আমেৰিকাত পুনৰ ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু: অব্যাহত তদন্ত

আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ উদ্ধাৰ হৈছে এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃতদেহ। যুক্তৰাষ্ট্ৰৰ অহাইঅ’ৰ ক্লিভলেণ্ডত উদ্ধাৰ হৈছে ভাৰতীয় ছাত্ৰী এগৰাকীৰ মৃতদেহ।

নিহত ছাত্ৰগৰাকীৰ নাম উমা সত্য ছাই গাড্ডে বুলি জানিব পৰা গৈছে। নিউয়ৰ্কস্থিত ভাৰতীয় দূতাবাসে এক বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰিছে।

দূতাবাসে লগতে ছাত্ৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। সমান্তৰালভাৱে ভাৰতত থকা গাড্ডেৰ পৰিয়ালৰ সৈতেও যোগাযোগ কৰা হৈছে বুলি সদৰী কৰে দূতাবাসে।

অৱশ্যে ছাত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত কোনো নিশ্চিতি প্ৰকাশ কৰা নাই দূতাবাসে। নিহত উমা গাড্ডেৰ মৃতদেহ অতি সোনকালে ভাৰতলৈ অনাত দূতাবাসে সহায় কৰিব বুলিও জানিবলৈ দিয়া হৈছে।

লক্ষণীয়ভাৱে শেহতীয়াকৈ আমেৰিকাত ভাৰতীয় বা ভাৰতীয় মূলৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত এনে ঘটনা বৃদ্ধি পোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

চলিত বৰ্ষত এইপৰ্যন্ত ভাৰতীয় বা ভাৰতীয় মূলৰ ছাত্ৰৰ ক্ষেত্ৰত আমেৰিকাত এনে দশমটো ঘটনা।