NORTHEAST NOW (Assamese)

ক’ৰ’না আতংক; জাপানৰ জাহাজত আক্ৰান্তৰ সৈতে আবদ্ধ ভাৰতীয় যুৱক

February 7, 2020 3:55 pm · এন ই নাও নিউজ
জাপানত আবদ্ধ যুৱকজন

চীনৰ লগতে বিশ্বৰ বিভিন্ন দেশত ক’ৰ’না ভাইৰাছে মহামাৰীৰ আকাৰ ধাৰণ কৰিছে।

এই পৰিস্থিতিত ৬২ গৰাকী ক’ৰ’না ভাইৰাছ আক্ৰান্ত লোকৰ সৈতে সুদূৰ জাপানৰ এখন জাহাজত আবদ্ধ হৈ আছে পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ বাসিন্দা বিনয়কুমাৰ সৰকাৰ নামৰ যুৱকজন।

নিজৰ সন্তানৰ চিন্তাত বৰ্তমান টোপনি নোহোৱা হৈছে বিনয়কুমাৰৰ পিতৃ-মাতৃৰ।

পুত্ৰক দেশলৈ ঘুৰাই অনাৰ বাবে জাপান প্ৰশাসনৰ দ্বাৰস্থ হৈছে বিনয়ৰ পৰিয়াল।

বিনয়ক দেশলৈ ওভতাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে কেন্দ্ৰীয় মহিলাৰ আৰু সমাজকল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী দেবশ্ৰী চৌধুৰীয়ে।

পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ বাসিন্দা বিনয় কুমাৰ সৰকাৰে প্ৰিন্সেস ডায়মণ্ড জাহাজত কৰ্মৰত আছিল। কৰ্মসূত্ৰে জাপানতে থাকে বিনয়।

জাহাজৰ সৈতে বিনয়ে হংকঙৰ পৰা টকিঅ’লৈ উভতিছিল আৰু জাপান আৰক্ষীয়ে ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জাপানত প্ৰবেশৰ পূৰ্বেই জাহাজখনক বাধা প্ৰদান কৰে।

বিনয়ে জানিবলৈ দিয়া মতে, জাহাজখনত থকা মুঠ ১৬০ গৰাকী যাত্ৰীৰ ভিতৰত ৬২ গৰাকী ক’ৰ’না ভাইৰাছ আক্ৰান্ত।

ক’ৰ’না সংক্ৰমিত যাত্ৰীৰ সৈতে থাকিলেও বৰ্তমানলৈ সুস্থ হৈ আছে বিনয় কুমাৰ।

Related News