‘মন কী বাত’ত প্ৰধান মন্ত্ৰী মোদী : লকডাউনে সলনি কৰিছে দৃষ্টিভংগী, আৰক্ষীলৈয়ো আহিছে প্ৰশংসা

index-3-1-750x375

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

প্রধান মন্ত্রী নৰেন্দ্র মোদীয়ে আজি আকৌ এবাৰ তেওঁৰ ৰেডিঅ’ৰ কাৰ্যসূচী ‘মন কী বাত’ত দেশবাসীক সম্বোধন কৰে। প্ৰধান মন্ত্ৰী মোদীয়ে লকডাউনৰ সময়ত মানুহৰ দৃষ্টিভংগী সলনি হোৱা বুলি মন্তব্য কৰে।

সাধাৰণ লোকৰ মাজত চিকিৎসক, ছাফাইকৰ্মী বা আন সেৱাৰ লোকৰ প্ৰতিয়েই নহয়, আৰক্ষী ব্যৱস্থাৰ প্ৰতিও জনসাধাৰণৰ চিন্তা বহুত সলনি হৈছে বুলিও প্ৰধান মন্ত্ৰীয়ে দোহাৰে।

কৰ’না ভাইৰাছ সম্পৰ্কত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে আমাৰ দেশৰ খেতিয়কসকলে এই মহামাৰীৰ মাজতে নিজৰ খেতিত দিনে-ৰাতি পৰিশ্ৰম কৰিছে আৰু দেশৰ কোনেও যাতে ভোকত শুব লগা নহয় তাৰো চিন্তা কৰিছে।

প্ৰধান মন্ত্ৰীয়ে কয় যে প্ৰতিটো কঠিন মুহূৰ্তই, প্ৰতিখন যুদ্ধই কিবা নহয় কিবা শিক্ষা দিয়ে। কিছুমান অজানা কথা শিকাই থৈ যায়। সমগ্ৰ দেশবাসীয়ে যি সংকল্পৰ শক্তি দেখুৱালে তাৰ ফলত ভাৰতত এক নতুন পৰিৱৰ্তনৰো আৰম্ভণি ঘটিল।

তেওঁ কয় আমাৰ ব্যৱসায়, আমাৰ কাৰ্যালয়, আমাৰ শিক্ষা প্ৰতিষ্ঠানসমূহ, আমাৰ চিকিৎসা খণ্ড প্ৰত্যেকেই ক্ষিপ্ৰতাৰে নতুন কাৰিকৰী পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে।

গোটেই দেশৰ প্ৰান্তে প্ৰান্তে আজি মানুহো এজনে আনজনক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে। দৰিদ্ৰ লোকসকলৰ বাবে খাদ্যকে ধৰি সামগ্ৰীৰ ব্যৱস্থাই হওক, লকডাউন পালনৰ ক্ষেত্ৰতে হওক, হাস্পাতলৰ ব্যৱস্থা, চিকিৎসা সামগ্ৰী দেশত নিৰ্মাণকে ধৰি সকলোতে আজি সমগ্ৰ দেশ এক লক্ষ্য, এক গতিৰে সমানে সমানে আগবাঢ়িছে।

তাৎপৰ্যপূৰ্ণভাৱে প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজখন সঁচা অৰ্থত জনসাধাৰণে পৰিচালিত কৰিছে। ভাৰতত কৰ’নাৰ বিৰুদ্ধে যুঁজখন জনসাধাৰণে চলাইছে। জনসাধাৰণৰ সৈতে মিলি চৰকাৰ, প্ৰশাসনে যুঁজিছে।

প্ৰধান মন্ত্ৰীয়ে কয় যে আমি ভাগ্যৱান কিয়নো আজি গোটেই দেশ, দেশৰ প্ৰতিজন নাগৰিক, ব্যক্তি এই যুঁজখনৰ সৈনিক আৰু যুঁজখনৰ নেতৃত্ব দি আছে।