ক’ভিড-১৯ লকডাউন আৰু জলবায়ু : ২০২০ চনত বায়ু প্ৰদূষণ কমিল ভাৰতবৰ্ষত

বায়ু প্ৰদূষণ যথেষ্ট কমিল ভাৰতবৰ্ষত।

মূলতঃ ক’ভিড-১৯ লকডাউনৰ বাবে ২০২০ চনত ভাৰতবৰ্ষৰ জলবায়ু সুস্থিৰ হৈ পৰা দেখা গৈছে।

আই.কিউ.এয়াৰ নামৰ চুইছ সংস্থা এটাই প্ৰকাশ কৰা আই ৱৰ্ল্ড এয়াৰ কোৱালিটী ৰিপ’ৰ্ট২০২০ত এই কথা প্ৰকাশ পাইছে।

শুকুৰবাৰে প্ৰকাশ কৰা ৰিপ’ৰ্টতোৰ মতে ভাৰতৰ চহৰসমূহত ২০২০ চনত বায়ু প্ৰদূষণ হ্ৰাস পাইছিল।

কিন্তু ৰিপ’ৰ্টটোৰ তালিকাত বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৩০খন চহৰৰ ভিতৰত ভাৰতৰ ২২খন চহৰে স্থান লাভ কৰিছে।

এই সম্পৰ্কে সংস্থাটোৱে কৈছে যে ২০২০ চনত বায়ু প্ৰদূষণ কমিছিল যদিও ২০২১ চনত ই পুনৰ বৃদ্ধি হ’ব পাৰে।

১০৬খন দেশ সামৰি লোৱা ৰিপ’ৰ্টটোৰ তথ্যসমূহ সংগ্ৰহ কৰা হৈছিল চৰকাৰী সংস্থা, স্থানীয় বাসিন্দা, এন.জি.অ’. আৰু অন্যান্য কোম্পানীসমূহৰ পৰা।

ৰিপ’ৰ্টটোৰ মতে, ২০২০ চনত ভাৰতবৰ্ষৰ চহৰসমূহৰ জলবায়ুৰ গুণাগুণ ২০১৯ চনতকৈ ৬৩ শতাংশ বৃদ্ধি হৈছিল।

আনহাতে, ২০২০ চনৰ বিশ্বৰ ভিতৰত আটাইতকৈ প্ৰদূষিত শীৰ্ষ ২০ খন ৰাজধানী চহৰসমূহৰ ভিতৰত ভাৰতৰ নতুন দিল্লী, বাংলাদেশৰ ঢাকা, ইণ্ডোনেছিয়াৰ জাকাৰ্টা, নেপালৰ কাঠমাণ্ডু, পাকিস্তানৰ ইছলামাবাদ, ভিয়েটনামৰ হানয় আৰু চীনৰ বেইজিঙে স্থান লাভ কৰিছে।

উত্তৰ-পশ্চিম চীনৰ হোটান চহৰখন বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে স্থান লাভ কৰিছে।

তালিকাখনত দক্ষিণ এছিয়া বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত অঞ্চল হিচাপে দেখা পোৱা গৈছে।

কিন্তু ৰিপ’ৰ্টটোৰ মতে, ২০২০ চনত এই চহৰসমূহত ২০১৯ চনৰ তুলনাত বায়ু প্ৰদূষণ কমা দেখা গৈছে।