পূৰ্বতকৈ বিগত বৰ্ষত দেশত বৃদ্ধি পাইছে বাঘৰ সংখ্যা। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে গত বৰ্ষৰ ব্যাঘ্ৰ লোকপিয়লৰ তথ্য। এই তথ্য অনুসৰি, ২০২২ চনত ভাৰতত বাঘৰ সংখ্যা আছিল ৩,১৬৭ টা।
তথ্য অনুসৰি, ইয়াৰ পূৰ্বে ব্যাঘ্ৰ লোকপিয়ল মতে ভাৰতত বাঘৰ সংখ্যা আছিল ক্ৰমে ২০০৬ চনত ১,৪১১ টা, ২০১০ চনত ১,৭০৬ টা, ২০১৪ চনত ২,২২৬ টা আৰু ২০১৮ চনত ২,৯৬৭ টা।
‘প্ৰজেক্ট টাইগাৰ’ৰ ৫০ তম বৰ্ষপূৰ্তি অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে ‘ইণ্টাৰনেচনেল বিগ কেট এলায়েন্স’ৰ শুভাৰম্ভ কৰে। ইয়াৰ জৰিয়তে বাঘ আৰু সিংহকে ধৰি বিশ্বৰ সাতটা মুখ্য ‘বিগ কেট’ প্ৰজাতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে আগন্তুক ২৫ বছৰত বাঘ সংৰক্ষণৰ দৃষ্টিভংগী উপস্থাপন কৰি ‘অমৃত কাল কা টাইগাৰ ভিজন’ নামৰ এখন পুস্তিকাও মুকলি কৰে।
উল্লেখ্য যে, চলিত বৰ্ষত ৫০ বছৰ পূৰ্ণ হোৱা এই ‘প্ৰজেক্ট টাইগাৰ’ ১৯৭৩ চনৰ ১ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আৰম্ভ কৰিছিল। ‘বিগ কেট’ প্ৰজাতিৰ বন্য জন্তুবিধৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছিল এই প্ৰকল্প।
আৰম্ভণিতে ৯ খন ব্যাঘ্ৰ সংৰক্ষণ এলেকাৰ জৰিয়তে আৰম্ভ কৰা এই প্ৰজেক্ট টাইগাৰ প্ৰকল্পৰ অধীনত এতিয়া সমগ্ৰ দেশত মুঠ ৫৩ খন ব্যাঘ্ৰ সংৰক্ষিত এলেকা আছে।