অসমৰ অসমীয়াভাষী লোকসকলৰ লগতে সদৌ বৈধ অসমবাসী এক বিশেষ ঐতিহাসিক সন্ধিক্ষণত আহি উপস্থিত হৈছে। এই সন্ধিক্ষণৰ কেবাটাও তাৎপৰ্যময় বিশেষত্ব দেখা গৈছে। এক, সংশ্লিষ্ট বেছিভাগ লোকেই পৰিস্থিতিৰ গুৰুত্ব আৰু বিপদ সম্পৰ্কে অচেতন হৈ আছে। দুই, “অসমীয়া” আৰু “খিলঞ্জীয়া” এই দুই পৰিচয়ৰ মাজত এক সুস্পষ্ট ব্যৱধান জাজ্বল্যমান হৈ উঠিছে। তিনি, এই দুই পৰিচয়ৰ কোনটোক প্ৰাথমিক অগ্ৰাধিকাৰ দি আগ বাঢ়িব লাগিব, তাক সংশ্লিষ্ট সচেতন মহলেও সৰ্বজনগ্ৰাহ্যভাৱে ঠাৱৰ কৰি দিব পৰা নাই।
অসমীয়া ভাষা কোৱা আৰু অসমীয়াক নিজৰ মাতৃভাষা বুলি পৰিচয় দিয়া সমুদায় লোকসমষ্টিক সম-অধিকাৰ আৰু সম-মৰ্যাদা দি গণতান্ত্ৰিকভাৱে এক বলৱান বৃ্হত্তৰ অসমীয়া জাতি নিৰ্মাণৰ হকে কাম কৰা যায় নে ভাষিক পৰিচয়েৰে অসমীয়া আৰু অসমত বহুকাল আগৰে পৰা থকা “খিলঞ্জীয়া” মানুহৰ ভূমি, ভাষা, সংস্কৃতি, সংস্থান আদিৰ অধিকাৰ সুৰক্ষিত কৰাৰ পক্ষে কাম কৰা যায়?
দ্বিতীয়টো অৱস্থানৰ সমস্যাবোৰ প্ৰথমে আলোচনা কৰা যাওক। “খিলঞ্জীয়া” মানে কাৰ কথা কোৱা হ’ব? ১৯৫১ চনত যিসকল অসমত আছিল সেইসকল নে ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ সময়ত যিসকল আছিল সেইসকল? প্ৰথমটো চনকে ভিত্তিবৰ্ষ বুলি ধৰি লোৱা হ’লে সেই বৰ্ষৰ কিবা পূৰ্ণাংগ নথিৰ প্ৰয়োজন হ’ব। পিছে, ১৯৫১ চনৰ নাগৰিকপঞ্জীকে ধৰি তেতিয়াৰ কোনো নথিয়েই পূৰ্ণাংগ নহয় আৰু আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তৈয়াৰ কৰোতে যি বিৰাট আৰু বিতৰ্কিত কৰ্মকাণ্ড হৈছে, তাতোকৈ বিৰাট আৰু বিপজ্জনক কাম হ’ব ‘ৰাজ্যিক খিলঞ্জীয়াপঞ্জী’ তৈয়াৰ কৰা। আকৌ, ১৮২৬ চনকে ভিত্তিবৰ্ষ হিচাপে ধৰিলে কেৱল মিঞাই নহয়, চাহ জনগোষ্ঠী আৰু নেপালী মানুঽৰো অধিকাংশ খিলঞ্জীয়াৰ আউতিৰ পৰা আঁতৰি যাব। ১৮২৬-ক ভিত্তিবৰ্ষ হিচাপে লৈ খিলঞ্জীয়াপঞ্জী তৈয়াৰ কৰাৰ কামো প্ৰায় অসম্ভৱ হৈ পৰিব।
তদুপৰি বহু খিলঞ্জীয়া আৰু ভূমিপুত্ৰ-ভূমিপুত্ৰী অসমৰ ভৌগোলিক সীমাৰ বাহিৰ হৈ পৰিছে আৰু সীমাৰ ভিতৰতো বহুতেই ভাষিকভাৱে, জাতীয়ভাৱে, অসমীয়াৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। গতিকে খিলঞ্জীয়াৰ আউতিৰ পৰা মিঞা আৰু চাহ জনজাতিক বাদ দিলে অসমীয়াভাষী হিচাপে খিলঞ্জীয়াসকল আজি সংখ্যালঘু। অৰ্থাৎ মাত্ৰ নিজৰ সংখ্যাৰ জোৰতে অসমীয়াক ৰাজ্যখনৰ এক নম্বৰ ভাষা হিচাপে ধৰি ৰখাৰ সংখ্যাগত শক্তি এইখিলঞ্জীয়াৰ নাই। গতিকে খিলঞ্জীয়াৰ সাৰ্বিক সুৰক্ষাৰ স্বাৰ্থত সাংবিধানিক ৰক্ষাকৱচ হাচিল কৰাৰ ৰাজনীতিৰ পৰিণামস্বৰূপে অখিলঞ্জীয়া বুলি চিহ্নিত কিন্তু অসমীয়াক মাতৃভাষাৰূপে পৰিচয় দিয়া জনসমষ্টিবোৰ অসমীয়াৰ পৰা ক্ৰমশঃ আঁতৰি যোৱাৰ আৰু তাৰো ফলত অসমীয়া সংখ্যালঘুৰ ভাষাত পৰিণত হোৱাৰ বিপদ এটা নাইনে?
আকৌ, সাংবিধানিক ৰক্ষাকৱচে খিলঞ্জীয়াৰ ভাষা, সংস্কৃতি, ভূমিৰ অধিকাৰ, সংস্থানৰ অধিকাৰ আদি চিৰকাললৈ বা বহুকাললৈ নিৰাপদ কৰি ৰাখিব বুলি আশ্বস্ত হ’ব পাৰিনে? গণতন্ত্ৰৰ চোলা পিন্ধি ৰাষ্ট্ৰই যিদৰে স্বৈৰতন্ত্ৰ-সুলভ কাম কৰি আহিছে, যিদৰে জনগণৰ দাবী, প্ৰতিবাদ আদি নেওচি আহিছে, তাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰই আজি দিয়া ৰক্ষাকৱচ কাইলৈ কাঢ়ি নিনিব বুলি কিবা ভৰসা আছেনে? কাশ্মীৰৰ ক্ষেত্ৰতো আমি দেখিলোঁ কিদৰে সাংবিধানিকভাৱে দিয়া বিশেষ ৰাজ্যৰ মৰ্যাদা দেশীয় অখণ্ডতা, উন্নয়ন আদিৰ গইনা লৈ কাঢ়ি লোৱা হ’ল। তেন্তে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিয়ে হওক বা আন কিবা উপায়েৰেই হওক অসমৰ খিলঞ্জীয়াক যি সাংবিধানিক ৰক্ষাকৱচ দিয়া হ’ব, সেয়া নজহা-নপমা বস্তু হ’ব বুলি কেনেকৈ ডাঠি ক’ব পাৰি? অসম-চুক্তিৰ কথা বেদবাক্য নহয় বুলি দুই-এক প্ৰাজ্ঞ ৰাজিনীতিকেতো কৈয়েই থাকে! এক-দুই দশকৰ পিছত পৰিস্থিতি এনেকুৱা হ’ব নেকি যে খিলঞ্জীয়াৰ ৰক্ষাকৱচো কিবা নতুন পৰিস্থিতি সাপেক্ষে নাইকিয়া কৰা হ’ল আৰু ইতিমধ্যে ৰক্ষাকৱচৰ ৰাজনীতিৰ প্ৰভাৱত নিজক অসমীয়া বুলি পৰিচয় দি অহা বহুতেই অসমীয়াৰ পৰা আঁতৰি যোৱাত অসমীয়া জাতি আৰু ভাষাৰো অৱস্থা শোচনীয় হৈ পৰিল? ইকূলো ৰক্ষা নপৰিল, সিকূলো ৰক্ষা নপৰিল।
আমি অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি আৰু অধিকাৰ বিপন্ন হোৱাটো নিবিচাৰোঁ। কিন্তু, আজিৰ ঐতিহাসিক পৰিস্থিতিৰ পৰিহাসময় বৈশিষ্ট্য এয়ে যে একান্তই খিলঞ্জীয়াৰ ৰাজনীতিৰে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ’ব নোৱাৰে। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ’ব লাগিলে উদাৰ গণতান্ত্ৰিক চেতনাৰ ভিত্তিত বৃ্হত্তৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়াক নকৈ বলৱান কৰিব লাগিব, অসমীয়াক বলৱন্ত আৰু ঐক্যবদ্ধ জাতি হিচাপে গঢ়িব লাগিব, ভাষাটোকো সংখ্যাগৰিষ্ঠৰ ভাষাৰ মৰ্যাদা দি ৰাখিব পাৰিব লাগিব। এক শক্তিশালী ভাষিক জাতিৰ উপস্থিতিত ৰাষ্ট্ৰ আৰু বৃ্হৎ পুঁজিৰ যৌথ অৱ্দমন প্ৰতিহত কৰা সুচল আৰু এনে অৱ্দমনৰ প্ৰতিৰোধে খিলঞ্জীয়া-অখিলঞ্জীয়া সকলোৰে বুনিয়াদী জনতাৰ কল্যাণ সাধিব।
বৃ্হৎ পুঁজিৰ স্বাৰ্থত ৰাষ্ট্ৰই আৰু হিন্দুত্ববাদৰ স্বাৰ্থত চৰকাৰে বিচাৰে যে ভাষা-ভিত্তিক অসমীয়া জাতি দুৰ্বল হওক। সেয়েহে খিলঞ্জীয়া আৰু অখিলঞ্জীয়া অসমীয়াৰ বা অসমবাসীৰ এক বিভাজন এইবোৰ শক্তিয়ে মনে-প্ৰাণে বিচাৰে। বিভাজনৰ সেই অভীষ্ট পূৰণ কৰিবলৈকে এই শক্তিসমূহে খিলঞ্জীয়াৰ ৰক্ষাকৱচৰ টোপ আগ বঢ়াই দিছে আৰু দিব। ৰক্ষাকৱচৰ কৌশলেৰে নিৰ্মীয়মাণ অসমীয়া জাতিক ভাগ ভাগ কৰা হ’ব আৰু ভৱিষ্যতে কিবা আহুকাল হ’লে সেই ৰক্ষাকৱচ ৰক্ষা কৰা নহ’ব, কৰ্ণৰ কৱচ ইন্দ্ৰই কাঢ়ি নিয়াৰ দৰে কাঢ়ি নিয়া হ’ব। এই সম্ভাৱনা যে কল্পনাবিলাস নহয়, কাশ্মীৰৰ শেহতীয়া ঘটনাৱলী তাৰ প্ৰমাণ।
খিলঞ্জীয়া-অখিলঞ্জীয়া সকলো বৈধ অসমবাসীৰ আচল ৰক্ষাকৱচ হৈছে ঐক্য-সংহতিৰে, গণতান্ত্ৰিক প্ৰমূল্যৰ ভিত্তিত, এক শক্তিশালী, সংগ্ৰামী জাতিৰ নিৰ্মাণ। এনে জাতিয়ে নিজ ৰাজ্যৰ বা অঞ্চলৰ সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰে, নিয়ন্ত্ৰণ কায়েম ৰাখিব পাৰে আৰু জোক-তেজপিয়া আদিৰ প্ৰকোপ কমাই জাতীয় অৰ্থনীতি গঢ়িব পাৰে। তেনে জাতিক ৰাষ্ট্ৰয়ো সমীহ কৰে আৰু তেনে জাতিৰ মানুহে জোক-তেজপিয়া দলৰ উচ্ছিষ্টৰ ভাগ বিচাৰি নানাৰঙী সৰু সৰু ‘পৰিচয়’ভিত্তিক ৰাজনীতি কৰাৰ দৰকাৰ নপৰে, কণা-মুনাকৈ যাকে-তাকে নিজ স্বাৰ্থৰ শত্ৰু গণ্য কৰাৰ প্ৰয়োজন নহয়।
অখিলঞ্জীয়া বুলি পৰিগণিত মানুহেও, বিশেষকৈ মিঞা মানুহেও, পাহৰিব নালাগে যে নেতিবাচক প্ৰৰোচনাৰ প্ৰভাৱত বৃ্হত্তৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ পৰা তেওঁলোক যদি আঁতৰি যায়, তেন্তে তেওঁলোকৰ দুৰ্দশা বাঢ়িব -ৰাষ্ট্ৰ আৰু বৃ্হৎ পুঁজিৰ হাতত তেওঁলোক হৈ পৰিব আগতকৈও বেছি অসহায় ক্ৰীড়নক। আকৌ, ৰক্ষাকৱচৰ টোপত আশ্বস্ত হৈ খিলঞ্জীয়া অসমীয়াই যদি অসমীয়া জাতিৰ বাবে বিপজ্জনক ‘কেব’ৰ কেঁকোৰা-চেপা মানি ল’বলৈ সাজু হয়, তেন্তে সেয়া হ’ব আত্মহত্যাৰ সমান। মুঠতে, ‘অসমীয়া’ৰ ৰাজনীতিহে সকলোৰে পক্ষে কল্যাণকৰ – কি খিলঞ্জীয়া, কি অখিলঞ্জীয়া।
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা
ইমেইল : [email protected]