ভাৰতীয় গৱেষকসকলে মাংকিপক্স ভাইৰাছ (Monkeypox Virus বা MPV)ৰ অধ্যয়নত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ স্বায়ত্তশাসিত প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এডভান্সড চাইন্টিফিক ৰিচাৰ্চ (JNCASR)ৰ বিজ্ঞানীসকলে মাংকিপক্স ভাইৰাছৰ ভাইৰ’লজী বুজিবলৈ এক নতুন পদ্ধতি আৱিষ্কাৰ কৰিছে। তেওঁলোকৰ গৱেষণাই ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বিকাশত উল্লেখযোগ্য ভূমিকা ল’ব পাৰে।
বিশ্ব স্বাস্থ্য সংস্থাই বিগত তিনিবছৰত দুবাৰকৈ মাংকিপক্স ৰোগক বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰিছে। শেহতীয়াকৈ ২০২৪ চনত এই মহামাৰীয়ে আফ্ৰিকাৰ প্ৰায় ১৫খন দেশ আৰু আফ্ৰিকাৰ বাহিৰৰ তিনিখন দেশত বিয়পি পৰিছে। এই ভাইৰাছৰ অভাৱনীয় বিস্তাৰৰ বাবে ইয়াৰ সংক্ৰমণৰ ধৰণ আৰু লক্ষণসমূহৰ বিষয়ে স্পষ্ট বুজাবুজিৰ অভাৱ দেখা গৈছে। ফলত ভাইৰাছৰ কাৰ্য প্ৰক্ৰিয়া বুজি পোৱা আৰু দ্ৰুত ৰোগ নিৰ্ণয় আৰু থেৰাপি বিকশিত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।
মাংকিপক্স ভাইৰাছক ডাবল ষ্ট্ৰেণ্ডেড ডি এন এ (dsDNA) ভাইৰাছ বুলি গৱেষকসকলে প্ৰকাশ কৰিছে। বৰ্তমান পলিমেৰেজ চেইন ৰিয়েকচন (PCR)ৰ দ্বাৰা ভাইৰাছ ধৰা পৰে। কিন্তু ইয়াত ডি এন এ এম্প্লিফিকেশন আৰু ফ্লু’ৰেচেণ্ট প্ৰ’ব ব্যৱহাৰ কৰা হয়, যিবোৰৰ সঠিকতা প্ৰায়ে সীমিত।
জেএনচিএএছআৰৰ বিজ্ঞানীসকলে এমপিভি জিনমত চাৰিস্তৰযুক্ত ডিএনএ গঠনৰ নতুন ধৰণৰ চিনাক্ত কৰিছে, যাক গুয়ানিন-কোৱাড্ৰুপ্লেক্স (GQ) বুলি জনা যায়। এই জিকিউ গঠনসমূহ অতি সংৰক্ষিত, শাৰীৰিক পৰিস্থিতিত সুস্থিৰ আৰু অন্যান্য পক্সভাইৰাছ বা মানুহৰ ডি এন এত অনুপস্থিত।
গৱেষকসকলে বিশেষ ফ্ল’ৰ’জেনিক আণৱিক প্ৰ’ব (BBJL) ব্যৱহাৰ কৰি GQ গঠনটো নিখুঁতভাৱে চিনাক্ত কৰিছিল। এমপিভি জিকিউৰ সৈতে সংযুক্ত এই বিবিজেএল প্ৰ’বে ২৫০ গুণ বেছি ফ্লু’ৰেচেণ্ট আউটপুট দিছিল। ইয়াৰ জৰিয়তে মাংকিপক্স ভাইৰাছক বিশেষভাৱে চিনাক্ত কৰিব পৰা যায়।
গৱেষকসকলে কয় যে জিকিউ গঠনৰ উচ্চ মাত্ৰাৰ সংৰক্ষণ আৰু অন্যান্য ভাইৰাছ বা ৰোগকাৰক জীৱাণুৰ সৈতে ইয়াৰ সাদৃশ্যৰ অভাৱে ইয়াক ৰোগ নিৰ্ণয়ৰ বাবে এক মূল্যৱান লক্ষ্য কৰি তোলে। লগতে, থেৰাপীৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।”
মাংকিপক্স ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত বৰ্তমানৰ কৌশলতকৈ এই নতুন পদ্ধতি অধিক সঠিক আৰু ফলপ্ৰসূ হ’ব পাৰে। বৰ্তমান ব্যৱহৃত এম্প্লিফিকেশন ভিত্তিক পদ্ধতিসমূহে প্ৰায়ে মিছা-ধনাত্মক ফলাফল দিয়ে। নতুন GQ গঠন ভিত্তিক প্ৰযুক্তিয়ে এই সমস্যাসমূহ অতিক্ৰম কৰিব পাৰে।
গৱেষণা দলটোৰ মতে, এমপিভি জিনমৰ অধিক মেপিং কৰি ভৱিষ্যতৰ চিকিৎসাৰ বাবে জিকিউ লক্ষ্য চিনাক্ত কৰা হৈছে। এই গৱেষণাৰ ফলত জিকিউৰ ওপৰত ভিত্তি কৰি নতুন ডায়েগনষ্টিক প্লেটফৰ্ম আৰু এণ্টি ভাইৰেল থেৰাপীৰ বিকাশ হ’ব।
জেএনচিএএছআৰৰ গৱেষণাত চিনাক্ত কৰা জিকিউ গঠনে কেৱল মাংকিপক্স নহয়, অন্যান্য ডিএনএ ভিত্তিক ভাইৰাছৰ অধ্যয়নতো ভূমিকা ল’ব পাৰে। মাংকিপক্সৰ ভাইৰ’লজীৰ ওপৰত অধিক গৱেষণাৰ উপৰিও ইয়াৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় আৰু চিকিৎসা পদ্ধতিও বিকশিত কৰিব পাৰি।
অধ্যয়নৰ তথ্যই এমপিভিৰ বিৰুদ্ধে যুঁজত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। এই আৱিষ্কাৰে বিশ্বৰ বিজ্ঞানীসকলৰ বাবে এক নতুন দিশ মুকলি কৰিব, যিসকলে মাংকিপক্স ভাইৰাছৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী। গৱেষকসকলে কয় যে আমাৰ এই তথ্যই মাংকিপক্স ৰোগ নিৰ্ণয়ৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত সহায় কৰিব আৰু ভৱিষ্যতে নতুন চিকিৎসাৰ বিকাশত সহায় কৰিব।
ভাৰতীয় বিজ্ঞানীসকলৰ এই অৱদানে বিশ্ব স্বাস্থ্য গৱেষণাত ভাৰতৰ স্থিতি শক্তিশালী কৰিব। নতুন প্ৰযুক্তিৰ এই প্ৰয়োগ ভৱিষ্যতে কেৱল মাংকিপক্সৰ বিৰুদ্ধেই নহয়, অন্যান্য ভাইৰাছৰ বিৰুদ্ধেও ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে।