আমেৰিকাত পুনৰ উদ্ধাৰ ভাৰতীয় ছাত্ৰৰ মৃতদেহঃ এমাহ ধৰি হৈ আছিল নিৰুদ্দেশ

Indian Student Found Dead In US

নিহত মহম্মদ আব্দুল আৰফাথ

আমেৰিকা যুক্তৰাষ্ট্ৰত উদ্ধাৰ হৈছে আন এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃতদেহ। ছাত্ৰগৰাকী প্ৰায় তিনি সপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছত আজি তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নিহত ছাত্ৰজনৰ নাম মহম্মদ আব্দুল আৰফাথ।

২৫ বৰ্ষীয় আব্দুলে অহাইঅ’ৰ ক্লিভলেণ্ড বিশ্ববিদ্যালয়ত তথ্য প্ৰযুক্তি (আই টি)ত স্নাতকোত্তৰ শাখাত অধ্যয়ন কৰি আছিল। যোৱা বৰ্ষত তেওঁ অধ্যয়নৰ বাবে যুক্তৰাষ্ট্ৰলৈ গৈছিল বুলি জানিব পৰা গৈছে। নিউয়ৰ্কস্থিত ভাৰতীয় দূতাবাসে আজি আব্দুলৰ উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে।

দূতাবাসে এক টুইট যোগে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰৰ খবৰ সদৰী কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জনায়। সমান্তৰালভাৱে স্থানীয় সংস্থাসমূহৰ সৈতে যোগাযোগ কৰি ছাত্ৰজনৰ মৃত্যু সন্দৰ্ভত তদন্ত নিশ্চিত কৰা বুলি জানিবলৈ দিয়ে দূতাবাসে।

নিহত আব্দুলৰ মৃতদেহ ভাৰতলৈ অনাৰ বাবে পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব বুলিও দূতাবাসে নিশ্চিত কৰে। উল্লেখ্য যে, যোৱা ৭ মাৰ্চৰ পৰাই আমেৰিকাত নিৰুদ্দেশ হৈ আছিল হায়দৰাবাদৰ ছাত্ৰজন।

আব্দুলৰ পৰিয়ালে জানিবলৈ দিয়া মতে যোৱা ৭ মৰ্চত তেওঁলোকে শেষবাৰৰ বাবে যুৱকজনৰ সৈতে কথা পাতিছিল। তাৰ পিছত তেওঁৰ সৈতে কোনো যোগাযোগ হোৱা নাছিল পৰিয়ালৰ।

ইফালে তেওঁৰ পিতৃ মহম্মদ ছালিমে পুত্ৰৰ নিৰুদ্দেশৰ পাছতে এক অজ্ঞাত নম্বৰৰ পৰা কোনো লোকে এটা গেঙৰ সদস্য বুলি দাবী কৰা ফোনকল লাভ কৰা বুলি উল্লেখ কৰিছিল।

ফোন যোগে ব্যক্তিজনে আব্দুলক অপহৰণ কৰা বুলি দাবী কৰি নিৰাপদে ঘূৰাই দিয়াৰ বাবদ ১২০০ ডলাৰ মুক্তিপণৰ দাবী জনাইছে বুলিও আব্দুলৰ পিতৃয়ে উল্লেখ কৰিছিল।

মুক্তিপণ নিদিলে আব্দুলৰ বৃক্ক বিক্ৰী কৰাৰ ভাবুকি দিয়া বুলিও আব্দুলৰ পিতৃয়ে জানিবলৈ দিছিল। আনহাতে আমেৰিকাত থকা আব্দুলৰ আত্মীয়ই ৮ মাৰ্চত ক্লিভলেণ্ড আৰক্ষী চকীত আব্দুল নিৰুদ্দেশ হোৱা বুলি অভিযোগ দাখিল কৰে।

ছাত্ৰজনৰ পৰিয়ালে কৰা এনেধৰণৰ দাবীয়ে তেওঁৰ মৃত্যুৰ কাৰণক লৈ স্বাভাৱিকতেই ৰহস্যৰ সৃষ্টি কৰিছে। লক্ষণীয়ভাৱে আব্দুল চলিত বৰ্ষত আমেৰিকাত মৃত্যু হোৱা এয়া একাদশ ভাৰতীয়। নিহত সকলৰ ভিতৰত আব্দুলকে ধৰি আঠজন আছিল ছাত্ৰ।

এইদৰে ইটোৰ পিছত সিটোকৈ মৃত্যুৰ খবৰে আমেৰিকাত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু ভাৰতত থকা তেওঁলোকৰ পৰিয়ালক চিন্তিত কৰি তুলিছে। নিহত লোকসকলৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত চলোৱা হৈছে যদিও কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।