কুকুৰ, কুকুৰ, কেৱল কুকুৰ…দেশৰ
সৰু-বৰ যিকোনো অঞ্চলৰ যিপিনেই চায় দেখিব এটা হ’লেও কুকুৰ।
দেশত থকা গৰাকী বিহীন কুকুৰৰ সংখ্যা হৈছে ৬০ নিযুত।
এই কুকুৰ বোৰে এতিয়া অস্তিত্বৰ সংকট নমাই আনিছে দেশৰ বনৰীয়া চৰাই-চিৰিকতি তথা জন্তু সমূহলৈ।
দেশত প্ৰতি বছৰে চোৰাং চিকাৰীয়ে যিমান সংখ্যক বন্য জীৱ-জন্তু নিধন কৰে তাতোকৈ যেন বেছি প্ৰাণী হত্যা কৰে অলিয়ে-গলিয়ে ঘূৰি ফুৰা গৰাকী বিহীন কুকুৰ বোৰে।
শেহতীয়া সমীক্ষাই সেই কথা স্পষ্ট কৰি দিছে। ভাৰতত কুকুৰ নাই ক’ত?
লাডাখৰ বৰফৰ পৰা থৰ মৰুভূমিলৈ সকলো ঠাইতেই কুকুৰৰ বিচৰণ।
সমুদ্ৰপৃষ্ঠৰ পৰা ১১ হাজাৰ ফুট উচ্চতাত অৱস্থিত লাডাখত থকা কুকুৰৰ সংখ্যা হৈছে প্ৰায় ৩০০০ টা।
লাডাখ ভূমিৰ হিমালয়ৰ অৰণ্যত বাস কৰা বহু প্ৰাণীৰ সংখ্যা কমি অহাৰ প্ৰধান কাৰণ হৈছে গৰাকী বিহীন কুকুৰ।
প্ৰকৃতি সংগঠনৰ কৰ্মী নীৰজ মেহাৰে প্ৰকাশ কৰা অনুসৰি কাশ্মীৰৰ আপুৰুগীয়া চৰাই ব্লেক নেকড ক্ৰেণ বিলুপ্তিৰ দিশলৈ গতি কৰাৰ প্ৰধান কাৰণ হৈছে কুকুৰ।
কুকুৰে এই চৰাইৰ কণী আৰু পোৱালি ভক্ষণ কৰাৰ ফলত চৰাইবিধৰ সংখ্যা পূৰ্বতকৈ ২৯ শতাংশ কমিছে।
ৰাজস্থানৰ জাতীয় চৰাই চিংকাৰাৰ বিলুপ্তপ্ৰায় অৱস্থাৰ বাবেও কুকুৰেই দায়ী।
প্ৰকৃতি সংগঠনৰ কৰ্মী সুমিত ডকিয়াৰ মতে থৰ মৰুভূমিত কুকুৰে হত্যা কৰি গৈছে বহু প্ৰাণী।