২০৪৮ চনত সৰ্বাধিক হ’ব ভাৰতৰ জনসংখ্যা; ২১০০ চনলৈ হ্ৰাস হ’ব ৩২ শতাংশ : গৱেষণাত প্ৰকাশ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

‘দ্যা লেনচেত’ত প্ৰকাশ পোৱা এক গৱেষণাত ভাৰতৰ জনসংখ্যা ২০৪৮ চনত সৰ্বোচ্চ হ’ব আৰু পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে হ্ৰাস পাব বুলি উল্লেখ কৰে।

সমীক্ষা অনুসৰি ২০৪৮ চনত ভাৰতৰ জনসংখ্যা সৰ্বাধিক ১.৬ বিলিয়ন হ’ব আৰু তাৰপাছত ২১০০ চনত ৩২ শতাংশ হ্ৰাস হৈ ১.০৯ বিলিয়ন হ’ব।

সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি ২১০০ চনত ভাৰতৰ জনসংখ্যা বৰ্তমানৰ জনসংখ্যাতকৈ হ্ৰাস পায় ১.০৯ শতাংশ হ’লেও সেই সময়ত ভাৰত বিশ্বৰ ভিতৰত সৰ্বাধিক সংখ্যক জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হ’ব।

আনহাতে, গৱেষণাটোৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ২০৬৪ চনত বিশ্বৰ জনসংখ্যা সৰ্বাধিক ৯.৭৩ বিলিয়ন হ’ব।

উল্লেখযোগ্য যে, ১.৩৫ বিলনয়ন জনসংখ্যাৰে বৰ্তমান সময়ত ভাৰত চীনৰ পাছতে বিশ্বৰ দ্বিতীয় জনবহুল ৰাষ্ট্ৰ।

বিশ্ব জনসংখ্যা দিৱসৰ দিনা ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজে দেশৰ বৰ্দ্ধিত জনসংখ্যাক ভাবুকি হিচাপে অভিহিত কৰি অতি সোনকালে দেশৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰাৰ বাবে আহ্বান জনায়।

ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিবলৈ হলে জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰিবই লাগিব বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয়।