NORTHEAST NOW (Assamese)

ভাৰতে সময়মতেই কৰ’নাৰ বিৰুদ্ধে ব্যৱস্থা লৈছে, বিশ্বৰ বাবে হৈ পৰিছে দৃষ্টান্ত : প্ৰধান মন্ত্ৰী মোদী

April 6, 2020 12:43 pm · এন ই নাও নিউজ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসত সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলৰ নেতা-কৰ্মীসকলক সম্বোধন কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজি সমগ্ৰ মানৱ জাতি সংকটত পৰিছে। প্ৰত্যাহ্বানপূৰ্ণ এই পৰিস্থিতিয়ে দেশৰ সেৱাৰ বাবে আমাৰ সংস্কাৰ,আত্মত্যাগ আৰু দায়বদ্ধতাক লৈ অধিক দৃঢ় হোৱাৰ পথ নিৰ্ণয় কৰিব।

নেতা-কৰ্মীসকলক প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে ভাৰতে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে।

কৰ’না ভাইৰাছ ৰোগৰ প্ৰভাৱ প্ৰত্যেকৰে ওপৰত পৰিব পাৰে। এই বিষয়ে কোনোৱে একো ক’ব নোৱাৰে। আমাৰ চৰকাৰে বিমানবন্দৰত স্ক্ৰীনিং কৰা, বিভিন্ন দেশৰ পৰা লোকক বাধা দিয়া, চিকিৎসা সুবিধাসক্তিশালী কৰাৰে ধৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰধান মন্ত্ৰীয়ে কয় যে ভাৰতৰ পদক্ষেপক বিশ্ব স্বাস্থ্য সংস্থায়ো প্ৰশংসা কৰিছে। তদুপৰি, বিশ্বৰ বিভিন্ন মঞ্চত কৰ’না সম্পৰ্কত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কেইবাখনো দেশৰ মুৰব্বীৰ সৈতে আমাৰ বাৰ্তালাপ হৈছে।

তেওঁ কয় যে আমাৰ দেশ বিকাশশীল দেশ যিয়ে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দি আহিছে। কিন্তু এই সংকটৰ মাজত আমি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ প্ৰয়াস অব্যাহত ৰাখিছো।

প্ৰধান মন্ত্ৰী মোদীয়ে লগতে কয় যে ঐক্যবদ্ধতা অতি জৰুৰী যিটো আমি লকডাউন, জনতা কাৰ্ফিউৰ সময়ত দেখিছো। ১৩০ কোটি জনসংখ্যাৰ দেশখনে লকডাউন পালন কৰিছে। এয়া অভূতপূৰ্ব ঘটনা।

আনহাতে, চাকি জ্বলোৱাক লৈ মোদীয়ে কয় যে ভাৰতৰ প্ৰতিটো শ্ৰেণীৰ ব্যক্তিয়ে একতাৰ বাৰ্তা দিবলৈ ওলাই আহিছে যিয়ে কৰ’নাৰ বিৰুদ্ধে সংকল্প আৰু শক্তিশালী কৰিব।

কৰ’না ভাইৰাছ সম্পৰ্কত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সময়মতেই এই সংকটৰ পৰা পৰিত্ৰাণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিছিল। ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে মিলি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁ কয় যে কৰ’নাৰ পৰা পৰিত্ৰাণৰ বাবে ভাৰতে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া বিশ্বৰ বাবে এক দৃষ্টান্ত হৈ পৰিছে।

Related News