গীতাঞ্জলিয়ে এক বিশেষ যন্ত্ৰ আবিষ্কাৰ কৰি উলিয়াইছিল।

ইয়াৰ উপৰিও গীতাঞ্জলি দুই তিনিটা এপ নিৰ্মাণ কৰি উলিয়াইছে।

গীতাঞ্জলিৰ বিজ্ঞানৰ ক্ষেত্ৰত এই চমকপ্ৰদ আবিষ্কাৰৰ বাবে ৮ বছৰৰ পৰা ১৬ বছৰ বয়সৰ মুঠ ৫ হাজাৰ প্ৰতিযোগিৰ মাজৰ পৰা টাইম মেগাজিনে প্ৰতিভাৱান ভাৰতীয় বংশদ্ভূট গীতাঞ্জলিক নিৰ্বাচিত কৰে।