• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৯৮৮ চনত আহমেদাবাদ বিমানবন্দৰতে ১৩০ জন লোকৰ মৃত্যু হৈছিল! দেশত এনে দুৰ্ঘটনা কিমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2025 9:11 am
195
VIEWS
Share on FacebookShare on Twitter

বিশেষজ্ঞসকলৰ মতে গুজৰাটৰ আহমেদাবাদৰ পৰা লণ্ডন গেটৱিক বিমানবন্দৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ  AI171 বিমান দুৰ্ঘটনা ভাৰতীয় বিমান পৰিবহণৰ ইতিহাসৰ অন্যতম বৃহৎ দুৰ্ঘটনা হিচাপে চিহ্নিত হৈছে।

বিমানখনত ২৩০ জন যাত্ৰী আৰু ১২ জন ক্ৰু মেম্বাৰ (পাইলট আৰু তেওঁৰ সহায়ককে ধৰি) আছিল। গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও বিমানখনত আছিল। দুৰ্ঘটনাৰ প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ অধিকাংশই বাচি থকা নাই বুলি আশংকা কৰা হৈছে।

এই শতিকাত দেশৰ দুটা ভয়ংকৰ বিমান দুৰ্ঘটনা

বিগত সময়ছোৱাত ভাৰতত কেইবাবাৰো এনে ভয়ানক বিমান দুৰ্ঘটনা সংঘটিত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰে বেছিভাগেই টেক অফ বা লেণ্ডিঙৰ সময়ত ঘটিছিল। ২০২০ চনৰ ৭ আগষ্টত ‘বন্দে ভাৰত’ অভিযানৰ অধীনত ডুবাইৰ পৰা কোজিকোডলৈ উভতি আহিছিল এয়াৰ ইণ্ডিয়া IX1344।

বিমানখনত ১৮৪ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ আছিল। বিমানখন প্ৰতিকূল বতৰত বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত ৰাণৱেৰ পৰা পিছলি খাৱৈত পৰি যায়। দুই পাইলট দীপক ভি শ্বাথে আৰু অখিলেশ কুমাৰৰ লগতে ২১ গৰাকী লোকৰ মৃত্যু হয়।

পিছত তদন্তত পোহৰলৈ অহাৰ সময়ত জনা যায় যে অৱতৰণৰ সময়ত পাইলটে ভুলতে ৰাণৱে অতিক্ৰম কৰি গৈছিল। ২০১০ চনত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ IX-812 বিমান ডুবাইৰ পৰা মেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু যাত্ৰীসহ ১৫৮ জন লোকৰ মৃত্যু হৈছিল। তাতো তদন্তত দেখা গৈছিল যে মুখ্য পাইলট ব্ৰিটিছ নাগৰিক কেপ্তেইন গ্লুছিকাই অৱতৰণ কৰাৰ সময়ত ভুল কৰিছিল।

এই তালিকাত আছে বিহাৰো

১৯৯৮ চনৰ ৬ জুলাইত এয়াৰ ইণ্ডিয়াৰ সহযোগী কোম্পানী এলায়েন্স এয়াৰৰ ফ্লাইট ৭৪১২ বিহাৰৰ পাটনা বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত থকা ৬০ জন লোক (৫৫ জন যাত্ৰী আৰু পাঁচজন পাইলট আৰু ফ্লাইট এটেণ্ডেণ্ট) নিহত হয়। ঘন জনবসতিপূৰ্ণ এলেকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত স্থানীয় কেইবাজনো বাসিন্দাও গুৰুতৰভাৱে আহত হয়।

মৃত্যুৰ তালিকাৰ শীৰ্ষত এতিয়াও চাৰখি-দাদ্ৰী

১৯৯৬ চনৰ ১২ নৱেম্বৰত দিল্লীৰ পশ্চিম সীমান্তৰ সমীপৰ হাৰিয়ানাৰ চাৰখি-দাদ্ৰী গাঁৱৰ আকাশত ভাৰতৰ আটাইতকৈ ভয়াৱহ বিমান দুৰ্ঘটনাতো সংঘটিত হৈছিল। চৌদি আৰৱৰ বয়িং ৭৪৭ আৰু কাজাখ আই এল-৭৬ যাত্ৰীবাহী বিমানৰ মাজত মাজ আকাশতে সংঘৰ্ষৰ ফলত মুঠ ৩৫৯ জন লোকৰ মৃত্যু হয়। বিমান পৰিবহণ নিয়ন্ত্ৰণৰ নিৰ্দেশনাৰ ভুল বুজাবুজিৰ বাবে সেইদিনা একে উচ্চতাত কাষ চাপিছিল বিমান দুখন।

ৰাণৱে বিভ্ৰান্তিৰ বাবেও দেখা গৈছে মৃত্যু

১৯৯৩ চনৰ ২৬ এপ্ৰিলত ইণ্ডিয়ান এয়াৰলাইন্সৰ ৪৯১ নং বিমানখনে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই ৰাণৱেত এখন ট্ৰাকত খুন্দা মাৰে। সেই ঘটনাত বয়িং ৭৩৭-২এ৮ বিমানত থকা ১১৮ জন যাত্ৰীৰ ভিতৰত ৫৫ জন যাত্ৰীৰ মৃত্যু হয়। ৬০ জন গুৰুতৰভাৱে আহত হয়।

১৯৯০ চনৰ ১৪ ফেব্ৰুৱাৰীত ইণ্ডিয়ান এয়াৰলাইন্সৰ ৬০৫ নং বিমানখন কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ উপকণ্ঠ অঞ্চলৰ হেল বিমানবন্দৰত অৱতৰণ কৰি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয়। এয়াৰবাছ এ-৩২০ বিমানখন ৰাণৱেৰ পৰা পিছলি গৈ দুৰ্ঘটনাগ্ৰস্ত হয়। এই মৰ্মান্তিক দুৰ্ঘটনাত বিমানখনত থকা ১৪৬ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ ভিতৰত ৯২ জনেই প্ৰাণ হেৰুৱাইছিল।

৩৭ বছৰ আগৰ আহমেদাবাদৰ সেই দুৰ্যোগ

ভাৰতৰ ইতিহাসৰ অন্যতম কৰুণ বিমান দুৰ্ঘটনা ৩৭ বছৰ পূৰ্বেও আহমেদাবাদত সংঘটিত হৈছিল। ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান ১১৩ অৱতৰণৰ সময়ত শেষ মুহূৰ্তত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ১৩০ জন যাত্ৰী আৰু ক্ৰু নিহত হয়। মাত্ৰ দুজনহে বাচে। তদন্তৰ প্ৰতিবেদনত কোৱা হৈছে যে বয়িং ৭৩৭ বিমানখন কম দৃশ্যমানতাৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হয়।

১৯৭৮ চনৰ ১ জানুৱাৰীত এয়াৰ ইণ্ডিয়া ফ্লাইট ৮৫৫ মুম্বাইত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত থকা ২১৩ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ আটাইকেইজন নিহত হয়।

আন কেইটামান মৰ্মান্তিক দুৰ্ঘটনা

১৯৭৩ চনৰ ৩১ মে’ত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰি থকা অৱস্থাত ইণ্ডিয়ান এয়াৰলাইন্সৰ ৪৪০ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বিমানত থকা ৬৫ জন লোকৰ ভিতৰত ৪৮ জন লোকৰ মৃত্যু হয়।

১৯৬৩ চনৰ ২৮ জুলাইত ইউনাইটেড আৰব এয়াৰলাইন্সৰ বিমান ৮৬৯ মুম্বাই (তেতিয়াৰ বম্বে) বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে আৰব সাগৰত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত থকা ৬৩ জন লোকৰ আটাইকেইজন লোক নিহত হয়।

ইয়াৰ এবছৰ পূৰ্বে ১৯৬২ চনৰ ৭ জুলাইত ইউৰোপীয় বিমান সংস্থা আলিটালিয়া ফ্লাইট ৭৭১ উৰণৰ কিছু সময়ৰ পিছতে মুম্বাইৰ উত্তৰ-পূবৰ এটা পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত জাহাজত থকা ৯৪ জন লোকৰ আটাইকেইজন লোক নিহত হয়।

Recent News

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd