সীমান্তৰ ২৬ হাজাৰ ফুট উচ্চতালৈ অস্ত্ৰ কঢ়িয়াই নিব পাৰিব ভাৰতৰ ৰুস্তম-২ ড্ৰোনে

rustom2

ভাৰত-চীন সীমান্তৰ লাডাখত এতিয়া বাজিছে যুদ্ধৰ দামামা।

এনে সময়তে ভাৰতে মিছাইলকে ধৰি আন প্ৰতিৰক্ষা সামগ্ৰীৰ পৰীক্ষণ ধাৰাবাহিক বাবে চলা গৈছে।

লাডাখৰ দৰে অতি দুৰ্গম সীমান্ত অঞ্চললৈ অস্ত্ৰ কঢ়িয়াই নিব পৰা এক বিশেষ ধৰণৰ ড্ৰোনৰ আজি সফল পৰীক্ষণ সম্পন্ন কৰে ভাৰতে।

কৰ্ণাটকৰ চিত্ৰদুৰ্গা অঞ্চলত পৰীক্ষণ সম্পন্ন কৰা এই অতি শক্তিশালী ড্ৰোনৰ নাম ৰুস্তম-২।

ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থাই সাজি উলিওৱা এই ড্ৰোনে একেৰাহে ১৮ ঘণ্টালৈ উৰি থাকিব পাৰে।

মানৱবিহীন ড্ৰোন খনে ২৬ হাজাৰ  ফুট উচ্চতালৈ অনায়াসে যাত্ৰা কৰিব পাৰে।

প্ৰায় চাৰে তিনিশ কিলোগ্ৰাম ওজনৰ অস্ত্ৰ কঢ়িয়াই লৈ যাব পৰা ৰুস্তম-২ ড্ৰোনে আনকি ২৫০ কিলোমিটাৰ দূৰৈৰ পৰা শত্ৰু পক্ষৰ গতিবিধি লক্ষ্য কৰি সেই মতে বাৰ্তা প্ৰেৰণ কৰিব পাৰে।

এই ড্ৰোনৰ উৰণ আৰু অৱতৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বয়ংক্ৰিয় ভাবে পৰিচালিত।

উল্লেখ্য কালি ভাৰতে ওড়িশাৰ বালাচোৰৰ পৰা দেশৰ প্ৰথমটো এণ্টি ৰেডিয়েছন মিছাইল ‘ৰুদ্ৰম’ৰ সফল পৰীক্ষণ সম্পন্ন কৰে।

সুখয় যুদ্ধ বিমানৰ পৰা আজি দিনৰ ১০.৩০ বজাত মিছাইল বিধৰ পৰীক্ষণ কৰা হয়।

ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থাই নিৰ্মাণ কৰি উলিওৱা এণ্টি ৰেডিয়েছন মিছাইল ‘ৰুদ্ৰমে’ শত্ৰু পক্ষৰ যোগাযোগ ব্যৱস্থা তছনছ কৰি দিব পাৰিব।

এই মিছাইলে প্ৰায় ডেৰ কিলোমিটাৰ দূৰৈৰ পৰাই শত্ৰুৰ ৰাডাৰ ধ্বংস কৰিব পাৰিব।

সুখয়ৰ উপৰি মিৰেজ-২০০০,জাগুৱাৰ,তেজছ আদি বিমানতো এই মিছাইল স্থাপন কৰা হব বুলি ডি আৰ ডি অ’ৰ সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য  চীন আৰু ভাৰতৰ মাজত উত্তেজনা চলি থকাৰ মাজতে অলপতে ভাৰতে পাৰণৱিক শক্তিধৰ মিছাইল শৌৰ্যৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল।

ওড়িশাৰ উপকূলৰ পৰা শব্দতকৈও বেগী  এই মিছাইলৰ পৰীক্ষণ কৰা হয় ।

শৌৰ্য মিছাইলে ৮০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব।