NORTHEAST NOW (Assamese)

ইয়াকেই কয় কপাল! লটাৰীত ৪০ কোটি জিকি নিশাৰ ভিতৰতে কোটিপতি হ’ল টেক্সিচালক

July 5, 2021 11:39 am · এন ই নাও নিউজ
পৰিয়ালৰ সৈতে সোমৰঞ্জন। ফটো: সংগৃহীত।

কপাল নহয়, এইখন চোতাল। আবু ধাবিত টেক্সি চালকৰ কাম কৰা কেৰেলাৰ বাসিন্দা ৰঞ্জিত সোমৰঞ্জনে জ্যেকপট জিকি নিশাৰ ভিতৰতে এতিয়া কোটিপতি হৈ পৰিল।

লটাৰীত কিমান টকা পালে সেয়া শুনিলে স্বাভাৱিকতে চকু কপালত উঠাৰে কথা। ৰঞ্জিতে জিকিছে ২০ মিলিয়ন ডিৰহাম। ভাৰতীয় মুদ্ৰাত প্ৰায় ৪০কোটি টকা।

বিগত তিনি বছৰ ধৰি লটাৰীৰ টিকট ক্ৰয় কৰি আহিছিল ৰঞ্জিতে। ইমানদিনে ভাগ্য উদয় হোৱা নাছিল যদিও এইবাৰ জ্যেকপট জিকি ভাগ্য ঘুৰিল।

পিচে, এই লটাৰীৰ টিকটটো ৰঞ্জিত আৰু তেওঁৰ বন্ধুসকলে মিলি কিনিছিল। সেয়ে জ্যেকপটৰ টকা এতিয়া অকল তেওঁৰেই নহয়।

বিশাল অংকৰ এই ধনৰাশি ১০জনৰ মাজত ভাগ হ’ব। বাকীসকলৰ মাজত আছে ভাৰতৰ বাহিৰেও পাকিস্তান, নেপাল আৰু বাংলাদেশৰ লোক। তেওঁলোক প্ৰত্যেকেই আবু ধাবিৰ বিভিন্ন হোটেলত কাম কৰে।

তেওঁলোকৰ প্ৰতিজনেই লটাৰীৰ টিকট কিনোতে ১০০ডিৰহামকৈ দিছিল। যোৱা ২৯ জুনত টিকটটো ৰঞ্জিতৰ নামত ক্ৰয় কৰিছিল। অৱশেষত ভাগ্য সলনি হোৱা খৱৰটো আহিল।

ৰঞ্জিত ২০০৮চনৰে পৰা আমিৰশ্বাহীত আছে। ইয়াৰ পূৰ্বে তেওঁ ডুবাইত টেক্সিচালকৰ কাম কৰিছিল। লগতে ছেলছমেনৰ কাম কৰে ৰঞ্জিতে। আমিৰশ্বাহীত তেওঁ বহু কষ্টেৰে জীৱন কটাবলগীয়া হৈছে।

এতিয়া ভাগ্যৰ চকৰি ঘুৰিল। জ্যেকপটৰ টকাৰে এটা সমৃদ্ধিশালী জীৱনৰ সপোন দেখিছে সোমৰঞ্জনৰ লগতে তেওঁৰ বন্ধুসকলে।

Related News