শীঘ্ৰেই হ’ব নেকি ক’ৰ’না কালৰ অৱসান! : দেখা গৈছ বিশ্বৰ লগতে ভাৰতবাসীৰ বাবেও আশাৰ ৰেঙণি

corona-2-jpg_710x400xt

সমগ্ৰ বিশ্বই কোবিড১৯ৰ সন্ত্ৰাসত সন্ত্ৰস্ত। এক ৰুদ্ধশ্বাস পৰিস্থিতি সমগ্ৰ বিশ্বত।

তেনে সময়তে বিশ্ববাসীৰ লগতে ভাৰতীয়সকলৰ বাবে আহিছে এটা অতি ভাল খবৰ। বিশ্বত প্ৰায় চাৰিটা কোভিড ভেকচিনৰ তৃতীয় তথা শেষ পৰ্যায় ট্ৰায়েলৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।

কেই সপ্তাহ মানৰ পূৰ্বে ৰাছিয়াই দাবী কৰিছিল মহামাৰী কোভিড১৯ৰ ভেকচিন আৱিষ্কাৰ কৰাৰ কথা। ৰাছিয়াই ইতিমধ্যে ভেকচিনৰ বাণিজ্যিক উৎপাদনো আৰম্ভ কৰিছে।

চলিত সপ্তাহতে আমেৰিকাৰ ফাইজাৰে দাবী কৰে যে মৰ্ডানাই প্ৰস্তুত কৰা কোভিড ভেকচিন শেষ পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰা হৈছে।

এই পর্যায়ত ভেকচিনটো ১৩ হাজাৰৰো অধিক স্বেচ্ছাসেৱকৰ শৰীৰত ট্ৰায়েল কৰা হ’ব। ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে।

ইফালে ভাৰত বায়’টেকে ভাৰতত কোভিকচিন নামৰ এটা কোভিড ভেকচিন নিৰ্মাণ কৰি ইতিমধ্যে মানৱ শৰীৰত ট্ৰায়েল চলাই আছে।

তেনে সময়তে অক্সফোৰ্ডৰ ভেকচিনটোৱে অহা ২২ আগষ্টৰ পৰা বিশ্বৰ ১৭ খন দেশত তৃতীয় পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰিব।

ইয়াৰ মাজতে প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ছেৰামে আৰু মাত্ৰ ৭২ দিনৰ পিছতে বিশ্বই মহামাৰী কোভিড১৯ৰ প্ৰতিষেধক লাভ কৰিব বুলি দাবী কৰিছে। আৰু ভাৰতীয়সকলে এই কোভিড ভেকচিন লাভ কৰিব বিনামূ্ল্যে!

উল্লেখ্য যে বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰতৰ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ছুইডিছ প্ৰতিষ্ঠান আষ্ট্ৰাজেনাকাৰে বাণিজ্যিক ভাৱে উৎপাদন কৰিবলৈ চুক্তিৱদ্ধ হোৱা অক্সফোৰ্ড কোভিড ভেকচিন কোভিডশ্বীড ইতিমধ্যে ভাৰতত দ্বিতীয়টো মানৱ শৰীৰৰ পৰীক্ষণ সম্পন্ন হৈ গৈছে।

এই ভেকচিনটোৰেই অহা ২২ আগষ্টৰ পৰা বিশ্বৰ ১৭ খন দেশত তৃতীয় পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰা হ’ব।

এই ট্ৰায়েলত উক্ত ১৭ খন দেশৰ প্ৰতিখনতে ১০০ জনকৈ মুঠ ১৭০০ স্বেচ্ছাসেৱকৰ শৰীৰত ভেকচনিটোৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে।

এই ট্ৰায়েল সফল হ’লেই ভেকচিনটো বিশ্ববাসীৰ বাবে মুকলি কৰি দিব প্ৰস্তুতকাৰী প্ৰতিষ্ঠান দুটাই।

ছেৰাম ইনষ্টিটিউটৰ সূত্ৰই জনোৱা অনুসৰি আষ্ট্ৰাজেনেকাৰ সৈতে ছেৰামে ভাৰতৰ লগতে বিশ্বৰ ৯২ খন দেশত কোভিডশ্বীলৰ একচেটীয়াভাৱে বিক্ৰীৰ কৰাৰ স্বত্ত্ব লাভ কৰিছে।

ইফালে ভাৰত চৰকাৰে ছেৰাম ইনষ্টিটিউটক জনাইছে যে তেওঁলোকৰ ভেকচিনটো সংগ্ৰহ কৰি সকলো ভাৰতীয়কে টিকাকৰণৰ ব্যৱস্থা কৰিব।

ইয়াৰ অংশ হিচাপে ছেৰাম ইনষ্টিটিউটে ১৩০ কোটি ভাৰতবাসীৰ ভিতৰত ৬৮ কোটিৰ বাবে ভেকচিন প্ৰস্তুত কৰিব বুলি জানিব পৰা গৈছে।

আৰু বাকী থকা ভাৰতীয় লোকসকলক আইচিএমআৰ আৰু ভাৰত বায়’টেকৰ ‘কোভিকচিন’ আৰু জাইডাচ কাডিলাৰ ‘জাইকোড-ভি’ প্ৰতিষেধক দিয়া হ’ব পাৰে!

ছেৰামৰ সূত্ৰৰ মতে ইতিমধ্যে ছেৰাম ইনষ্টিটিউটে মাহে ৬ কোটি ড’জ উৎপাদন কৰিছে। ২০২১ বৰ্ষৰ এপ্ৰিলৰ মাজ ভাগত ইয়াৰ উৎপাদন প্ৰতি মাহে ১০ কোটিলৈ বৃদ্ধি কৰা হ’ব।

ইফালে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনে জনাইছে যে তেওঁলোকে দুখীয়া দেশসমূহত ১০ কোটি ড’জ কোভিড ভেকচিন উৎপাদনৰ বাবে ছেৰামক ১৫০ মিলিয়ন ড’লাৰ অৰ্থাৎ প্ৰায় ১১২৫ কোটি টকা প্ৰদান কৰিব।

সেয়ে পূৰ্ব নিৰ্ধাৰিত মূল্য ১০০০ টকাৰ পৰিৱৰ্তে ইয়াৰ বজাৰ মূল্য ২৫০ টকালৈ হ্ৰাস কৰিবলৈ সক্ষন হৈছে উৎপাদনকাৰী প্ৰতিষ্ঠানে।