টি-২০ বিশ্বকাপত অনিশ্চিত হাৰ্ডিক পাণ্ডিয়াৰ স্থান! পন্ট,ৰাহুল,ছেমচন কাৰ ফুলিব ভাগ্য?

শীঘ্ৰেই ভাৰতৰ টি-২০ বিশ্বকাপ দল আৰু আগন্তুক আইচিচি ইভেণ্টৰ বাবে সিদ্ধান্ত লোৱাৰ লক্ষ্যৰে আহমেদাবাদত বিচিচিআইৰ বাছনি সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব। সোমবাৰে ২৯ এপ্ৰিলত খবৰ আহিছিল যে এই বৈঠকখন আহমেদাবাদত হ’ব আৰু দল ঘোষণা ১ মে’ত সম্পন্ন কৰা হ’ব৷

হাৰ্দিক পাণ্ডিয়াৰ দুৰ্বল ফৰ্ম
হাৰ্দিক পাণ্ডিয়াৰ এম আইলৈ ঘূৰি অহাটো প্ৰভাৱী হ’ব বুলি আশা কৰা হৈছিল যদিও পৰিকল্পনা অনুসৰি কাম হোৱা নাই। যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ পাছত খেলপথাৰৰ পৰা আঁতৰি থকাৰ পাছত হাৰ্দিকে এম আইলৈ ঘূৰি আহি ৰোহিত শৰ্মাৰ পৰা অধিনায়কত্ব গ্ৰহণ কৰিছিল। অৱশ্যে বেট আৰু বলৰ সৈতে হাৰ্দিকৰ এই প্ৰদৰ্শনে এমআই আৰু নিৰ্বাচকসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।

এম আইৰ হৈ এতিয়ালৈকে ৯খন মেচত ১৫১.৫৩ৰ ষ্ট্ৰাইক ৰেট আৰু ২৪.৬৩ গড় ৰানেৰে ১৯৭ ৰান সংগ্ৰহ কৰিছে হাৰ্ডিকে।হাৰ্দিকৰ বলিঙৰ ক্ষেত্ৰতো চিন্তাৰ বিষয় হৈ পৰিছে কিয়নো এম আইৰ অধিনায়কগৰাকীয়ে বলিং কৰা ১৯ অভাৰত ২২৭ ৰান সংগ্ৰহ কৰি ১১ৰ ওপৰৰ ইকনমি ৰেট আছে৷

স্পিনাৰসকল
আই পি এলত পুনৰবাৰ নিজৰ ধাৰা অব্যাহত ৰাখিছে যুজবেন্দ্ৰ চাহালে, আৰু ৯খন মেচৰ পৰা ১৩টা উইকেট দখল কৰি পাৰ্পল কেপ ৰেংকিঙত শীৰ্ষ ৫ৰ পাছতে আছে। ২০২২ চনত চাহাল দলৰ অংশ আছিল যদিও দলটোৰ হৈ এখনো খেল খেলিবলৈ সুযোগ পোৱা নাছিল।

তদুপৰি কুলদীপ যাদৱে ৮খন মেচত ১২টা উইকেট দখল কৰিছে৷ ৰবীন্দ্ৰ জাদেজা আৰু ৰবি বিষ্ণোইৰ দৰে খেলুৱৈয়ে আইপিএল ২০২৪ত ধাৰাবাহিকতাৰ বাবে সংগ্ৰাম কৰি আহিছে।ৱেষ্ট ইণ্ডিজৰ পিটচসমূহ স্পিন ফ্ৰেণ্ডলী হ’ব বুলি আশা কৰা হৈছে যদিও বাছনি সমিতিয়ে প্ৰতিযোগিতাখনৰ বাবে তিনিজন বা চাৰিজন স্পিনাৰ বাছি ল’ব নেকি সেয়া সময়ত হ’ব লক্ষ্যণীয়।

অ’পেনাৰ আৰু কোহলীৰ ৰহস্য
ৰোহিত শৰ্মাই ভাৰতীয় দলটোক নেতৃত্ব দিব আৰু ইয়াৰ অৰ্থ হ’ল দলটোত এজন অ’পেনাৰৰ স্থান স্থিৰ হ’ব। অৰ্থাৎ বাকী থকা স্থানৰ বাবে যশস্বী জয়ছৱাল আৰু শুবমান গিলৰ মাজত নিৰ্বাচন কৰা হ’ব।

বিৰাট কোহলীয়ে আই পি এল ২০২৪ত বেটিং কৰি ৫০০ ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপৰ চাৰ্টত আগবাঢ়ি আছে। পৰিসংখ্যাগতভাৱে ষ্ট্ৰাইক ৰেট আৰু গড়ৰ ক্ষেত্ৰত ২০১৬ চনৰ পাছত এইটোৱেই হৈছে কোহলীৰ শ্ৰেষ্ঠ ছিজন য’ত তেওঁ ৯৭৩ ৰান সংগ্ৰহ কৰিছিল।কোহলীয়ে ৰোহিতৰ সৈতে অপেনিং কৰিব নে ৩ নং স্থানত আহিব সেয়া লক্ষণীয় হ’ব৷

ৰাহুল বনাম চেমচন বনাম পন্ত
দলত দুটা উইকেটকীপাৰৰ স্থান থাকিলেও আৰু এই মুহূৰ্তত ভাৰতৰ ৩জন প্ৰতিদ্বন্দ্বী আছে। ঋষভ পন্ত, সঞ্জু চেমছন আৰু কে এল ৰাহুল৷এই ছিজনত তিনিওজনৰে ৩৫০ ৰানতকৈ অধিক ৰান আছে৷ইয়াৰ উপৰিও সকলোৰে দৃষ্টি শিৱম ডুবে আৰু ৰিংকু সিঙৰ ওপৰতো থাকিব যে দুয়োজন খেলুৱৈয়ে টি-২০ বিশ্বকাপৰ ১৫ জনীয়া দলত স্থান লাভ কৰিবনে নকৰে!