মহানগৰীত ৩ টকীয়া যাত্ৰা : যান-জঁট নেওচি সোনকালেই ওলাব পাৰিব গন্তৱ্যস্থল

Rapido

মহানগৰবাসীৰ বাবে এক সু-খবৰ। কিয়নো অতি কম খচৰতে আপুনি এতিয়া গুৱাহাটীত এঠাইৰ পৰা আন ঠাইলৈ চাৰিচকীয়াৰ সলনি দুচকীয়া বাহনত যাত্ৰা কৰিব পাৰিব। বাংগালুৰুৰ এক প্ৰতিষ্ঠান ‘ৰেপিড’ই কাইলৈৰ পৰা আৰম্ভ কৰিব বাইক টেক্সী সেৱা।

অ’লা-ওবেৰৰ দৰেই মোবাইল এপৰ দ্বাৰা এই সুবিধা লাভ কৰিব পাৰিব মহানগৰ বাসীয়ে। এই কথা জানিবলৈ দিয়ে ৰেপিড’ৰ অসম শাখাৰ জনসংযোগৰ সৈতে জৰিত থকা শুভাংকৰ বেনাৰ্জীয়ে। ইতিমধ্যে মোবাইল এপ মুকলি হৈছে যদিও কাইলৈৰ পৰাহে উপলব্ধ হ’ব সেৱাসমূহ।

বাইকৰ দ্বাৰা উপলব্ধ হ’বলগীয়া এই সেৱাত এজন যাত্ৰীয়ে নিৰাপদে গুৱাহাটীৰ যিকোনো ঠাইলৈ যাত্ৰা কৰিব পাৰিব বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বার্তালাপত জানিবলৈ দিয়ে ৰেপিড’ৰ অসম শাখাৰ অপাৰেশ্ব্যন এক্সিকিউটিভ সিদ্ধাৰ্থ সোণোৱালে।

ইয়াৰোপৰি, অসমত দ্বৈত হেলমেটৰ সুবিধাটো বৰ্তমানলৈকে হৈ উঠা নাই। গতিকে এক সামাজিক সচেতনতা সৃষ্টিৰ বাবে ৰেপিড’ই পোন প্ৰথমবাৰলৈ বাইকসমূহত দ্বৈত হেলমেটৰ ব্যৱস্থা কৰিছে। বাইকত যাত্ৰা কৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেপিড’ই একোটাকৈ হেলমেটৰো ব্যৱস্থা কৰিছে বুলি সিদ্ধাৰ্থ সোণোৱালে আমাক জানিবলৈ দিয়ে।

কোনো যাত্ৰীয়ে হয়তো ৰেপিড’ই যোগান ধৰা হেলমেটটো পৰিধান কৰিবলৈ আপত্তি কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি একোখনকৈ এবাৰ ব্যৱহাৰ কৰিব পৰাকৈ কটনৰ কাপোৰ ৰখা হৈছে। কটনৰ কাপোৰখন পিন্ধি তাৰ ওপৰত হেলমেটটো পৰিধান কৰিব পাৰিব বুলি আমাৰ আগত সোণোৱালে কয়।

আনহাতে, খুব কম খৰচতে যাত্ৰীসকলে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দি সোণোৱালে কয়, ‘দৈনিক হিচাপত ১৫ টকাকৈ তথা প্ৰতি কিল’মিটাৰত ৩ টকাকৈ নাইবা প্ৰতি মিনিটত ১টকাকৈ যাত্ৰা কৰিব পাৰিব।‘

কাৰ্য্যালয়লৈ যোৱাৰ সময়ছোৱাত গুৱাহাটীত যান-জঁটৰ সৃষ্টি হোৱাটো নতুন কথা নহয়। কিন্তু এতিয়া চিটী বাছ অথবা অলা-ওবেৰত অহাযোৱা কৰা যাত্ৰীসকলৰ বাবে চিন্তাৰ প্ৰয়োজন নাই। তেওঁলোকে চমু পথেৰে বাইকৰ জৰিয়তে গন্তব্য স্থানত কম সময়তে উপস্থিত হ’ব পাৰিব বুলি জানিব দিছে ৰেপিড’ই।

ইপিনে, বৰ্তমানলৈকে কামৰূপ মেট্ৰ’ৰ স্থানীয় শতাধিক ৰাইডাৰছে নাম পঞ্জীয়ন কৰিছে তথা প্ৰথম অৱস্থাত ১০০ খন বাইকেৰে এই সেৱা আৰম্ভ কৰিব। বৰ্তমান মহিলা ৰাইডাৰছ ৰখা নাই যদিও দেশৰ অন্য মহানগৰসমূহত মহিলা ৰাইডাৰছো এই ৰেপিড’ৰ সৈতে জৰিত হৈ আছে বুলি জানিব পৰা গৈছে।

কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এই বিশেষ সেৱাৰ শুভ-উদ্বোধন কৰিব শিক্ষা তথা গুৱাহাটী উন্নয়ন দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই। কাইলৈ ১১ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই সেৱাৰ সৈতে সংগতি ৰাখি উদ্যোক্তাসকলে এঘন্টীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে বুলি জানিবলৈ দিয়ে শুভাংকৰ বেনাৰ্জীয়ে।